গুৱাহাটী, 25 ছেপ্টেম্বৰ : মহানগৰীত বৰ্তমানো অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস । শুকুৰবাৰে মালিগাঁৱত সংঘটিত হয় এনে এক ঘটনা । বেংকত ধন জমা কৰিবলৈ অহা এজন যুৱকৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিয়ে 2 লাখ টকা ৷ উল্লেখ্য যে, পালচাৰ বাইকত অহা দুই দুৰ্বৃত্তই যুৱকজনৰ পৰা কাঢ়ি নিয়ে ২ লাখ টকা ।
মালিগাঁৱৰ ১নং গেটত অৱস্থিত HDFC বেংকৰ সন্মূখত সংঘটিত হৈছে এই ঘটনা ৷ ঘটনা অনুসৰি আয়াতুল্লা আজমী নামৰ এগৰাকী যুৱকে HDFC বেংকৰ মালিগাঁও শাখাত ধন জমা থবলৈ আহিছিল । কিন্তু বেংকৰ কিছু সমস্যাৰ বাবে ধন জমা কৰিব নোৱাৰাত ঘৰলৈ বুলি ওলাই অহাত যুৱকজনৰ হাতৰ পৰা নগদ ধনখিনি কাঢ়ি নিয়ে দুৰ্বৃত্তই । উল্লেখযোগ্য যে, পূৰ্বেও একে স্থানতে কেইবাবাৰো সংঘটিত হৈছে এনেধৰণৰ চুৰিকাণ্ড । জালুকবাৰী আৰক্ষী থানাৰ সমীপত বাৰম্বাৰ হৈ থকা এনে ঘটনাই নিৰাপত্তাৰ প্ৰকৃত স্বৰূপ উদঙাইছে দিছে ।
লগতে পঢ়ক :বিশিষ্ট সংগীত শিল্পী এছ. পি. বালাসুব্ৰমনিয়ামৰ দেহাৱসান