ETV Bharat / state

গুৱাহাটীত ১৪ দিনৰ বাবে ঘোষনা কৰা লক্​ ডাউন একপক্ষীয় : ৰিপুন বৰা - Ripun bora latest news

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই গুৱাহাটী মহানগৰীত চৰকাৰে ঘোষণা কৰা লক্​ ডাউন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শনিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি ৰিপুন বৰাই কয় গুৱাহাটী মহানগৰীত চৰকাৰে ১৪ দিনৰ বাবে ঘোষনা কৰা লক্​ ডাউন সম্পূৰ্ণ একপক্ষীয়।

Ripun bora pressmeet
গুৱাহাটী
author img

By

Published : Jun 27, 2020, 7:20 PM IST

গুৱাহাটী, 27 জুন : মহানগৰীত চৰকাৰে ঘোষণা কৰা লক্​ ডাউন সন্দৰ্ভত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷ সংবাদ মেলত তেওঁ কয় যে, আমিও কৰ'ণা ভাইৰাছ নিৰ্মূল হোৱাটো বিচাৰো আৰু আমি চৰকাৰৰ সকলো সিদ্ধান্তক সমৰ্থন জনাই আহিছো ৷ কিন্তু ৰাজ্য চৰকাৰে কোনো ৰাজনৈতিক দল তথা সংগঠনৰ লগত আলোচনা নকৰাকৈ একপক্ষীয়ভাৱে লক্​ ডাউন ঘোষণা কৰিলে। চৰকাৰে বিচাৰিলে সকলো ৰাজনৈতিক দল-সংগঠনৰ লগত আলোচনা কৰিব পাৰিলেহেতেন । চৰকাৰে অপৰিকল্পিত সিদ্ধান্ত গ্ৰহণ কৰি লক্​ ডাউন ঘোষণা কৰিলে । গুৱাহাটীবাসীয়ে লক্​ ডাউনৰ পূৰ্বে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাৰ বাবে দুদিন সময় পাইছে যদিও টাউন এলেকা সমূহত ৰাইজক সামগ্ৰী ক্ৰয় কৰিব সময় নিদিলে চৰকাৰে ।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীবাসীক ১৪ দিনৰ সামগ্ৰী ক্ৰয় কৰিবলৈ কৈছে কিন্তু দিন হাজিৰা কৰা সকলে কেনেকৈ ১৪ দিনৰ খাদ্য সামগ্ৰী ক্ৰয় কৰিব বুলি সংবাদ মেলত প্ৰশ্ন কৰে ৰিপুন বৰাই ? পূৰ্বে কেন্দ্ৰ চৰকাৰে ঘোষণা কৰা লক্​ ডাউনৰ সময়ত গেলামাল দোকানসমূহ খোলা ৰাখিছিল কিন্তু এইবাৰ গেলামাল দোকানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ দিছে, এনে ক্ষেত্ৰত দুখীয়া ৰাইজ সমস্যাত পৰিব বুলিও মন্তব্য প্ৰকাশ কৰে ৰিপুন বৰাই। দেশৰ অন্যান্য ৰাজ্য সমূহে এটা ব্যৱস্থাৰ মাধ্যমেৰে দোকান-বজাৰ, অনুষ্ঠান-প্ৰতিষ্ঠান সমূহ খোলাৰ ব্যৱস্থা কৰিছে কিন্তু অসম চৰকাৰে হুৰমুৰকৈ সিদ্ধান্ত গ্ৰহণ কৰি আছে বুলিও মন্তব্য কৰি চৰকাৰক সমালোচনা কৰে ৰিপুন বৰাই।

গুৱাহাটী

লগতে পঢ়কঃ চীনা উৎপাদিত সামগ্ৰী বৰ্জনত সক্ষম হ'বনে ভাৰত ?

গুৱাহাটীত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীবাসীয়ে সামাজিক দূৰত্ব বজাই নৰখা বুলি কৰা মন্তব্যৰ সন্দৰ্ভত ৰিপুন বৰাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপুনি সামাজিক দূৰত্ব মানিছে নে বুলিও প্ৰশ্ন কৰে ? ইয়াৰোপৰি মণিপুৰৰ পৰা চাৰিগৰাকী বিধায়কক লৈ আনি গুৱাহাটীত ৰাখিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, নিজে হাজাৰ হাজাৰ মানুহ লৈ মিটিং কৰে, মুখ্যমন্ত্ৰীয়েও নিজে তেনে মিটিং কৰিছে কিন্তু আপুনি খোদ কোৱাৰেণ্টাইনলৈ গৈছে নে বুলি সংবাদ মেলৰ জৰিয়তে প্ৰশ্ন কৰে বিৰোধী নেতাগৰাকীয়ে ৷ মহাৰাষ্ট্ৰ, দিল্লী, গুজৰাটত লক্​ ডাউন শিথিল কৰি কৰ'ণা ভাইৰাছৰ হটস্পট সমূহ কণ্টেইমেণ্ট জ'ন কৰি ৰখা হৈছে ইয়াৰ বিপৰীতে গুৱাহাটীত সম্পূৰ্ণ লক্​ ডাউন কৰি চৰকাৰখনে ৰাজনৈতিক প্রতিদ্বন্দ্বীক প্ৰতিৰোধ কৰিবলৈ চেষ্টা চলাইছে বুলিও অভিযোগ উত্থাপন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

চৰকাৰে হঠাতে ঘোষণা কৰা লক্​ ডাউনৰ ফলত সামগ্ৰীৰ অত্যাধিক মূল্য বৃদ্ধি হৈছে। কোনো সামগ্ৰীৰে বজাৰত মূল্যৰ নিয়ন্ত্ৰণ নাই বুলিও মন্তব্য কৰি সোণোৱাল চৰকাৰৰ যোগানমন্ত্ৰী গৰাকীকো তীব্ৰ সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.