ETV Bharat / state

"অহা ৬ মাহৰ ভিতৰত ভয়ংকৰ মন্দাৱস্থা হ'ব দেশৰ অৰ্থনীতিত " - ৰিপুণ বৰা

author img

By

Published : Aug 21, 2019, 6:57 PM IST

"বিজেপিৰ শাসনকালত চলিত বছৰৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈ দেশৰ জি ডি পি ২০ শতাংশ হ্ৰাস পাইছে ৷ অহা ৬ মাহৰ ভিতৰত দেশৰ অৰ্থনৈতিক অৱস্থা মন্দা হ'ব । নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ শাসন কালত দেশৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হৈছে। বি এছ এন এল আৰু এল আই চিকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ অৱস্থা এতিয়া শোচনীয়।"- বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য ৰিপুণ বৰাৰ ৷

"অহা ৬ মাহৰ ভিতৰত দেশৰ অৰ্থনৈতিক অৱস্থা মন্দা হ'ব" - ৰিপুন বৰা

গুৱাহাটী,21আগষ্টঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি দেশৰ অৰ্থনৈতিক অৱস্থাৰ ছবি দাঙি ধৰি মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে । ৰিপুণ বৰাই সংবাদমেলত দেশৰ অৰ্থনৈতিক অৱস্থাৰ তথ্য দাঙি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে বিমুদ্ৰাকাৰণ প্ৰদানমন্ত্ৰী মোদীৰ এক ভুল সিদ্ধান্ত আছিল । বিমুদ্ৰাকৰণৰ বাবে দেশত নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাইছে বুলি উল্লেখ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে ।

"অহা ৬ মাহৰ ভিতৰত দেশৰ অৰ্থনৈতিক অৱস্থা মন্দা হ'ব" - ৰিপুন বৰা

তেওঁ লগতে কয় যে বিমুদ্ৰাকৰণৰ পিছত দেশত ৬ শতাংশ হাৰত নিবনুৱা সমস্যা বৃদ্ধি পাইছে, যিটো বিগত ৪৫ বছৰত সৰ্ববৃহৎ । ইপিনে অনাগত ২ মাহত দেশত ১০ লাখ লোকে চাকৰি হেৰুৱাব, বৰ্তমান ৩ লাখ লোকে চাকৰি হেৰুৱাইছে আৰু ৭ লাখ লোক দুমাহৰ ভিতৰত চাকৰি হেৰুৱাব বুলি প্ৰকাশ কৰে ৰিপুণ বৰাই ।

আনহাতে কৃষিকাৰ্যত ব্যৱহাৰ হোৱা ট্ৰেক্টৰৰ বিক্ৰী ১৪ শতাংশ হ্ৰাস পোৱাটো দেশৰ কৃষিখণ্ডৰ বাবে এক বেয়া ইংগিত বুলিও উল্লেখ কৰে ৰিপুণ বৰাই । লগতে জানিবলৈ দিয়ে যে দেশত নতুন প্ৰকল্পত বিনিয়োগ প্ৰায় ৭৯ শতাংশলৈ কমিছে । চৰকাৰে কোনো ধৰণৰ নতুন প্ৰকল্প আৰম্ভ কৰা নাই আৰু অৰ্থৰ অভাৱত চৰকাৰে আৰম্ভ কৰা প্ৰকল্প সমূহৰ ৩০ শতাংশ প্ৰকল্পৰ কাম বন্ধ হৈ আছে বুলি জানিবলৈ দিয়ে ৰিপুণ বৰাই ।

Intro:অহা ৬ মাহৰ ভিতৰত দেশৰ অৰ্থনৈতিক অৱস্থা মন্দা হ'ব । নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ শাসন কালত দেশৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হৈছে। বি এছ এন এল আৰু এল আই চিকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ অৱস্থা এতিয়া শোচনীয়।

Body:অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই আজি ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি দেশৰ অৰ্থনৈতিক অৱস্থাৰ ছবি দাঙি ধৰি মোদী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে। ৰিপুন বৰাই সংবাদমেলত দেশৰ অৰ্থনৈতিক অৱস্থাৰ তথ্য দাঙি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে বিমুদ্ৰাকাৰণ প্ৰদানমন্ত্ৰী মোদীৰ এক ভুল সিদ্ধান্তৰ আছিল। বিমুদ্ৰাকৰণৰ বাবে দেশত নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাইছে বুলি উল্লেখ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে। বিমুদ্ৰাকৰণৰ পিছত দেশত ৬ শতাংশ হাৰত নিবনুৱা সমস্যা বৃদ্ধি পাইছে যিটো বিগত ৪৫ বছৰত সৰ্ববৃহৎ। অনাগত ২ মাহত দেশত ১০ লাখ লোকে চাকৰি হেৰুৱাব, বৰ্তমান ৩ লাখ লোকে চাকৰি হেৰুৱাইছে আৰু ৭ লাখ লোক দুমাহৰ ভিতৰত চাকৰি হেৰুৱাব বুলি প্ৰকাশ কৰে ৰিপুন বৰাই। দেশৰ অৰ্থনীতিৰ মেৰুদণ্ড হিচাপে চিহ্নিত অটোমোবাইল উদ্যোগটো ২৩.৩ শতাংশ হ্ৰাস পাইছে। কৃষিকাৰ্যত ব্যৱহাৰ হোৱা ট্ৰেক্টৰৰ বিক্ৰী ১৪ শতাংশ হ্ৰাস পোৱাটো দেশৰ কৃষিখণ্ডৰ বাবে এক বেয়া সংকেত বুলি কয় ৰিপুন বৰাই। বিজেপিৰ শাসনকালত চলিত বছৰৰ জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈ দেশৰ জি ডি পি ২০ শতাংশ হ্ৰাস পাইছে। খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে মুদ্রাস্ফীতি হাৰ বিগত ৯ মাহত ৩.২ শতাংশ বৃদ্ধি পাইছে। বৰাই লগতে জানিবলৈ দিয়ে যে দেশত নতুন প্ৰকল্পত বিনিয়োগ প্রায় ৭৯ শতাংশ কমিছে। চৰকাৰে কোনো ধৰণৰ নতুন প্ৰকল্প আৰম্ভ কৰা নাই আৰু অৰ্থৰ অভাৱত চৰকাৰে আৰম্ভ কৰা প্ৰকল্প সমূহৰ ৩০ শতাংশ প্ৰকল্পৰ কাম বন্ধ হৈ আছে। বি এছ এন এল আৰু এল আই চিকে ধৰি কেইবাটাও প্ৰতিষ্ঠানৰ অৱস্থা এতিয়া শোচনীয় বুলিও জানিবলৈ দিয়ে ৰিপুন বৰাই।

বাইট : ৰিপুন বৰা, সভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটি

Conclusion:দেশৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হোৱাৰ ফলত মানুহৰ হাতত ধনৰ অভাৱ ঘটিছে। দেশৰ ৩০খন প্ৰধান চহৰত ১৩ লাখ অবাসগৃহ নিৰ্মিত হৈ আছে যদিও অবাসগৃহ সমূহ ৰাইজ ক্ৰয় কৰিবলৈ সক্ষম হোৱা নাই অৰ্থৰ অভাৱত। বিজেপিয়ে দেশৰ বৰ্তমানৰ অৰ্থনৈতিক অৱস্থাৰ পৰা দেশবাসীৰ দৃষ্টি আঁতৰাই ৰাখিবলৈ বিভিন্ন ধৰণৰ ইছ্যুৰ জন্ম দিছে বুলি অভিযোগ উত্থাপন কৰে ৰিপুন বৰাই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.