ETV Bharat / state

কাইলৈ ৰাজ্যসভা নিৰ্বাচন: জয়ী হোৱাৰ দাবী ৰিপুণ বৰাৰ - ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছ এআইইউডিএফ

বৃহস্পতি বাৰে ৰাজ্যত ৰাজ্যসভাৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী ৰিপুণ বৰাই পুনৰ নিশ্চিতি দিলে যে তেও জয়ী হ’বই (Ripun Bora demands victory in Rajya Sabha elections)৷ মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এ আই ইউ ডি এফ দলক বিস্বাসঘাতক আখ্যা দিয়াৰ পিছতো বুধবাৰে বিৰোধীৰ ৪৩ গৰাকী বিধায়কে ৰিপুন বৰাৰ সমৰ্থনতে ভোটদান কৰিব বুলি প্ৰাৰ্থীগৰাকীয়ে মন্তব্য কৰিলে ৷

Ripun Bora on Rajya Sabha Election
জয়ী হোৱাৰ দাবী ৰিপুণ বৰাৰ
author img

By

Published : Mar 30, 2022, 3:24 PM IST

গুৱাহাটী, ৩০ মাৰ্চ: "বিৰোধীৰ ৪৩ গৰাকী বিধায়ক আছে, গতিকে আমাৰ বিজয় নিশ্চিত"। ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে বুধবাৰে পুণৰ এই দাবী কৰিলে বিৰোধীৰ সন্মিলিত প্ৰাৰ্থী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰিপুণ বৰাই (Ripun Bora demands victory in Rajya Sabha elections)। কাইলৈ ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব । তাৰ পূৰ্বেই ৰাজ্যত ৰাজ্যসভাকেন্দ্ৰিক ৰাজনীতি জমি উঠিছে ।

মঙলবাৰে অতি লক্ষণীয়ভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক বিস্ফোৰক মন্তব্য কৰি দাবী কৰিছিল যে, এ আই ইউ ডি এফে বিস্বাসঘাতকতা কৰিছে । বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰ পাচজন বিধায়ক ইতিমধ্যে বিজেপিৰ হাতত বিক্ৰী গৈছে বুলি মন্তব্য কৰি ভূপেন বৰাই এ আই ইউ ডি এফক বিশ্বাসঘাতকৰ দল বুলি আখ্যা দিছিল । স্বাভাৱিকতে দলৰ সভাপতিগৰাকীৰ এনে ধৰণৰ মন্তব্যই এতিয়া বাৰুকৈয়ে বিমোৰত আৰু অস্বস্তিত পেলাইছে কংগ্ৰেছ প্ৰক্ষেপিত বিৰোধী প্ৰাৰ্থী ৰিপুণ বৰাক ।

জয়ী হোৱাৰ দাবী ৰিপুণ বৰাৰ

যাৰ বাবে বুধবাৰে সাংবাদিকে এই বিষয়টো উত্থাপন কৰাৰ লগে লগেই তেওঁ কৌশলেৰে বিষয়টো এৰাই চলে । সাংবাদিকৰ প্ৰশ্ন আছিল- "ভূপেন বৰাৰ এনে মন্তব্যৰ জড়িয়তে ৰিপুণ বৰাক ৰাজনৈতিকভাৱে হত্যা কৰা হ'ল নেকি ?" ৰিপুণ বৰাৰ কৌশলী উত্তৰ - "সেইটো এটা বেলেগ কথা । কিন্তু এই নিৰ্বাচনটো আমাৰ বাবে হ’ব সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে আৰু গণতন্ত্ৰ ৰক্ষাৰ সপক্ষে ।"

লগতে পঢ়ক: Rajya Sabha Election: কংগ্ৰেছক বিশ্বাসঘাটকতা কৰিলে এ আই ইউ ডি এফে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.