ETV Bharat / state

সংবাদমেল যোগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক থকা সৰকা ৰিপুন বৰাৰ - ক্ষতিগ্ৰস্ত

২০১৪ ত অসমত কংগ্ৰেছৰ চৰকাৰ আছিল আৰু দিল্লীত আছিল বিজেপি চৰকাৰ । সেইবছৰ বানত ৰাজ্যখনত ৪০ লাখ লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৭০ জন লোকৰ মৃত্যু ঘটিছিল । তেতিয়াৰ ৰাজ্য চৰকাৰে এই ক্ষতিপূৰণৰ বাবে কেন্দ্ৰৰ পৰা ৯,৩৭০ কোটি টকা বিচাৰি প্ৰস্তাৱ দিছিল যদিও কেন্দ্ৰই এটকাও নিদিলে । একেদৰে, ২০১৫ৰ বানপানীৰ সময়ত তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন অসম চৰকাৰে দিল্লীৰ পৰা ২,১০০ কোটি টকা বিচাৰিছিল যদিও সেয়াও কেন্দ্ৰই নিদিলে । আনটো বাদেই,২০১৬ চনত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত অহা ভয়ংকৰ বানত হোৱা ক্ষয়-ক্ষতিৰ বাবদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰৰ পৰা বিচৰা ৫,০৩৬ কোটি টকাৰো এপইচাও মোদী চৰকাৰে নিদিলে

Ripun Bora criticizes State and Central Government
সংবাদমেল যোগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক থকা সৰকা ৰিপুন বৰাৰ
author img

By

Published : Jul 22, 2020, 6:14 PM IST

গুৱাহাটী,২২ জুলাইঃ অসমৰ বান সমস্যাক লৈ দিল্লী আৰু দিছপুৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰ দুখন মুঠেও চিন্তিত আৰু উদ্বিগ্নও নহয়। এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। বুধবাৰে গুৱাহাটীত এখন সংবাদমেলত ভাগ লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে অসমৰ বানক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰে পদে পদে কৰি অহা বঞ্চনাৰ এক ডজন উদাহৰণ তথ্য সহকাৰে দাঙি ধৰে । বৰাই কয় যে, ২০১৪ ত অসমত কংগ্ৰেছৰ চৰকাৰ আছিল আৰু দিল্লীত আছিল বিজেপি চৰকাৰ । সেইবছৰ বানত ৰাজ্যখনত ৪০ লাখ লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৭০ জন লোকৰ মৃত্যু ঘটিছিল । তেতিয়াৰ ৰাজ্য চৰকাৰে এই ক্ষতিপূৰণৰ বাবে কেন্দ্ৰৰ পৰা ৯,৩৭০ কোটি টকা বিচাৰি প্ৰস্তাৱ দিছিল যদিও কেন্দ্ৰই এটকাও নিদিলে । একেদৰে, ২০১৫ ৰ বানপানীৰ সময়ত তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন অসম চৰকাৰে দিল্লীৰ পৰা ২,১০০ কোটি টকা বিচাৰিছিল যদিও সেয়াও কেন্দ্ৰই নিদিলে । আনটো বাদেই, ২০১৬ চনত অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত অহা ভয়ংকৰ বানত হোৱা ক্ষয়-ক্ষতিৰ বাবদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰৰ পৰা বিচৰা ৫,০৩৬ কোটি টকাৰো এপইচাও মোদী চৰকাৰে নিদিলে বুলি ৰিপুণ বৰাই তথ্য দাঙি ধৰে ।

সংবাদমেল যোগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক থকা সৰকা ৰিপুন বৰাৰ

ইয়াৰ উপৰি ২০১৭ চনত অসমৰ বান পৰিস্থিতি অধ্যয়ণ কৰি কেন্দ্ৰীয় বিশেষজ্ঞ দলে ৪,০০০ কোটি টকাৰ ক্ষয়-ক্ষতি হোৱা বুলি প্ৰতিবেদন দিছিল । অথচ, দিল্লীয়ে এটকাও অসমক নিদিলে । সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনেও কেন্দ্ৰৰ পৰা পুঁজি নিবিচাৰিলে বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ কেৱল ডিঙিত অসমীয়া গামোচা ল'লেই প্ৰধানমন্ত্ৰীৰ অসমপ্ৰীতি নুবুজাই বুলি মন্তব্য কৰি ৰিপুণ বৰাই আৰু কয় যে, ২০১৭ চনত অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বান পৰিস্থিতি চাই দিল্লীলৈ ঘূৰি যোৱাৰ আগে আগে ৰাজ্যিক কেবিনেট আৰু ৰাজ্যৰ শীৰ্ষ আমোলাসকলৰ সৈতে প্ৰধানমন্ত্ৰী আলোচনাত বহিছিল। সেই আলোচনাৰ অন্তত তেওঁ ঘোষণা কৰি থৈ গৈছিল যে অসম আৰু উত্তৰ পূৱৰ বান পৰিস্থিতিৰ বাবে কেন্দ্ৰই ২,৩৫০ কোটি আৰু কেৱল অসমৰ বাবেই সুকীয়াকৈ ২৫০ কোটি টকা আগবঢ়াব । ইয়াৰোপৰি ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৪০০ কোটি টকা আৰু ব্ৰহ্মপুত্ৰৰ অৱবাহিকা অধ্যয়নৰ বাবে ১০০ কোটি টকা আগবঢ়াব । কিন্তু আমোদজনক কথাটো হ'ল প্ৰধানমন্ত্ৰীৰ সেই ঘোষণাৰ এটা পইচাও আজিকোপতি অসমে নাপালে ।

আনহাতে ৰিপুণ বৰাই তেওঁৰ মন্তব্যত উল্লেখ কৰি কয় যে,তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা এটা প্ৰশ্নৰ উত্তৰত ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰিছে যে ২০১৪ ৰ পৰা ২০১৮ চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমে বান ব্যৱস্থাপনা শিতানত কোনো ধন লাভ কৰা নাই । মাত্ৰ এছ ডি আৰ এফৰ বিপৰীতে অসমে নিজৰ পাবলগীয়া অংশটোহে পাইছে । উল্লেখযোগ্য যে,সংবাদমেলত স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাকো সমালোচনাৰে থকা সৰকা কৰে সভাপতি ৰিপুণ বৰাই ।

লগতে পঢ়কঃবাঘজানত পুনৰ দুৰ্ঘটনা : তৈলক্ষেত্ৰত বিস্ফোৰণত আহত তিনি বিশেষজ্ঞ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.