ETV Bharat / state

অসমৰ চাহ শিল্পক ধ্বংস কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ - প্ৰতিশ্ৰুতি

দেশৰ সংকটজনক অৰ্থব্যৱস্থাই আঘাত দিছে অসমৰ চাহ শিল্পক ৷ অসমৰ চাহ শিল্পক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰক 100 কোটি টকাৰ সাহায্যৰ পেকেজ প্ৰদান কৰাৰ দাবী ৰিপুন বৰাৰ

অসমৰ চাহ শিল্পক ধ্বংস কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ
author img

By

Published : Aug 26, 2019, 6:52 PM IST

গুৱাহাটী, 26 আগষ্ট : বিজেপি চৰকাৰে অসমৰ চাহ শিল্পক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে। নিৰ্বাচনৰ পূৰ্বে চাহ শিল্পৰ লগত জড়িত শ্ৰমিক সকলক বহু ভুৱা প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে। এই অভিযোগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ ৷ দেশৰ সংকটজনক অৰ্থব্যৱস্থাই অসমৰ চাহ শিল্পৰ ওপৰত বেয়াকৈ আঘাত হানিছে বুলিও মন্তব্য কৰে কংগ্ৰেছৰ জেষ্ঠ নেতাগৰাকীয়ে ৷

অসমৰ চাহ শিল্পক ধ্বংস কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ

‘‘চাহ উদ্যোগে বৰ্তমান সন্মুখীন হোৱা দুৰৱস্থাৰ ফলত মালিক পক্ষই এইবাৰ শ্ৰমিকসকলক 20 শতাংশৰ পৰিৱৰ্তে 8.3 শতাংশ বোনাচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । চাহ উদ্যোগৰ এই বিপদৰ সময়ত চাহ শ্ৰমিকৰ উন্নয়নৰ কথা কোৱা চৰকাৰখনে শ্ৰমিক সকলক 20 শতাংশ বোনাচ প্ৰদানৰ চেষ্টা কৰাৰ পৰিৱৰ্তে শ্ৰমিকসকলৰ প্ৰতিবাদ ৰোধ কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিছে । বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকসকলৰ মজুৰি 315 টকা নিৰ্ধাৰণ কৰাৰ কথা ঘোষণা কৰিছিল যদিও বৰ্তমানলৈকে ইয়াক কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বিজেপিয়ে চাহ শ্ৰমিকসকলৰ 1500 টকীয়া মবাইল প্ৰদান কৰি চাহ বাগান সমূহত অকল বিজেপিৰ নেটৱৰ্ক বৃদ্ধি কৰিছে ।’’ অসমৰ চাহ শিল্পক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰে 100 কোটি টকাৰ সাহায্যৰ পেকেজ প্ৰদান কৰাৰ দাবী জনাই ৰিপুন বৰাই । বৰাই এক সংবাদমেলযোগে বিজেপি চৰকাৰখনে চাহ শ্ৰমিকসকলক প্ৰদান কৰা বিভিন্ন প্ৰতিশ্ৰুতি আঙুলিয়াই চৰকাৰখনক তীব্ৰ সমালোচনা কৰে ।

Intro:অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ গুৰুত্বৰ অভিযোগ, বিজেপি চৰকাৰে অসমৰ চাহ শিল্পক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে। নিৰ্বাচনৰ পূৰ্বে চাহ শিল্পৰ লগত জড়িত শ্ৰমিক সকলক বহু ভুৱা প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে।

Body:দেশৰ সংকটজনক অৰ্থব্যৱস্থাই বেয়াকৈ আঘাত হানিছে অসমৰ চাহ শিল্পৰ ওপৰত। অৰ্থনৈতিক দুৰৱস্থাৰ ফলত ধ্বংসৰ ফালে অগ্ৰগতি হৈছে অসমৰ চাহ উদ্যোগ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ অভিযোগ চাহ উদ্যোগৰ এই বিপদৰ সময়ত বিজেপি চৰকাৰখন চাহ শ্ৰমিকৰ কথা অলপো চিন্তা কৰা নাই। ২০১৬ৰ বিধানসভা আৰু ২০১৯ৰ লোকসভা নিৰ্বাচনত চাহ শ্ৰমিকৰ ভোট লাভৰ বাবে চাহ শ্ৰমিক সকলক প্ৰদান কৰা বিভিন্ন প্ৰতিশ্ৰুতি পাহৰিছে বিজেপিয়ে। চাহ উদ্যোগে বৰ্তমান সন্মুখীন হোৱা দুৰৱস্থাৰ ফলত মালিক পক্ষই এইবাৰ শ্ৰমিক সকলক ২০%ৰ পৰিবৰ্তে ৮.৩% বোনাচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চাহ উদ্যোগৰ এই বিপদৰ সময়ত চাহ শ্ৰমিকৰ উন্নয়নৰ কথা কোৱা চৰকাৰখনে শ্ৰমিক সকলক ২০% বোনাচ প্ৰদানৰ চেষ্টা কৰাৰ পৰিবৰ্তে শ্ৰমিক সকলৰ প্ৰতিবাদ ৰোধ কৰিবলৈ নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিছে। বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিক সকলৰ মজুৰি ৩১৫ টকা নিৰ্ধাৰণ কৰাৰ ঘোষণা কৰিছিল যদিও বৰ্তমানলৈকে ইয়াক কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বিজেপিয়ে চাহ শ্ৰমিক সকলৰ ১৫০০ টকীয়া মবাইল প্ৰদান কৰি চাহ বাগান সমূহত অকল বিজেপিৰ নেটৱৰ্ক বৃদ্ধি কৰিছে। অসমৰ চাহ শিল্পক এই বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ কেন্দ্ৰ চৰকাৰে ১০০ কোটি টকাৰ সাহায্যৰ পেকেজ প্ৰদান কৰাৰ দাবী জনাই ৰিপুন বৰাই। চাহ শ্ৰমিক সকলৰ বহু সুবিধা মালিক পক্ষই কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰি ৰিপুন বৰাই কয় বাগান সমূহত সুস্বাস্থ্য ব্যৱস্থা আৰু পৰ্যাপ্ত হাস্পাতালৰ অভাৱত এতিয়া প্ৰসূতিৰ মৃত্যুৰ কৰিলি। চাহ বাগান সমূহত ১ হাজাৰ এটিএমৰ ব্যৱস্থাৰ কথা কোৱা চৰকাৰখনে মাত্ৰ ২৫০খন এটিএম লগাইছে। বৰাই বিজেপি চৰকাৰখনে চাহ শ্ৰমিক সকলক প্ৰদান কৰা বিভিন্ন প্ৰতিশ্ৰুতি আঙুলিয়াই চৰকাৰখনক তীব্ৰ সমালোচনা কৰে।

বাইট : ৰিপুন বৰা, সভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটি

Conclusion:এন আৰ চি সন্দৰ্ভত ৰিপুন বৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি থকা তেওঁৰ দলৰ হোজাই বিধানসভা সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰত্যাহ্বান জনায়। বৰাই ৰাজ্যৰ চাৰিটাকৈ বিধানসভা সমষ্টিত হ'বলগা উপ নিৰ্বাচনক লৈ কংগ্ৰেছ দল ১০০% প্ৰস্তুত বুলিও জানিবলৈ দিয়ে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.