গুৱাহাটী, ২ আগষ্ট : গুৱাহাটীৰ খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত (Assam Administrative Authority College Khanapara) মঙলবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (National Health Mission), অসমৰ দ্বাৰা 'স্বাস্থ্য মন্থন-২' শীৰ্ষক স্বাস্থ্যসেৱা বিষয়ক এখন পৰ্যালোচনা সভা তথা কৰ্মশালা অনুষ্ঠিত হয় (review meeting and workshop on healthcare titled Swasthya Manthan 2) ।
দুদিনীয়াকৈ অনুষ্ঠিত হৈছে উক্ত পৰ্যালোচনা সভা তথা কৰ্মশালা । বুধবাৰে পৰ্যালোচনা সভা তথা কৰ্মশালাৰ সামৰণি পৰিব । শিশু আৰু মাতৃসকলৰ স্বাস্থ্য কেনেদৰে অধিক উন্নত কৰিব পাৰি সেই বিষয়ে এই দুদিনীয়া পৰ্যালোচনা তথা কৰ্মশালা সভাখনত জিলা ভিত্তিত পৰ্যালোচনা কৰা হ’ব । অনুষ্ঠানত অংশগ্ৰহণ কৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই বিগত দিনত উৎকৃষ্টতম সেৱা আগবঢ়োৱা জিলা স্বাস্থ্যকৰ্মী আৰু আশাকৰ্মীসকলক (health workers and asha workers) স্বীকৃতি-পত্ৰ প্ৰদান কৰে (Health Minister Keshav Mahanta give recognition letters) ।
অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে 'স্বাস্থ্য দাপোণ' মুখপত্ৰখনৰ শেহতীয়া সংস্কৰণটিও উন্মোচন কৰে ৷ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সভাত মাতৃ আৰু প্ৰসৱকালীন মৃত্যুৰ তথ্য নিৰীক্ষণ কৰাৰ বাবে এটি পৰ্টেল ৰাজ্যবাসীৰ বাবে উন্মোচন কৰে (portal to monitor maternal and maternity deaths unveiled) । সভাত ভাষণ দি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয় যে এই পৰ্টেলত মাতৃ আৰু শিশু মৃত্যুৰ তথ্য সংৰক্ষণ কৰিব পাৰিব ৷ তেওঁ কয়, "পৰ্যালোচনা সভা তথা কৰ্মশালাৰ জৰিয়তে সুৰক্ষিত প্ৰাতিষ্ঠানিক প্ৰসৱ আৰু শিশুৰ মৃত্যু হ্ৰাসকৰণ আদিৰ বিষয়ে বিতংভাৱে পৰ্যালোচনা কৰি ভৱিষ্যত কাৰ্যপন্থা নিৰ্ণয় কৰিব পৰা যাব বুলি আশা কৰা হৈছে । বিগত দিনসমূহত নৱজাতকৰ মৃত্যু হ্ৰাসকৰণৰ তথ্য লাভ কৰি সুখী হৈছোঁ ।"
সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব (Principal Secretary Department of Health and Family Welfare) অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালিকা ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, ৰাজ্যৰ অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক তথা এন এইচ এম অসমৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, স্বাস্থ্য বিভাগৰ যুটীয়া সচিব ডাঃ ইন্দ্ৰানী লস্কৰ, স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ সঞ্চালক ডাঃ নীল মাধৱ দাস, বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি (Representative of WWHO) ডাঃ দীপ্তি আগৰৱাল, WISH Foundation ৰ জ্যেষ্ঠ বিষয়া ডাঃ ৰাজেশ খান্না, বিভিন্ন জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক আৰু ডি পি এমসকলে অংশগ্ৰহণ কৰে ।