ETV Bharat / state

এ পি এছ চি কেলেংকাৰীৰ অভিযুক্ত বিষয়াৰ ভৱিষ্যৎ এতিয়া চৰকাৰৰ হাতত - APSC scam updates

এ পি এছ চি কেলেংকাৰীত নাম সাঙোৰ খোৱা বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দায়িত্ব এতিয়া চৰকাৰৰ ৷ ন্যায়িক আয়োগে কেৱল পৰামৰ্শহে দিব পাৰে, চৰকাৰক নিৰ্দেশ দিব নোৱাৰে ৷ গতিকে চৰকাৰে এতিয়া সিদ্ধান্ত ল’ব এই বিষয়ত ৷ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই ক’লে সংবাদ মাধ্যমক ৷

APSC scam
APSC scam
author img

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 3:46 PM IST

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ মন্তব্য

গুৱাহাটী, ২৪ নৱেম্বৰ: বক্ৰ পথেৰে এ পি এছ চিৰ পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লোৱা সকলৰ বিৰুদ্ধে অসম চৰকাৰে গঠন কৰা এছ আই টিৰ তীব্ৰ অভিযানৰ পিছতে ন্যায়াধীশ (প্ৰাক্তন) বিপ্লৱ কুমাৰ শৰ্মাই সংবাদ মাধ্যমৰ আগত মুখ খুলিছে । উল্লেখ্য যে ৰাকেশ পালৰ সময়ত ২০১৩ আৰু ২০১৪ চনত সংঘটিত এ পি এছ চি কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰা বাবে ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে এখন ন্যায়িক আয়োগ গঠন কৰি দিছিল ।

এই সন্দৰ্ভত গুৱাহাটীত শুকুৰবাৰে লাচিত দিৱসৰ এক অনুষ্ঠানত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ন্যায়াধীশ (অৱসৰপ্ৰাপ্ত) বিপ্লৱ কুমাৰ শৰ্মাই কয় যে ২০১৩ আৰু ২০১৪ চনত সংঘটিত এ পি এছ চি কেলেংকাৰীৰ তদন্ত প্ৰতিবেদন ইতিমধ্যে চৰকাৰক জমা দিয়া হৈছে । ২০১৩ চনত সংঘটিত এ পি এছ চি কেলেংকাৰীৰ তদন্ত প্ৰতিবেদন চৰকাৰক ২০২২ চনত জমা দিয়া হৈছে । আকৌ ২০১৪ চনত সংঘটিত এ পি এছ চি কেলেংকাৰীৰ তদন্তৰ আনখন প্ৰতিবেদন যোৱা ১২ অক্টোবৰত চৰকাৰক জমা দিয়া হৈছে ।

তেওঁ কয় যে প্ৰতিবেদনত এ পি এছ চিত সংঘটিত বিভিন্ন অনিয়ম আঙুলিয়াই দিয়া হৈছে । লগতে অসম লোক আয়োগৰ সংস্কাৰৰ বিভিন্ন দিশো আঙুলিয়াই দিয়া হৈছে । তেওঁ কয়, ‘‘ন্যায়িক আয়োগে চৰকাৰক নিৰ্দেশ নোৱাৰে । পৰামৰ্শ দিব পাৰে । গতিকে প্ৰতিবেদনত আঙুলিয়াই দিয়া দিশবোৰৰ ভিত্তিত চৰকাৰে কি কৰে সেয়া চৰকাৰৰৰ ব্যৱস্থাৱলীৰ ওপৰত নিৰ্ভৰ কৰিব ।’’

তেওঁ লগতে কয় ‘‘ন্যায়িক আয়োগে ফৌজদাৰী গোচৰৰ দৰে তদন্ত কৰিব নোৱাৰে । সংঘটিত হোৱা অনিয়মত কি কি আছে সেইবোৰ অনুসন্ধান কৰি আঙুলিয়াই দিব পাৰে । এতিয়া আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত চৰকাৰে ফৌজদাৰী গোচৰৰ বাবে যি এছ আই টি গঠন কৰিছে সেইখিনি এছ আই টিয়ে চাব ।‌ আমি আমাৰ‌ কাম কৰিছো । বাকী চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব ।’’

উল্লেখ্য যে, বক্ৰ পথেৰে চাকৰি লোৱা ৩৫ ৰাজপত্ৰিত বিষয়াৰ ভিতৰত ছাহজাহান সৰকাৰ আৰু ঐশ্বৰ্য জীৱন বৰুৱাক যোৱা মঙলবাৰে গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে । মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত (অপৰাধ) প্ৰতীক থুবেয়ে কয় যে এই কেলেংকাৰীত জৰিত এজনো অভিযুক্ত সাৰি নায়ায় । সঠিকভাৱে তদন্ত কৰি আছে আৰক্ষীয়ে । সকলো তথ্য পাতি‌ আৰক্ষীয়ে সংগ্ৰহ কৰিছে আৰু সোনকালে নতুন খবৰ পোৱা যাব বুলি তেওঁ সদৰী কৰে ।

প্ৰাপ্ত তথ্য মতে, এ পি এছ চি কেলেংকাৰিৰ এছ আই টিৰ তদন্তত সাঙোৰ খাইছে ৩৭ জন বিষয়াৰ নাম । ইয়াৰে দুজন বিষয়াক ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আৰু বাকী ৩৫ জন এতিয়াও মুকলি আকাশৰ তলতে আছে । এ পি এছ চি কেলেংকাৰীৰ ন্যায়িক তদন্ত কৰা ন্যায়াধীশ (প্ৰাক্তন) বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত ২০১৩ চনৰ পৰীক্ষাত অৱতীৰ্ণ আৰু ২০১৫ চনত চাকৰি লাভ কৰা ৩৪ জন বিষয়াৰ নাম উল্লেখ আছে ।

লগতে পঢ়ক: এ পি এছ চি দুৰ্নীতি : বক্ৰ পথেৰে চাকৰি লোৱা ৩৫ ৰাজপত্ৰিত বিষয়াৰ‌ বিৰুদ্ধে এছ আই টিৰ অভিযান অব্যাহত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.