ETV Bharat / state

Reshuffle in administration of Assam : ৰাজ্য প্ৰশাসনৰ শীৰ্ষ মহলত পদোন্নতি

author img

By

Published : Dec 31, 2022, 2:26 PM IST

ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ মহলত ১৮ গৰাকী আই এ এছ বিষয়াক পদোন্নতি দিয়া হৈছে (18 IAS officers from Assam promoted)। পদোন্নতি দিয়াৰ লগতে সামান্য সাল-সলনিও কৰা হৈছে । উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰক পদোন্নতি দিয়া হৈছে । বিত্ত আৰু পশু পালন বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নাৰ্লিকাৰক অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ।

Reshuffle in administration of Assam
ৰাজ্য প্ৰশাসনৰ শীৰ্ষ মহলত পদোন্নতি

গুৱাহাটী,৩১ ডিচেম্বৰ : ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ মহলত পদোন্নতি দিয়াৰ লগতে সামান্য সাল-সলনি ঘটাইছে । কেইবাগৰাকী আই এ এছ বিষয়াক পদোন্নতি দিয়াৰ লগতে আন কেইবাগৰাকী বিষয়াক পদোন্নতিসহ বদলি কৰা হৈছে । ১৮ গৰাকী আই এ এছ বিষয়াক পদোন্নতি দিয়া হৈছে (18 IAS officers from Assam promoted)। সেই অনুসৰি বিত্ত, সাংস্কৃতি পৰিক্ৰমা আৰু বিজ্ঞান-প্ৰযুক্তি বিভাগৰ সচিব লয়া মাদুৰীক পদোন্নতিসহ একে দায়িত্বতে ৰখা হৈছে ।

উচ্চ শিক্ষা বিভাগৰ সচিবকে ধৰি কেইবাটাও বিভাগৰ দায়িত্বত থকা নাৰায়ণ কোঁৱৰক পদোন্নতি দিয়া হৈছে । লগতে পূৰ্বৰ দায়িত্বতে ৰখা হৈছে । ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব কৰুণা কুৰ্মীক একে দায়িত্বতে ৰাখি পদোন্নতি দিয়া হৈছে । জনজাতি পৰিক্ৰমা (ভৈয়াম), সামাজিক ন্যায় আৰু সবলীকৰণ, পৰিৱেশ আৰু বন বিভাগৰ সচিবৰ দায়িত্বত থকা বিনীতা পেগুক পদোন্নতি দিয়া হৈছে । লগতে একে দায়িত্বতে ৰখা হৈছে । বড়োলেণ্ড কল্যাণ আৰু তথ্য আৰু জনসংযোগ বিভাগৰ সচিব উমানন্দ দলেক একে দায়িত্বতে ৰাখি পদোন্নতি দিয়া হৈছে ।

Reshuffle in administration of Assam
ৰাজ্য প্ৰশাসনৰ শীৰ্ষ মহলত পদোন্নতি

সীমা সুৰক্ষা আৰু উন্নয়ন আৰু পৰ্যটন বিভাগৰ সচিব প্ৰভাতী থাউচেনক পদোন্নতি দি একে দায়িত্বতে ৰখা হৈছে (IAS officer promotion)। যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনক একে পদতে পদোন্নতি দিয়া হৈছে (Jorhat DC Ashok Kumar Barman)। সংসদীয় পৰিক্ৰমা আৰু পাৰপত্র বিভাগৰ সচিব বন্দনা চৌধুৰীক পদোন্নতিসহ একে দায়িত্বতে ৰখা হৈছে । আনহাতে কেন্দ্ৰীয় ডেপুটেচনত থকা আই এ এছ বিষয়া দেৱজ্যোতি দত্তক পদোন্নতি দিয়া হৈছে । গৃহ আৰু ৰাজনীতি, মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সচিব আৰু এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক পাৰ্থ প্ৰতিম মজুমদাৰক একে দায়িত্বতে ৰাখি পদোন্নতি দিয়া হৈছে ।

Reshuffle in administration of Assam
ৰাজ্য প্ৰশাসনৰ শীৰ্ষ মহলত পদোন্নতি

পশু পালন বিভাগৰ সচিব আৰু খাদ্য সুৰক্ষা আৰু ড্ৰাগছ প্ৰশাসনৰ আয়ুক্ত অভিজিত বৰুৱাক পদোন্নতিসহ একে দায়িত্বতে ৰখা হৈছে । শ্ৰমিক কল্যাণ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ সচিব এ এছ অ' এমৰ পৰিচালন সঞ্চালক মৃদুল কুমাৰ মহন্তক একে দায়িত্বতে ৰাখি পদোন্নতি দিয়া হৈছে । আই টি বিভাগৰ সচিব নন্দিতা দত্তক পদোন্নতিসহ একে দায়িত্বতে ৰখা হৈছে (IT Department Secretary Nandita Dutta)। সমবায় বিভাগৰ সচিব আৰু হাউচফেডৰ পৰিচালন সঞ্চালক ঋতুৰাজ বৰাক একে দাযিত্বতে ৰাখি পদোন্নতি দিয়া হৈছে ।

Reshuffle in administration of Assam
ৰাজ্য প্ৰশাসনৰ শীৰ্ষ মহলত পদোন্নতি

কৃষি বিভাগৰ সচিব শেৱালী দেৱী শৰ্মাক পদোন্নতি দিয়াৰ লগতে একে দায়িত্বতে ৰখা হৈছে (Agriculture Secretary Shewali Devi Sharma)। জল সম্পদ আৰু জলসিঞ্চন বিভাগৰ সচিব পবিত্র ৰাম খাউণ্ডক একে দায়িত্বতে পদোন্নতি দিয়া হৈছে । সেইদৰে বিত্ত বিভাগৰ আয়ুক্ত-সচিব আৰু কেন্দ্ৰীয় অসম ডিভিজনৰ আয়ুক্ত মনীষ ঠাকুৰক পদোন্নতিসহ পশুপালন বিভাগৰ প্ৰধান সচিব হিচাপে বদলি কৰা হৈছে ।

Reshuffle in administration of Assam
ৰাজ্য প্ৰশাসনৰ শীৰ্ষ মহলত পদোন্নতি

ৰাজহ বিভাগৰ আয়ুক্ত-সচিব, সীমা সুৰক্ষা আৰু উন্নয়ন বিভাগৰ ডি এম আৰু এ এছ ডি এম এৰ চি ই অ' জ্ঞানেন্দ্ৰ দেৱ ত্রিপাঠীক পদোন্নতিসহ ৰাজহ বিভাগৰ প্ৰধান সচিব হিচাপে বদলি কৰা হৈছে । বিত্ত আৰু পশুপালন বিভাগৰ আয়ুক্ত সচিব আৰু নামনি অসম ডিভিজনৰ আয়ুক্ত জয়ন্ত নাৰ্লিকাৰক পশু পালন বিভাগৰ আয়ুক্ত-সচিবৰ অতিৰিক্ত দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে ।

লগতে পঢ়ক :Constituency delimitation : জনজাতিৰ বাবে সংৰক্ষিত আসন বিলোপ কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ এবছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.