ETV Bharat / state

Rock quarry collapsed in Mizoram: মিজোৰামত শিলৰ পাহাৰ খহি পোত যোৱা 10 শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ - Landslide in Mizoram

মিজোৰামত এখন পাহাৰত থকা শিলৰ কুঁৱেৰী ​​খহি পৰাৰ পিছত কমেও ১০জন শ্ৰমিকৰ মৃত্যু ঘটিছে ৷ আন ৫জন শ্ৰমিক পোত খাই থকাটো নিশ্চিত কৰা হৈছে ৷ ৰাজ্যখনৰ হানহথিয়াল জিলাৰ মৌদাৰহস্থিত এটা ব্যক্তিগত কোম্পানীয়ে ন্যুনতম সাৱধানতা অৱলম্বন নকৰাকৈয়ে চলাই আহিছিল এটা শিলৰ কুঁৱেৰী (Rock quarry without precautions in Mizoram) ৷

Rock quarry collapsed in Mizoram
মিজোৰামত সন্ধানহীন ৫ শ্ৰমিকৰ উদ্ধাৰ অভিযান
author img

By

Published : Nov 15, 2022, 10:06 AM IST

গুৱাহাটী, ১৫ নৱেম্বৰ: মিজোৰামৰ হানহথিয়াল জিলাৰ মৌদাৰহত সোমবাৰে দিনৰ ২.৪৫ বজাত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত সন্ধানহীন হোৱা ৫জন শ্ৰমিক আজিও উদ্ধাৰ হোৱা নাই (Rock quarry collapsed in Mizoram) ৷ উল্লেখ্য় যে এখন পাহাৰত থকা এটা শিলৰ কুঁৱেৰী ​​খহি পৰাৰ পিছত ১৫ জন সন্ধানহীন হৈ পৰে ৷ ইয়াৰ পিছতেই জিলা কৰ্তৃপক্ষৰ লগতে সমীপৰ লাইটে গাঁৱৰ বাসিন্দাই ঘটনাস্থলীত উপস্থিত হৈ চলোৱা অভিযানত ১০ জনৰ মৃতদেহ উদ্ধাৰ কৰা হয় (Workers missing after a rock quarry collapsed)। ইপিনে,আন ৫জন শ্ৰমিক এতিয়াও সন্ধানহীন হৈ আছে ।

উল্লেখ্য় যে ৰাজ্যখনৰ হানহথিয়াল জিলাৰ মৌদাৰহস্থিত এটা ব্যক্তিগত কোম্পানীয়ে ন্যুনতম সাৱধানতা অৱলম্বন নকৰাকৈয়ে চলাই আহিছিল এটা শিলৰ কুঁৱেৰী ৷ আনদিনাৰ দৰে সোমবাৰেও শ্ৰমিকসকলে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতিৰ পৰা উভতি আহি প্ৰৱেশ কৰিছিল তলত গুহা সদৃশ হৈ পৰা কুঁৱেৰীত (Landslide in Mizoram) ৷ শ্ৰমিকসকল কুঁৱেৰীত সোমোৱাৰ লগে লগে শিলৰ কুঁৱেৰীটো পাহাৰৰ অংশসহ তলৰ গুহাত সোমাই পৰে । লগে লগে ১৫ জন শ্ৰমিক সহ ৫ খন এক্সাভেটৰৰ লগতে অনান্য ড্ৰিলিং মেচিন মাটিত পোত যায় ৷

ইয়াৰ পিছতেই জিলা প্ৰশাসনে সমীপৰ লাইটে গাঁৱৰ বাসিন্দাৰ সহযোগত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ উক্ত অভিযানত ১০ জনৰ মৃতদেহ উদ্ধাৰ হয় যদিও ৫ জন শ্ৰমিকৰ মৃতদেহ এতিয়াও মাটিত পোত খাই থকাটো নিশ্চিত কৰিছে জিলা প্ৰশাসনে ৷

ইপিনে,মঙলবাৰে পুৱাৰে পৰাই উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰিছে হানহথিয়াল জিলা প্ৰশাসনে (Rescue operations of Hanhothial administration) ৷ পোত খাই থকা আৰু মৃত আটাইকেইজন শ্ৰমিকৰ ঘৰ বিহাৰত ৷ জীৱিকাৰ বাবে তেঁওলোকে শ্ৰমিকৰূপে কাম কৰিছিল মিজোৰামত ৷

লগতে পঢ়ক:Rock quarry collapsed in Mizoram:মিজোৰামত শিলৰ কুৱেৰী খহি পৰাত বহু শ্ৰমিক তলত সোমাই পৰাৰ আশংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.