ETV Bharat / state

ক'ভিড 19 : অসমত দৰিদ্ৰৰ বাবে 'ৰেমডেচিভিৰ' বেজী বিনামূলীয়া

author img

By

Published : Apr 17, 2021, 10:58 PM IST

অসমৰ দৰিদ্ৰ সকলৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হ'ব 'ৰেমডেচিভিৰ' বেজী ৷ এই সন্দৰ্ভত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই শনিবাৰে জাৰি কৰিছে এক নিৰ্দেশনা ৷ নিৰ্দেশনা অনুসৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ক'ভিড-19 ত আক্ৰান্ত লোকৰ অৱস্থা সংকটজনক অৱস্থালৈ গতি কৰিলে প্ৰদান কৰা হ'ব এই বেজী ৷

remdesivir will be free for the people of below poverty line in assam
অসমৰ দৰিদ্ৰ সকলৰ বাবে বিনামূলীয়াকৈ উপলব্ধ হ'ব 'ৰেমডেচিভিৰ' বেজী

গুৱাহাটী, ১৭ এপ্ৰিল: সমগ্ৰ দেশৰ লগতে শেহতীয়াকৈ অসমতো ক'ভিডৰ দ্বিতীয়টো ঢৌ ক্ৰমাৎ শক্তিশালী হ'বলৈ আৰম্ভ কৰাত শনিবাৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত । ৰাজ্যৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহাই শনিবাৰে জাৰি কৰা এক নিৰ্দেশ মতে তাৎক্ষণিক ভাবে কাৰ্যকৰী হোৱাকৈ সংকটজনক ক'ভিড ৰোগীক প্ৰদান কৰা "ৰেমডেচিভিৰ" বেজী এতিয়াৰে পৰা অসমত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক সকলে বিনামূলীয়াকৈ লাভ কৰিব । অৰ্থাৎ দৰিদ্ৰ সীমাৰেখাৰ তলৰ ক'ভিড-19 ত আক্ৰান্ত লোকৰ অৱস্থা যদি সংকটজনক অৱস্থালৈ গতি কৰে তেন্তে তেওঁক বিনামূলীয়াকৈ এই বেজী দিয়া হ'ব ।

ইয়াৰ বিপৰীতে আন সকলোৱে এই বেজী ল'ব লগীয়া অৱস্থা হ'লে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম) এ যি দৰত কোম্পানী সমূহৰ পৰা এই বেজী ক্ৰয় কৰিছে সেই মূল্য পৰিশোধ কৰিব লাগিব । ব্যক্তিগত হাস্পতাল সমূহে কিমান লোকক 'ৰেমডেচিভিৰ' বেজী প্ৰদান কৰে তাৰ হিছাপ সুকীয়াকৈ ৰাখিব লাগিব বুলিও নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ৷

ব্যক্তিগত হাস্পতাল সমূহে কিমান লোকক "ৰেমডেচিভিৰ" বেজী প্ৰদান কৰে তাৰ হিছাপ সুকীয়াকৈ ৰাখিব লাগিব

উল্লেখ্য যে, শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 'ৰেমডেচিভিৰ' প্ৰস্তুতকৰ্তা ঔষধ কোম্পানী সমূহেও এই বেজীৰ মূল্যৰ তাৰতম্য ঘটাইছে ‌।

লগতে পঢ়ক: মাস্ক পৰিধান নকৰিলে এহাজাৰ টকাৰ জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.