ETV Bharat / state

Send stray dogs to Assam: মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত

মহাৰাষ্ট্ৰ বিধায়ক বাচ্চু কাডুৱে অসমৰ মানুহে কুকুৰ খায় বুলি কৰা বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ বিধায়কগৰাকীক ক্ষমা খোজাৰ দাবী অসমৰ বিভিন্ন দল-সংগঠনৰ (Maharashtra MLA comment on Assam) ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ব্যৱস্থা গ্ৰহণৰ আহ্বান ৷

author img

By

Published : Mar 6, 2023, 5:59 PM IST

Send stray dogs to Assam
মহাৰাষ্ট্ৰৰ বিধায়ক বাচ্চু কাডুৰ বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত

গুৱাহাটী, 6 মাৰ্চ: মহাৰাষ্ট্ৰৰ বিধানসভাত কুকুৰ সম্পৰ্কে হোৱা এক আলোচনাই এতিয়া সমগ্ৰ অসমতে তোলপাৰ লগাইছে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল প্ৰহৰ জনশক্তি দলৰ বিধায়ক বাচ্চু কাডুৱে অসমৰ মানুহে কুকুৰৰ মাংস খায় বুলি কৰা মন্তব্যকলৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Controversial statement of Maharashtra MLA) ।

এই সন্দৰ্ভত চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘‘ইমান অজ্ঞ মানুহ বিধায়ক হৈ আছে , এয়া দেশৰ বাবে লজ্জাজনক আৰু দুৰ্ভাগ্যজনক । এই বিধায়কজন ৰাজ আতিথ্যত গুৱাহাটীৰ এখন হোটেলত কেইবাদিনো থাকি গৈছে । অসমৰ হোটেলবোৰত কি চলে সেয়া তেওঁৰ সম্যক ধাৰণা থাকিব লাগিছিল । অসমত কুকুৰৰ মাংসৰ ব্যৱহাৰ নাই (Bacchu Kadu statement on Assam) ।’’

বিধায়কগৰাকীৰ এই মন্তব্য অসমবাসীৰ বাবে অপমানজনক বুলিও মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ইয়াৰ প্ৰতিবাদ কৰিব লাগিছিল যদিও সেয়া এতিয়ালৈ দৃষ্টিগোচৰ হোৱা নাই সুপ্ৰকাশ তালুকদাৰে ৷

ইফালে, অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয়, ‘‘এয়া দুৰ্ভাগ্যজনক কথা । অসম তৃণমূল কংগ্ৰেছে ইয়াৰ গৰিহণা দিছো ৷ বিধায়কগৰাকীক এই মন্তব্য দিয়াৰ অধিকাৰ কোনে দিলে ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদি সঁচা অৰ্থত অসমীয়া হয়, বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰি দেখুওৱাক ।’’

গুৱাহাটীৰ পশুকল্যাণ অনুষ্ঠান জাষ্ট বি ফ্ৰেণ্ডলিৰ প্ৰতিষ্ঠাপক তথা মুখ্য ন্যাসৰক্ষী ড৹ শশাংক শেখৰ দত্তই কাডুৰ বিৰূদ্ধে তীব্ৰ ক্ষোভ উজাৰি কয় যে কাডুৰ এই মন্তব্য সমগ্ৰ অসমীয়া জাতিটোৰ বাবে এক ডাঙৰ অপমান । তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা সমূহ জাতীয় সংগঠনক এই বিষয়টোৰ ওপৰত যাৱতীয় ব্যৱস্থা ল’বলৈ অনুৰোধ জনায় (Reaction to MLA Bacchu Kadu comment) ।

যিহেতু সংশ্লিষ্ট খাদ্য সুৰক্ষা বিভাগৰ দ্বাৰা কুকুৰ মাংসক ভক্ষণ (Dog consumption) কৰিব নোৱাৰে বুলি অধিনিয়ম আছে তেনে পৰিপ্ৰেক্ষিতত এজন বিধায়কে কেনেদৰে এই মন্তব্য কৰিব পাৰে বুলি বহুজনে প্ৰশ্ন উত্থাপন কৰিছে । অসম ভ্ৰমণৰ সময়ত একোটাকৈ কুকুৰ 8-9 হাজাৰ টকাত বিক্ৰী হয় বুলি কৰা কাডুৰ মন্তব্যত সংবাদ মাধ্যমৰ জৰিয়তে ড৹ শশাংক শেখৰ দত্তই বিধায়কগৰাকীক অসমৰ সেইসকল কুকুৰৰ মাংস বিক্ৰেতাক চিনাক্ত কৰাত মুখ্যমন্ত্ৰীক সহায় কৰিবলৈ অনুৰোধ জনায় ৷

উল্লেখ্য যে, গুৱাহাটীত ৰাজ আতিথ্যত থাকি যোৱা বিধায়কগৰাকীয়ে বিধানসভাত কৈছিল ‘‘অসমৰ মানুহে কুকুৰৰ মাংস খায় ৷ মহাৰাষ্ট্ৰত কুকুৰৰ জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ পথৰ কুকুৰবোৰ অসমলৈ পঠিয়াই দিয়ক ৷ অসমত কুকুৰৰ মাংসৰ চাহিদা আছে ৷’’

কাডুৰ এই মন্তব্যই সমগ্ৰ অসমবাসীৰ মনত বিৰূপ প্ৰভাৱ পেলাইছে । পশুকল্যাণৰ লগত জড়িত সমগ্ৰ ব্যক্তিয়ে এই মন্তব্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে কাডুৰ উপযুক্ত শাস্তিৰ বাবে দাবী জনাইছে । এতিয়া অসম চৰকাৰে বিধায়কগৰাকীৰ ওপৰত ব্যৱস্থা ল’বলৈ কি পদক্ষেপ ল’ব সেইয়া ল়ক্ষ্যনীয় হ’ব ।

লগতে পঢ়ক: Send stray dogs to Assam: অসমৰ মানুহে কুকুৰ খায়, অসমত কুকুৰৰ চাহিদা আছে; মহাৰাষ্ট্ৰ বিধায়কৰ বিতৰ্কিত মন্তব্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.