ETV Bharat / state

উচ্চতম ন্যায়ালয় পালেগৈ অসমৰ জনসংখ্যা নীতিৰ প্ৰসংগ

author img

By

Published : Jul 7, 2021, 1:53 PM IST

অশ্বিনী কুমাৰ উপাধ্যায় (Bjp leader Ashwini Kumar Upadhyay) নামৰ এজন বিজেপি নেতাৰ লগতে ফিৰোজ বি আহমেদ (Firoj B Ahmed) নামৰ আন এজন লোকেও অসমৰ দৰে সমগ্ৰ দেশতে জনসংখ্যা নীতি প্ৰয়োগ কৰিব লাগে বুলি এখন আবেদন দাখিল কৰিছে ।

উচ্চতম ন্যায়ালয় পালেগৈ অসমৰ জনসংখ্যা নীতিৰ প্ৰসংগ
উচ্চতম ন্যায়ালয় পালেগৈ অসমৰ জনসংখ্যা নীতিৰ প্ৰসংগ

গুৱাহাটী, ৭ জুলাই : অসম চৰকাৰে শীঘ্ৰেই সকলো চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনি কিম্বা চৰকাৰী চাকৰিত নিযুক্তি আদিৰ ক্ষেত্ৰত জনসংখ্যা নীতি (Population policy) প্ৰযোজ্য কৰিব বুলি ঘোষণা কৰাত এতিয়া কেৱল অসমতেই নহয়, সমগ্ৰ দেশজুৰি ইয়াৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিকে (MP Asaduddin Owaisi) ধৰি বিভিন্ন মহলে ইতিমধ্যে মুকলিকৈ ইয়াৰ তীব্ৰ বিৰোধ কৰিছে । জমিয়ত উলেমাই অসম চৰকাৰৰ এনে সিদ্ধান্তক মানি ল’ব খোজা নাই । কিন্তু তেনে সময়তে অসমৰ দৰে সমগ্ৰ দেশতে জনসংখ্যা নীতি (Population policy) প্ৰযোজ্য হ’ব লাগে বুলি উচ্চতম ন্যায়ালয় (Supreme Court of India)ত এখন আবেদন দাখিল কৰা হৈছে ।

প্ৰাপ্ত তথ্য মতে, অশ্বিনী কুমাৰ উপাধ্যায় (Bjp leader Ashwini Kumar Upadhyay) নামৰ এজন বিজেপি নেতাৰ লগতে ফিৰোজ বি আহমেদ (Firoj B Ahmed) নামৰ আন এজন লোকেও অসমৰ দৰে সমগ্ৰ দেশতে জনসংখ্যা নীতি প্ৰয়োগ কৰিব লাগে বুলি এখন আবেদন দাখিল কৰিছে । আবেদনখনত কোৱা হৈছে যে চৰকাৰে দুটা সন্তানৰ নীতি গ্ৰহণ কৰা উচিত । সকলো ধৰণৰ চৰকাৰী আঁচনি, চৰকাৰী চাকৰি, নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা, সম্পত্তিৰ অধিকাৰ আদি সকলোতে এই জনসংখ্যা নীতি (Population policy) প্ৰয়োগ কৰিবলৈ আবেদন জনোৱা হৈছে ।

ইতিমধ্যে অসমত কংগ্ৰেছ (Congress), এআইইউডিএফ (AIUDF) কে ধৰি বিভিন্ন দল-সংগঠনে চৰকাৰে গ্ৰহণ কৰিব খোজা এনে জনসংখ্যা নীতিৰ বিৰোধিতা কৰিছে । ইয়াৰ বিপৰীতে কিন্তু অসমৰ খিলঞ্জীয়া মুছলমান সমাজে চৰকাৰৰ এনে সিদ্ধান্তৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে । ইতিমধ্যে ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে হোৱা মুখ্যমন্ত্ৰীৰ এক আলোচনাত চৰকাৰে ল’ব খোজা এনে পদক্ষেপৰ প্ৰতি যোগাত্মক সঁহাৰি আগবঢ়াইছে অসমৰ খিলঞ্জীয়া মুছলমান সমাজে ।

লগতে পঢ়ক : দিলীপ কুমাৰৰ দেহাৱসান: প্ৰকৃত ইউছুফ ছৰৱাৰ খানৰ বিষয়ে চমু আভাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.