ETV Bharat / state

ভয়াৱহ সংকটত পৰিবহণ খণ্ডৰ লগত জড়িত ২২ লাখ লোক

author img

By

Published : Aug 18, 2021, 7:53 PM IST

নতুন এছ অ' (SOP)পিত যাত্রীবাহী বাহনৰ চলাচলত অনুমতি প্ৰদান কৰা হ'ব বুলি পৰিবহণ খণ্ডটোৰ লগত জড়িত লোকসকলে বহু আশা কৰিছিল । কিন্তু চৰকাৰে তেওঁলোকক নিৰাশ কৰিলে । ফলত সৰৱ হৈ পৰিছে পৰিবহণ খণ্ডটোৰ লগত জড়িত লোকসকল ।

Transport association
ভয়াৱহ সংকটত পৰিবহণ খণ্ডৰ লগত জড়িত ২২ লাখ লোক

গুৱাহাটী,১৮ আগষ্ট : আন্তঃজিলা যাতায়াত (Inter district transport) ব্যৱস্থা বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত পৰিবহণ খণ্ডটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ থকা ৰাজ্যৰ ২২ লাখ লোকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে । শেহতীয়াকৈ মঙলবাৰে প্ৰকাশিত ক'ভিড সম্পৰ্কীয় নতুন এছ অ' পিত (SOP) আন্তঃজিলা যাতায়াতৰ ক্ষেত্রত ব্যক্তিগত বাহনৰ চলাচলত অনুমতি প্ৰদান কৰা হ'ল যদিও যাত্রীবাহী বাহনৰ চলাচলত নিষেধাজ্ঞা পূৰ্বৰ দৰেই বাহাল থাকিল ।

মঙলবাৰে প্ৰকাশ কৰা এছ অ' পি (SOP)ত যাত্রীবাহী বাহনৰ চলাচলত অনুমতি প্ৰদান কৰা হ'ব বুলি পৰিবহণ খণ্ডটোৰ লগত জড়িত লোকসকলে বহু আশা কৰিছিল । কিন্তু চৰকাৰে তেওঁলোকক নিৰাশ কৰিলে । ফলত সৰৱ হৈ পৰিছে পৰিবহণ খণ্ডটোৰ লগত জড়িত লোকসকল । এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাৰ (All Assam Motor Transport Association) সচিব প্ৰধান প্ৰদীপ দাসে ।

তেওঁ লগতে কয়, 'অসমত চলাচল কৰা ২২ হাজাৰ যাত্রীবাহী বাহন মাহৰ পাছত মাহ ধৰি বন্ধ হৈ পৰি থকাৰ ফলত ধ্বংস হ'ব ধৰিছে । আনহাতে ইয়াৰ লগত জড়িত ২২ লাখ লোকৰ জীৱনৰ প্ৰতি সংকট নামি আহিছে । সকলোৱে চৰকাৰখনৰ প্ৰতি আগ্ৰহেৰে বাট চাই ৰৈছিল ।'

মুখ্যমন্ত্রীয়েও আন্তঃজিলা যাতায়াতৰ ক্ষেত্রত শিথিলতা প্ৰদানৰ কথা কৈছিল । কিন্তু নতুন এছ অ' পিত পৰিবহণ খণ্ডটোৰ লগত জড়িত ২২ লাখ লোকৰ কথা চিন্তা নকৰা পৰিলক্ষিত হৈছে । সেয়ে চৰকাৰৰ এই সিদ্ধান্ত পক্ষপাতমূলক বুলি গৰিহণা দিয়ে সচিব প্ৰধানগৰাকীয়ে ।

তেওঁ কয় যে ৰাজ্যৰ ২২ লাখ লোকৰ জীৱন-জীৱিকাৰ কথা চিন্তা কৰি চৰকাৰে আন্তঃজিলা যাতায়াত ব্যৱস্থা মুকলি কৰি দিয়ক । অন্যথা যিকোনো সময়ত পৰিস্থিতি আৰু অধিক অৱনতি হৈ এক ভয়াৱহ পৰিৱেশ হ'ব পাৰে বুলি তেওঁ চৰকাৰক সকীয়াই দিয়ে । তেওঁ ভয়াৱহ আৰ্থিক সংকটত ভোগা পৰিবহণ খণ্ডটোৰ লগত জড়িত লোকসকলৰ বাবে আৰ্থিক পেকেজ প্ৰদানৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনায় ।

লগতে পঢ়ক :চৰকাৰৰ Give & Take Policy নীতিৰ তীব্ৰ বিৰোধিতা কাৰ্বি সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.