ETV Bharat / state

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ ৰশ্মিন এম ছায়া - মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে অসম সন্তান উজ্জ্বল ভূঞাক

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে ৰশ্মিন এম ছায়াক ৷ গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে কাৰ্যনিৰ্বাহ কৰি থকা ৰশ্মিন এম ছায়াক পদোন্নতিসহ নিযুক্তি দিয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ ৰশ্মিন এম ছায়া

author img

By

Published : Jun 20, 2022, 3:42 PM IST

নিউজ ডেস্ক, 20 জুন: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে ৰশ্মিন এম ছায়াক ৷ গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে কাৰ্যনিৰ্বাহ কৰি থকা ৰশ্মিন এম ছায়াক পদোন্নতিসহ নিযুক্তি দিয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত (Rashmin M Chaya has been appointed as the Chief Justice of Gauhati High Court) ৷ উল্লেখযোগ্য যে অলপতে দেশৰ উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ছয়খন উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ পদৰ বাবে বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল ৷

সেই অনুসৰি গুজৰাটৰ পৰা ৰশ্মিন এম ছায়াক পদোন্নতিসহ গুৱাহাটীলৈ বদলি কৰাৰ লগতে তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে অসম সন্তান উজ্জ্বল ভূঞাক ৷ আনহাতে গুৱাহাটী আৰু তেলেংগানা উচ্চ ন্যায়ালয়ৰ উপৰি আৰু চাৰিখন উচ্চ ন্যায়ালয়ত নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছে ৷ দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে সতীশ চন্দ্ৰ শৰ্মাক ৷

তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ আনহাতে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিপিন সাংঘীক উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হৈছে ৷ একেদৰে ব'ম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এছ এছ সিন্ধেক নিযুক্তি দিয়া হৈছে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাবে ৷

লগতে পঢ়ক: Hijab row: কৰ্ণাটকৰ ৫ ছাত্ৰীয়ে সলাব বিচাৰিলে কলেজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.