ETV Bharat / state

বিধায়ক অখিল গগৈক পঞ্চায়ত আইন পঢ়িবলৈ দিলে মন্ত্ৰী ৰণজিৎ দাসে

author img

By

Published : Aug 11, 2021, 4:57 PM IST

অসম বিধানসভা (Assam Assembly)ৰ বাজেট অধিৱেশন(Budget Session)ত এইবাৰ উত্থাপন হ'ল পঞ্চায়ত আইনৰ প্ৰসংগ । শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক পঞ্চায়ত আইন পঢ়িবলৈ দিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ দাসে । কিন্তু কিয় এনেদৰে পঞ্চায়ত আইন পঢ়িবলৈ কোৱা হ'ল বিধায়কগৰাকীক ?

Ranjit Das Asked Akhil Gogoi to read panchayat act
বিধায়ক অখিল গগৈক পঞ্চায়ত আইন পঢ়িবলৈ দিলে মন্ত্ৰী ৰঞ্জিত দাসে

গুৱাহাটী, ১১ আগষ্ট : অসম বিধানসভাত (Assam Assembly) বুধবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে (Ranjit Kumar Das) শিৱসাগৰৰ বিধায়ক অখিল গগৈক (Akhil Gogoi) পঢ়িবলৈ দিলে ৰাজ্যৰ পঞ্চায়ত আইন । যাক কেন্দ্ৰ কৰি সদনৰ মজিয়াত ভিন্ন প্ৰতিক্ৰিয়াৰো সৃষ্টি হয় । বিধায়ক গগৈয়ে গ্ৰামাঞ্চলত নতুনকৈ চৰকাৰে কৰ আৰোপ কৰিব খোজা বিষয়টোক লৈ ৰাজ্য চৰকাৰ আৰু বিভাগীয় মন্ত্ৰী ৰণজিৎ দাসক বিভিন্ন সমালোচনা কৰাৰ পিছত বিধায়কগৰাকীক প্ৰত্যুত্তৰ দিবলৈ থিয় হয় মন্ত্ৰী দাস ।

তেওঁ কয় যে, বিধায়ক অখিল গগৈয়ে সদনৰ বাহিৰে ভিতৰে এই বিষয়টোক লৈ বিভিন্ন ধৰণৰ মন্তব্য কৰিছে, যাৰ উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা আছে । মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে লগতে কয়, ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে যে এই বিষয়ত বৰ্তমানলৈকে চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই । গ্ৰামাঞ্চলত কৰ আৰোপ (Village Tax) কৰাৰ কথা চৰকাৰে এতিয়াও ভবা নাই ।

ইমানৰ পিছতো বিধায়কগৰাকীয়ে ইয়াক লৈ বিভিন্ন মন্তব্য কৰাটো উচিত হোৱা নাই বুলি কয় মন্ত্ৰীগৰাকীয়ে । লক্ষণীয়ভাৱে, মন্ত্ৰী ৰণজিৎ দাসে নিজে আসনৰ পৰা উঠি আহি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পঞ্চায়ত আইনৰ এটা প্ৰতিলিপি অৰ্পণ কৰি সেইখন বিধায়ক অখিল গগৈক দিবলৈ অনুৰোধ জনোৱাৰ লগতে বিধায়কগৰাকীক সেইখন পঢ়ি চাবলৈ আহ্বান জনায় ।

মন্ত্ৰীগৰাকীৰ এনে কাৰ্যৰ অৱশ্যে তীব্ৰ বিৰোধিতা কৰে বিৰোধীয়ে । এগৰাকী বিধায়কৰ প্ৰতি মন্ত্ৰীয়ে কৰা এনে আচৰণ শোভা নাপায় বুলি সদনত উল্লেখ কৰে বিৰোধীয়ে ।

লগতে পঢ়ক:কাৰ্বি আংলঙত অনুষ্ঠিত হ’ব ৰাজ্যিক পৰ্যায়ৰ ৱেবিনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.