গুৱাহাটী, 18 ফেব্ৰুৱাৰী: অপৰাধীৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল অসম আৰক্ষীৰ আগ্নেয়াস্ত্ৰ ৷ গুৱাহাটীৰ ৰঞ্জিৎ বৰাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম তালুকদাৰ নিহত আৰক্ষীৰ গুলীত ৷ বৃহস্পতিবাৰে নিশা আৰক্ষীৰ বেষ্টনিৰ মাজৰ পৰা পলায়ন কৰিছিল শ্বাহ আলমে (Shah Alam Talukdar encounter) ৷
কিয় আৰক্ষীয়ে গুলীয়ালে শ্বাহ আলম ?
শনিবাৰে পুৱতি নিশা আৰক্ষীৰ গুলীত নিহত হয় শ্বাহ আলম ৷ বৃহস্পতিবাৰে পলায়ন কৰা শ্বাহ আলমৰ সন্ধানত সাতগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছিল অভিযান ৷ পাঞ্জাবাৰীৰ বতাহঘূলি পাহাৰ অঞ্চলৰ পৰা পলায়ন কৰা শ্বাহ আলমে আমচিং যোৰাবাটৰ এটা ঘৰত আত্মগোপন কৰি থকাৰ খবৰ লাভ কৰি শুকুৰবাৰে নিশা আৰক্ষীয়ে চলাইছিল অভিযান ৷ কিন্তু আৰক্ষীলৈ লক্ষ্য কৰি গুলীচলনা কৰে শ্বাহ আলমে ৷ প্ৰত্যুত্তৰত আৰক্ষীয়েও কৰে গুলীচালনা ৷ আৰক্ষীৰ দুটাকৈ গুলীয়ে ভেদি গ’ল ৰঞ্জিৎ বৰাৰ হত্যাকাৰী শ্বাহ আলমৰ বুকু (Ranjit Bora murderer Shah Alam) ৷
গুলীবিদ্ধ শ্বাহ আলমক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে (Ranjit Bora murder prime accused killed) ৷ শ্বাহ আলমে আৰক্ষীলৈ গুলীচালনা কৰোঁতে ব্যৱহাৰ কৰিছিল এটা .22 ব’ৰৰ পিষ্টল ৷ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰে পিষ্টলটোৰ লগতে 1 জাঁই সক্ৰিয় গুলী আৰু তিনিটা খালি কাৰ্টিজ ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ 21 নৱেম্বৰত হত্যা কৰা হৈছিল ৰঞ্জিৎ বৰাক ৷
আত্মহত্যাৰো চেষ্টা চলাইছিল শ্বাহ আলমে-
ৰঞ্জিৎ বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত আছিল শ্বাহ আলম তালুকদাৰ ৷ ৰঞ্জিৎ বৰাক হত্যা কৰি বহুদিন ধৰি পলাতক অৱস্থাত আছিল শ্বাহ আলম ৷ আত্মগোপন কৰি থকা অৱস্থাত হাজোৰ পৰা আৰক্ষীয়ে শ্বাহ আলমক গ্ৰেপ্তাৰ কৰিছিল ৷ শেহতীয়াকৈ আন এটা গোচৰ সংক্ৰান্তত দিছপুৰ আৰক্ষীৰ পৰা 7 দিনৰ নিজৰ জিম্মাত লৈছিল সাতগাঁও আৰক্ষীয়ে (Guwahati Ranjit Bora Murder) ৷ লকাপত থকা অৱস্থাতে শৌচাগাৰৰ মগ ভাঙি, ভঙা অংশৰে হাত কাটি আত্মহত্যাৰ চেষ্টা কৰিছিল শ্বাহ আলমে ৷ কিন্তু ৰক্তাক্ত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি শ্বাহ আলমক চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৷
কোন আছিল ৰঞ্জিৎ বৰা ?
গুৱাহাটীৰ পাঞ্জাৱাৰীৰ পূৰৱী ডেইৰীৰ (Purabi Dairy) বিতৰক আছিল ৰঞ্জিৎ বৰা ৷ 21 নৱেম্বৰত ডেইৰীখনৰ ধন ICICI বেংকত জমা দিবলৈ যাওঁতেই দিন-দূপৰতে গুলীয়াই হত্যা কৰা হৈছিল ৰঞ্জিৎ দত্তক ৷ ৰঞ্জিৎ দত্তক হত্যা কৰি দলটোৱে লুটি নিছিল 2 লাখ 45 হাজাৰ টকা ৷ ইফালে ৰঞ্জিৎ বৰাৰ দুৰ্ভগীয়া পত্নীয়ে হত্যাকাৰী শ্বাহ আলমৰ মৃত্যুৰ পাচত মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় ,‘‘ আজি ৰঞ্জিৎ বৰাৰ আত্মাই শান্তি পাব ৷ আমি ন্যায় পালো ৷ বিনাকাৰণত কামলৈ যোৱা মানুহটোক মাৰি পেলালে ৷ ’’
বৰ্তমানেও পলাতক হত্যাকাণ্ডৰ আন এটা অভিযুক্ত-
শ্বাহ আলম সহিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আন 4 অভিযুক্তক ৷ ধৃত 4 সদস্য সুজল আলী, জয়দেৱ মহন্ত, জিতুমণি বৰ্মণ আৰু হৰেন পাটগিৰি ৷ কিন্তু এতিয়াও আৰক্ষীৰ জালত পৰা নাই আন এটা অভিযুক্ত ৷ পলাতক সদস্যাটোৰ সৈতে হত্যাকাণ্ডত ব্যৱহৃত হোৱা পিষ্টলটো থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক: Ranjit Bora Murder Case: আৰক্ষীৰ বেহুফালি হেণ্ডকাফ পিন্ধিয়েই পলাল শ্বাহ আলম; বিচাৰি ফুৰিছে আৰক্ষীয়ে