ETV Bharat / state

ভগ্ন মথাউৰি নিৰ্মাণৰ দাবীত বান বিধ্বস্ত বগৰীবাৰীত প্ৰতিবাদ - কৃষক মুক্তি সংগ্ৰাম সমিতি

ৰঙিয়াৰ বগৰীবাৰীত ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ । ভগ্ন মথাউৰি নিৰ্মাণ আৰু বান পীড়িতৰ সংস্থাপনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই । এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লৈ জলসিঞ্চন মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে ।

বগৰীবাৰীত ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

author img

By

Published : Mar 8, 2021, 5:40 PM IST

ৰঙিয়া, ৮ মাৰ্চ: ভগ্ন মথাউৰি নিৰ্মাণৰ দাবীত ৰঙিয়াৰ বগৰীবাৰীত প্ৰতিবাদত নামিল ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী আৰু স্থানীয় ৰাইজ । পুঠিমাৰী নৈৰ বানে বিধ্বস্ত কৰিছিল বগৰীবাৰীৰ মথাউৰিটো । প্ৰায় ৮ মাহ পূৰ্বে জলসম্পদ বিভাগে মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল যদিও আজি পৰ্যন্ত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল ।

বাৰিষা পুনৰ বানে সমগ্ৰ অঞ্চল প্লাবিত কৰিব বুলি শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । সেয়ে, সোমবাৰে জলসম্পদ বিভাগ আৰু জলসিঞ্চন মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মী আৰু স্থানীয় ৰাইজে ।

বগৰীবাৰীত ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

ভগ্ন মথাউৰি নিৰ্মাণৰ লগতে বানত ঘৰ-মাটি হেৰুওৱা লোকৰ সংস্থাপনৰ দাবী জনায় সংগঠন দুটাই । উল্লেখ্য যে, নৈৰ ৰিং বান্ধৰ পিছতে ৰহস্যজনকভাৱে মথাউৰি নিৰ্মাণৰ কাম বন্ধ ৰাখিছে জলসম্পদ বিভাগে । বাৰিষাৰ পূৰ্বে যদি মথাউৰি নিৰ্মাণ নকৰে তেন্তে পুনৰ ৰঙিয়াৰ শতাধিক গাঁও প্লাবিত হোৱাৰ আশংকা কৰিছে অঞ্চলবাসীয়ে ।

পূৰ্বেও বহুবাৰ অনুৰোধ জনোৱাৰ পিছত মথাউৰিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাত বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । নিৰ্বাচনৰ পূৰ্বে ভগ্ন মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰিলে বিধানসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক সকীয়াই দিলে প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক:কংগ্ৰেছৰ গাড়ী আজমলে কলিয়া ভোমোৰা দলঙত পেলাব : পদ্ম হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.