ETV Bharat / state

Raid against illegal iquor: ৰঙিয়া আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা

ৰঙিয়াৰ ডিমুত বিলাতী সুৰাৰ বিৰুদ্ধে ৰঙিয়া আৰক্ষীৰ অভিযান (Rangia Police raid against foreign liquor) । বিলাতী সুৰা ভৰ্তি টেম্পো জব্দ ৰঙিয়াৰ ডিমু চ'কত । উদ্ধাৰ হোৱা সুৰাখিনিৰ বজাৰ মূল্য হাজাৰোধিক হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

Rangia Police raid against foreign liquor
Raid against illegal iquor: ৰঙিয়া আৰক্ষীৰ অভিযানত জব্দ বিপুল পৰিমাণৰ সুৰা
author img

By

Published : Oct 3, 2022, 6:59 PM IST

ৰঙিয়া, 3 অক্টোবৰ: দুৰ্গা পূজাৰ সুযোগ বুজি ৰঙিয়াত বিলাতী সুৰাৰ ৰমৰমীয়া বেহা । গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৃহৎ সফলতা ৰঙিয়া আৰক্ষীৰ । বিলাতী সুৰা ভৰ্তি টেম্পো ৰঙিয়া আৰক্ষীয়ে জব্দ কৰে ৰঙিয়াৰ ডিমু চ'কত (Rangia Police raid against foreign liquor) ।

বাইহাটা চাৰিআলিৰ পৰা ডিমুলৈ গৈ থকা অৱস্থাত জব্দ কৰা হয় অবৈধ সুৰা ভৰ্তি টেম্পোখন । জব্দকৃত বাহনখনৰ নম্বৰ AS 25 AC 5425 । ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে অভিযান চলাই জব্দ কৰে টেম্পোখন ।

Raid against illegal iquor: ৰঙিয়া আৰক্ষীৰ অভিযানত জব্দ বিপুল পৰিমাণৰ সুৰা

আৰক্ষীৰ চকুত ধূলি দিবলৈ টেম্পোখনৰ নম্বৰৰ এটা সংখ্যা আঁতৰাই দুগৰাকী যাত্ৰীৰ সৈতে চালকজনে চলাই আহিছিল টেম্পোখন । প্ৰায় ১৬ কাৰ্টন বিভিন্ন প্ৰকাৰৰ বিলাতী সুৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় টেম্পোখনৰ পৰা (Illegal iquor seized in rangia) । টেম্পোখনৰ এটা অংশত লুকুৱাই অনা হৈছিল সুৰাখিনি ।

জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য সহস্ৰাধিক হ’ব বুলি জানিবলৈ দিছে ৰঙিয়া আৰক্ষীয়ে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে চালকজনক আটক কৰি জেৰা আৰম্ভ কৰিছে ৷ চালকজনৰ নাম মুকলেশ্বৰ ৰহমান বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

লগতে পঢ়ক: মহিষাসুৰৰ স্থানত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি : সৰ্বত্ৰে অখিল ভাৰতীয় হিন্দু মহাসভাক গৰিহণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.