ETV Bharat / state

ৰজতকমল বঁটাৰে উজলিল চন্দ্ৰ মুদৈ পৰিচালিত অসমীয়া বোলছবি ৰণুৱা - ৰণুৱা

অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ কঢ়িয়াই আনিছে চন্দ্ৰ মুদৈ পৰিচালিত ছবি ৰণুৱাই ৷ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত ৰজতকমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৰণুৱা নামৰ অসমীয়া বোলছবিখনে ৷

rajat kamal award to assamese movie ranua
Rajat kamal award
author img

By

Published : Oct 25, 2021, 6:36 PM IST

গুৱাহাটী, ২৫ অক্টোবৰ : ক’ভিডে থানবান কৰি থৈ যোৱা ৰাজ্যৰ চলচ্চিত্ৰ জগতলৈ সুখবৰ । দেশৰ মৰ্যাদা পূৰ্ণ ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে নিৰ্বাচিত ''ৰণুৱা'' নামৰ অসমীয়া ছবিখনে লাভ কৰিছে ৰজতকমল বঁটা । অসমীয়া চলচ্চিত্ৰৰ এগৰাকী জনপ্রিয় চলচ্চিত্ৰ নিৰ্মাতা তথা পৰিচালক চন্দ্ৰ মুদৈৰ দ্বাৰা পৰিচালিত 'ৰণুৱা' নামৰ অসমীয়া ছবিখনে ৰজকমল বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।

সোমবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত ছবিখনৰ পৰিচালক চন্দ্ৰ মুদৈয়ে উপ-ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৰ পৰা ৰজতকমল বঁটা গ্ৰহণ কৰে । ১৯৫৬ চনত নগাঁও জিলাৰ পুৰণিগুদামত জন্ম গ্ৰহণ কৰা জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা চন্দ্ৰ মুদৈয়ে এতিয়ালৈ ১৫ খন ছবি নিৰ্মাণ কৰিছে ৷ তাৰ ভিতৰত গ' গ' আই আৰু ভোলা ব'ম ভোলা নামৰ ছবি দুখন মুক্তিৰ বাবে সাজু হৈ আছে ।

চন্দ্ৰ মুদৈয়ে পৰিচালনা কৰা মাঘত মামণিৰ বিয়া, উজনিৰ দুজনী গাভৰু, চেনাই মোৰ ঢুলীয়া, জোন দা ইমান গুণ্ডা, সুৰেন চোৰৰ পুতেক, ছয়গাঁৱৰ চম্পা, বাকৰ পুতেক আদি ছবি সমূহে দৰ্শকৰ মাজত বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে । 'পূৰব কি আৱাজ' নামৰ এখন হিন্দী ছবিও নিৰ্মাণ কৰিছে এই গৰাকী জনপ্রিয় ছবি নিৰ্মাতাই ।

৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত ৰণুৱা নামৰ অসমীয়া ছবিখনে শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা সন্মান লাভ কৰাত খুবেই আনন্দিত হৈ পৰিছে পৰিচালক গৰাকীৰ লগতে অসমীয়া ছবিৰ অনুৰাগীসকল ৷ অসমবাসী ৰাইজৰ মৰম-আশীৰ্বাদৰ বাবেই এনে সফলতা লাভ কৰা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে পৰিচালক চন্দ্ৰ মুদৈয়ে ৷

লগতে পঢ়ক : চুপাৰষ্টাৰ ৰজনীকান্তলৈ দাদা চাহেব ফাল্কে বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.