ETV Bharat / state

12 ছেপ্তেম্বৰৰ পৰা দেশত চলিব 80 খনকৈ বিশেষ ৰে'ল - ৰে'ল মন্ত্ৰালয়

বৰ্তমানলৈ স্থানীয় যাত্ৰীবাহী কোনো ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই উত্তৰ-পূৱ সীমান্ত ৰে'লৱে । ৰাজ্য চৰকাৰ তথা ৰে'ল মন্ত্ৰালয়ে এই সন্দৰ্ভত সিন্ধান্ত গ্ৰহণ কৰিব ৷

railway new decision
১২ ছেপ্তেম্বৰৰ পৰা দেশত চলিব ৮০খনকৈ বিশেষ ৰে'ল
author img

By

Published : Sep 6, 2020, 9:56 PM IST

গুৱাহাটী,6 ছেপ্তেম্বৰঃ 12 ছেপ্তেম্বৰৰ পৰা দেশত চলিব 80 খনকৈ বিশেষ ৰে'ল । কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে বন্ধ হৈ থকা ৰে'ল সেৱা লাহে লাহে খোলাৰ ব্যৱস্থা কৰিছে কেন্দ্ৰীয় চৰকাৰে । ৰে'ল মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনত চাৰিখনকৈ দূৰণীবটীয়া ৰে'ল চলাচল কৰিব । ইয়াৰে অসমৰ পৰা তিনিখন আৰু এখন আগৰতলাৰ পৰা চলাচল কৰিব । ডিব্ৰুগড়-লালগড়,গুৱাহাটী-বাংগালোৰ,ডিব্ৰুগড়-অমৃতসৰ আৰু আগৰতলা-দেওধৰ বিশেষ ৰে'ল চলাচল কৰিব ।

অহা 10 ছেপ্তেম্বৰৰ পৰা ষ্টেচনত এই ৰে'ল কেইখনৰ টিকট উপলব্ধ হ'ব । তাৰোপৰি IRCTCৰ ৱেবছাইট যোগেও টিকট ক্ৰয় কৰিব পাৰিব যাত্ৰীয়ে । এই কথা জনালে উত্তৰ-পূৱ সীমান্ত ৰে'লৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই । ইফালে বৰ্তমানলৈ স্থানীয় যাত্ৰীবাহী কোনো ৰে'ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই উত্তৰ-পূৱ সীমান্ত ৰে'লৱে । ৰাজ্য চৰকাৰ তথা ৰে'ল মন্ত্ৰালয়ে এই সন্দৰ্ভত সিন্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে ।

১২ ছেপ্তেম্বৰৰ পৰা দেশত চলিব ৮০খনকৈ বিশেষ ৰে'ল

লগতে পঢ়কঃ গোৱালপাৰাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত লুণ্ঠনৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.