ETV Bharat / state

মৰিয়নীৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰে অখিল গগৈয়ে: ৰাইজৰ দল

author img

By

Published : Mar 11, 2021, 10:30 PM IST

বৃহস্পতিবাৰে এক সংবাদমেলযোগে অখিল গগৈৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা সন্দৰ্ভত স্পষ্ট কৰিলে ৰাইজৰ দলে ৷ কেৱল শিৱসাগৰৰ পৰাহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈয়ে ৷ এই কথা সদৰী কৰে দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই ৷

raijor-dol-pressmeet
ৰাইজৰ দলৰ সংবাদমেল

গুৱাহাটী,11 মাৰ্চ: মৰিয়নীৰ পৰা নহয়, কেৱল শিৱসাগৰৰ পৰাহে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈয়ে ৷ বৃহস্পতিবাৰে সংবাদমেলযোগে এই কথা স্পষ্ট কৰে ৰাইজৰ দলে ৷

ৰাইজৰ দলৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা সংবাদমেলত দলটোৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়াই স্পষ্ট কৰে যে, দলটোৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰ আৰু মৰিয়নীৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও গৃহ সমষ্টি মৰিয়নীৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ একমাত্ৰ বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত মৰিয়নী সমষ্টিটো বিৰোধীৰ বাবে এৰি দিয়াৰ কথা উল্লেখ কৰে শইকীয়াই ৷

লগতে শইকীয়াই কয় যে, অখিল গগৈৰ ইচ্ছা আৰু দলৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি তেওঁ মৰিয়নীত প্ৰতিদ্বন্দ্বিতা নকৰে ৷ উল্লেখ্য যে, ৰাইজৰ দলৰ মিত্ৰ দল অসম জাতীয় পৰিষদে মৰিয়নী সমষ্টিত প্ৰাৰ্থী দিয়া নাই ৷

লগতে পঢ়ক : কাছাৰত মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.