ETV Bharat / state

Municipal tax hike: কৰ সংগ্ৰহৰ ক্ষেত্ৰত ঔৰংগজেৱক আদৰ্শ হিচাবে লৈছে চৰকাৰে: ৰাইজৰ দল

author img

By

Published : Mar 18, 2023, 3:50 PM IST

পৌৰ কৰ বৃদ্ধিক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ পৌৰসভাসমূহে নীতিবৰ্হিভূতভাৱে পৌৰ কৰ বৃদ্ধি কৰাৰ বিৰুদ্ধে সৰৱ হ’ল ৰাইজৰ দল (Municipal tax hike) ৷ গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি কৰ সংগ্ৰহৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঔৰংগজেৱক আদৰ্শ হিচাবে লৈছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজৰ দলে ৷

Municipal tax hike
কৰ সংগ্ৰহৰ ক্ষেত্ৰত ঔৰংগজেৱক আদৰ্শ হিচাবে লৈছে চৰকাৰে: ৰাইজৰ দল

গুৱাহাটী, 18 মাৰ্চ: পৌৰসভা এলেকাত অত্যাধিক কৰ আৰোপ কৰি পৌৰ আইন ভংগ কৰিছে চৰকাৰে ৷ কৰ আৰোপৰ ক্ষেত্ৰত ঔৰংগজেৱক আদৰ্শ হিচাবে লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই অভিযোগ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়াৰ (Raijor Dal reaction on municipal tax hike) ৷

শনিবাৰে ৰাইজৰ দলৰ মঠঘৰীয়াস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এক সংবাদমেলৰ সম্বোধন কৰি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক চিন্ময় বড়া আৰু তথ্য আৰু প্ৰচাৰ সম্পাদক দেবাংগ সৌৰভ গগৈয়ে কয় যে পৌৰসভা এলেকাসমূহত চৰকাৰে জাপি দিব খোজা অত্যাধিক সম্পত্তি কৰৰ জৰিয়তে পৌৰকৰ বৃদ্ধিৰ বাবে প্ৰকাশিত Draft Reassessment খনে অসম পৌৰসভা আইন (Assam Municipal Act) 1956 খনৰ 68ৰ পৰা 92 লৈ কেইবাটাও ধাৰা উলংঘা কৰা পৰিলক্ষিত হৈছে (Property tax hike in Assam) ৷

পৌৰ আইনখনৰ মতে পৌৰসভাই হল্ডিং, লাইট, ড্ৰেইনেজ, পানী , শৌচাগাৰ আৰু ব্যক্তিগত বজাৰৰ ওপৰত 68 নং ধাৰা অনুযায়ী কৰ আৰোপ কৰিব পাৰে ৷ তেওঁলোকে লগতে কয়, ‘‘বিভিন্ন পৌৰসভাসমূহৰ দ্বাৰা প্ৰকাশিত Draft Reassessment জাননীৰ যোগেদি নাগৰিকৰ ওপৰত তিনি শতাংশকৈ নগৰীয়া কৰ আৰোপ কৰিব বিচাৰিছে ৷ এনেধৰণৰ কৰৰ বিষয়ে অসম পৌৰসভা আইন 1956ত কোনোধৰণৰ উল্লেখ নাই ৷’’

লগতে কয়, ‘‘কৰৰ নিৰিখ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত Draft Reassessment খনে পৌৰসভা 1956 খনৰ ধাৰা 79(III) উলংঘা কৰা দেখা যায় ৷ এই আইনখনৰ ধাৰা 79(III) অনুযায়ী Commercial Holding দোকান, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী কেন্দ্ৰ, কাৰ্যালয়, গুদাম ঘৰ, আৰু Service Facilities Incidental to the sell of goods and located at the same holding ক বুজায় ৷’’

কিন্তু এই খচৰাখনৰ যোগেদি ব্যক্তিগত আৰু চৰকাৰী ব্যৱহাৰৰ বাবে ভাৰালৈ দিয়া ঘৰকো ব্যৱসায়িক হিচাপে দেখুওৱা হৈছে বুলিও উত্থাপন কৰে অভিযোগ ৷ লগতে অভিযোগ উত্থাপন কৰি কয় যে নিৰ্বাচনৰ সময়ত শৰাইঘাটৰ শেষযুদ্ধৰ কথা কৈ ক্ষমতালৈ অহা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বুকুৰ আপোন প্ৰকৃততে মোগল আৰু ব্ৰিটিছসকলহে (Tax impose by BJP govt) ৷ যাৰবাবে হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণৰ ওপৰত ঔৰংগজেৱৰ দৰে অত্যাধিক কৰৰ বোজা জাপি দিবলৈ অলপো কুণ্ঠাবোধ কৰা নাই (Rajor Dal slams Assam BJP govt) ৷

হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কটাক্ষ কৰি ঘৰৰ প্ৰতিখন খিৰিকিৰ বাবদ ‘খিৰিকি কৰ’ আৰু ‘টুপি কৰ’ আৰোপ কৰক বুলিও কটাক্ষ কৰে ৰাইজৰ দলে ৷ আনহাতে, ঔৰংগজেৱৰ দৰে চৰকাৰে ‘জিজিয়া’ কৰ আৰোপ কৰিবলৈয়ো কুণ্ঠাবোধ নকৰিব বুলিও মন্তব্য কৰে ৷ এই দৰেই পৌৰ বৃদ্ধিক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ৰাইজৰ দল ৷

লগতে পঢ়ক: 2023-24 state budget: 2023-24 বৰ্ষৰ ৰাজ্যিক বাজেটক নিৰ্বাচন কেন্দ্ৰীক বাজেট আখ্যা বিৰোধীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.