গুৱাহাটী,22 অক্টোবৰ: আজি মহাষষ্ঠী ৷ মহাষষ্ঠী উপলক্ষে গুৱাহাটী মহানগৰীৰ প্ৰতিখন পূজা মণ্ডপতে দেখা গ’ল আয়োজক সমিতিৰ ব্যস্ততা ৷ অৱশ্যে এইবাৰ কোনোখন পূজা মণ্ডপতে দেখা নাযাব দুৰ্গোৎসৱৰ আড়ম্বৰতা ৷ কেৱল মাত্ৰ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি পূজা সমিতিসমূহে আয়োজন কৰিছে পূজাৰ ৷ নাই কোনো পূজা মণ্ডপৰ জাক-জমকতা ৷
ঐতিহাসিক লতাশিল খেলপথাৰত আয়োজন কৰা পূজা মণ্ডপত এইবাৰ নাই দেৱী দুৰ্গতিনাশিনীৰ মৃণ্ময় প্ৰতিমা ৷ দেৱীৰ প্ৰতিমাৰ পৰিৱৰ্তে এইবাৰ লতাশিল পূজা সমিতিয়ে কৰিব ঘট পূজা ৷ মূৰ্তিৰ সলনি পূজা সমিতিখনে ব্যৱহাৰ কৰিছে দেৱী দুৰ্গাৰ এখন বেনাৰ ৷ আনহাতে ভক্তৰ সমাগমৰ ক্ষেত্ৰতো পূজা সমিতিখনে বলৱৎ কৰিছে কিছু কঠোৰ নীতি-নিৰ্দেশনা ৷ মুখত মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰিছে সমিতিখনে ৷
সমান্তৰালভাৱে চানমাৰীৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়েও ভক্তৰ বাবে নিৰ্ধাৰণ কৰিছে কেতবোৰ কঠোৰ নীতি-নিয়ম ৷ এবাৰত মাত্ৰ দহজন ভক্তহে সোমাব পাৰিব চানমাৰীৰ পূজা মণ্ডপত ৷ তাৰোপৰি পূজাখনত এইবাৰ নাথাকিব কোনোধৰণৰ ভোগৰ ব্যৱস্থা ৷ আয়োজক সমিতিয়ে জনালে এই কথা ৷ লতাশিল পূজা সমিতিৰ দৰে চানমাৰী পূজা সমিতিয়েও এইবাৰ মূৰ্তি পূজাৰ সলনি কৰিব ঘট পূজা ৷ ঐতিহাসিক উগ্ৰতাৰা দেৱালয়তো কঠোৰ নীতি-নিয়মৰ মাজতে পালন কৰিছে শাৰদীয় দুৰ্গা পূজা ৷ সম্পূৰ্ণ কোভিড প্ৰট’কলৰ নিয়ম মানি এইবাৰ দেৱালয় কৰ্তৃপক্ষই আয়োজন কৰিছে শাৰদীয় দুৰ্গোৎসৱ ৷ ভক্তসকলকো কোভিডৰ নীতি-নিয়ম মানি চলিহে মন্দিৰত প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছে দেৱালয় কৰ্তৃপক্ষই ৷
উল্লেখ্য যে, ৰাজ্য চৰকাৰে দুৰ্গা পূজা সমিতিসমূহক পূজা আয়োজন কৰাৰ আগতে পুৰোহিতসকলক কোভিড পৰীক্ষা কৰোৱাৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু একাংশ পূজা সমিতিয়ে ৰাজ্য চৰকাৰৰ নিৰ্দেশনা মানি চলি পুৰোহিতসকলৰ কোভিড পৰীক্ষা কৰাইছে যদিও অধিকাংশ পূজা সমিতিয়ে কৰা নাই পুৰোহিতৰ কোভিড পৰীক্ষা ৷ কিয়নো কমিটিৰ মতে পূজা সম্পন্ন কৰিবলৈ দীক্ষিত পূজাৰীৰ অভাৱ ৷ এনে সময়ত যদি মূল দীক্ষিত পুৰোহিতজন কোভিডত আক্ৰান্ত হয় তেনেহ’লে সম্পন্ন কৰিব নোৱাৰিব পূজা-অৰ্চনা ৷ সেয়েহে মা দশভূজাৰ হাততেই সকলোবোৰ অৰ্পণ কৰিছে পূজা সমিতি সমূহে ৷
লগতে চাওকঃ মহানগৰীৰ ৰাজপথত আইন অমান্যকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান