ETV Bharat / state

প্ৰতিবন্ধী দিৱসৰ দিনাই গুৱাহাটীত দিব্যাংগ মঞ্চৰ প্ৰতিবাদ

author img

By

Published : Dec 3, 2020, 8:50 PM IST

গুৱাহাটীত দিব্যাংগ মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিভিন্ন দাবী পূৰণৰ উদ্দেশ্যে এই প্ৰতিবাদ সাব্যস্ত কৰে দিব্যাংগ মঞ্চই ৷

protest-of-divyang-mancha-in-guwahati-on-the-disability-day
প্ৰতিবন্ধী দিৱসৰ দিনাই গুৱাহাটীত দিব্যাংগ মঞ্চৰ প্ৰতিবাদ

গুৱাহাটী, 3 ডিচেম্বৰ : প্ৰতিবন্ধী দিৱসৰ দিনাই দিব্যাংগ সকলক নিযুক্তিৰ দাবীত অসম ৰাজ্যিক দিব্যাংগ মঞ্চৰ উদ্যোগত মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ হাতে হাতে বেনাৰ, প্লে'কাৰ্ড লৈ দিব্যাংগ সকলক চতুৰ্থ বৰ্গত নিযুক্তি দিয়ক, মাননি বৃদ্ধি কৰক, বিজেপি চৰকাৰ হায় হায়, মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম মূৰ্দাবাদ আদি শ্ল'গানৰে প্ৰতিবাদ উত্তাল কৰি তোলে ৷

প্ৰতিবাদস্থলীৰ পৰাই আগন্তক বৰ্ষৰ জানুৱাৰীত দিব্যাংগ সকলৰ নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে অন্যথা প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : কাছাৰত পথ দুৰ্ঘটনাত নিহত 5 গৰাকীকৈ ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.