ETV Bharat / state

ভূমি পট্টা বিচাৰি লাষ্টগেট উত্তাল কৰিলে ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে - ভূমি অধিকাৰ সংগ্ৰাম সমিতি

খিলঞ্জীয়া মানুহৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱাল সম্পূৰ্ণ ব্যৰ্থ । লাষ্ট গেটত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ । মুখ্যমন্ত্ৰীৰ পদৰ পৰা সৰ্বানন্দ সোণোৱালৰ পদত্যাগৰ দাবী।

guwahati
লাষ্টগেটত বিজেপি বিৰোধীতাৰে প্ৰতিবাদ
author img

By

Published : Mar 12, 2020, 5:13 PM IST

Updated : Mar 12, 2020, 5:36 PM IST

গুৱাহাটী, 12 মাৰ্চঃ বিধানসভাত ৰাজ্য চৰকাৰৰ বাজেট অধিবেশন চলি থকা সময়তে লাষ্ট গেটৰ প্ৰতিবাদস্থলীত চৰকাৰক আক্ৰমণ ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ। খিলঞ্জীয়া মানুহৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰা উচিত বুলি সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ। ৰাজ্যৰ ভূমিহীন লোক সকলক ভূমিৰ পট্টা প্ৰদানৰ দাবীত লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰি কয় যে, ৪টাকৈ বছৰ সম্পূৰ্ণ কৰাৰ পিছতো এজনো ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰিব নোৱাৰা চৰকাৰখনক কেনেকৈ খিলঞ্জীয়াৰ চৰকাৰ বুলি অভিহিত কৰিব পাৰি ? মহানগৰী গুৱাহাটীৰ প্ৰায় ৮৫ হাজাৰ লোকে দীৰ্ঘদিন ধৰি ভূমিৰ পট্টা বাবে সংগ্ৰাম কৰি আহিছে যদিও আজি পৰ্যন্ত কোনো এখন চৰকাৰে এই সমস্যা সমাধান কৰিবলৈ সক্ষম নহ'ল । বিজেপি চৰকাৰখনে ওলোটা ভূতৰ ওপৰত দানহ পৰাদি নতুন ভূমি নীতিৰ জৰিয়তে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিবলৈ প্ৰস্তুত হৈছে বুলি ক্ষোভ উজাৰি প্ৰতিবাদকাৰী সকলে কয় যে, আমি কোনো কাৰণতে এই নতুন ভূমি নীতি মানি নলওঁ ।

লাষ্টগেটত প্ৰতিবাদত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ

ভূমি অধিকাৰৰ দাবী জনাই ভূমিক লৈ চৰকাৰক ৰাজনীতি নকৰিবলৈ সকীয়ানি প্ৰদান কৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ কাৰাবন্দী নেতা সকলক অতি শীঘ্ৰে মুক্তিৰ দাবীও জনাই ভূমি অধিকাৰ সংগ্ৰাম সমিতিয়ে । চৰকাৰে তেওঁলোকৰ দাবী অতি শীঘ্ৰে পূৰণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰো দিয়ে প্ৰতিবাদকাৰী সকলে ।

আৰু পঢ়কঃ 2010ৰ পুনৰাবৃত্তি ! তৃতীয়খন আসনতো দিব পাৰে বিজেপিয়ে প্ৰাৰ্থী

Last Updated : Mar 12, 2020, 5:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.