গুৱাহাটী ,4 ছেপ্তেম্বৰ: নিৰ্মীয়মান অৱস্থাত থকা নলাৰ কামৰ গতি অতি লেহেমীয়া হোৱাৰ লগতে কাম অতি নিম্নমানৰ হোৱাৰ অভিযোগ তুলি মঙলবাৰে নিশা মালিগাঁওত ৰাজপথলৈ ওলাই আহিল শতাধিক লোক ৷ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰণৰ অধীনত নলা নিৰ্মাণকাৰ্য অতি লেহেমীয়াৰ হোৱাৰ অভিযোগ তুলি পৰিৱেশ উত্তাল কৰি তোলে মালিগাঁওৰ একাংশ সচেতন ৰাইজে ৷ উল্লেখ্য যে যোৱা এসপ্তাহে নলা নিৰ্মাণৰ কাম আধৰুৱা কৰি পেলাই থোৱাৰ বাবে যমৰ যান্ত্ৰণা ভুগিব লগা হৈছে বৰিপাৰা অঞ্চলবাসী ৰাইজে ৷ নলাৰ কাম সম্পুৰ্ণ নোহোৱাত ৰাজপথতেই বাহন ৰাখিব লগীয়া অৱস্থাত পৰিছে অঞ্চলবাসী ৷ বাহন সমুহ এনেদৰে ৰাজপথত ৰখাৰ সময়তে দুস্কৃতিকাৰীয়ে বাহন সমুহৰ ক্ষতিসাধন কৰাৰো অভিযোগ ৰাইজৰ ৷ অৱশেষত উপায়ন্তৰ হৈ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধীকৰণ চমুকৈ GMDA ক অতিশীঘ্ৰে নলাৰ কাম শেষ কৰাৰ অনুৰোধ জনাইছে এইসকল ৰাইজে।
মালিগাঁওত GMDA ৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ - বৰিপাৰা অঞ্চলবাসী
এসপ্তাহে নলা নিৰ্মাণৰ কাম আধৰুৱা কৰি পেলাই থোৱাৰ বাবে যমৰ যান্ত্ৰণা ভুগিব লগা হৈছে বৰিপাৰা অঞ্চলবাসী ৰাইজে ৷