ETV Bharat / state

সাংবাদিক-সংবাদকৰ্মীক গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ

মঙলবাৰে প্ৰথম দিনটোত পৰীক্ষণৰ অন্তত ১০ গৰাকী শিকাৰুক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় । মহানগৰীৰ প্ৰায় ৬১ জনতকৈ অধিক সংবাদকৰ্মীয়ে এতিয়ালৈ গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছে ।

author img

By

Published : Sep 1, 2021, 7:54 AM IST

driving licence for journalist
সংবাদকৰ্মীক গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ

গুৱাহাটী, ১ ছেপ্তেম্বৰ : অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) কার্যালয়ে ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে দিনে-নিশাই সেৱা আগবঢ়াই অহা সাংবাদিক আৰু সংবাদকৰ্মীসকলক মঙলবাৰৰ পৰা থিতাতে গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় চৌহদত হোণ্ডা ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰৰ সহযোগত এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ প্ৰেছ সচিব ধ্ৰুৱ মহন্ত, প্ৰাগ নিউজৰ পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ, জ্যেষ্ঠ সাংবাদিকদ্বয় ক্ৰমে প্ৰণয় বৰদলৈ আৰু মনোজ কুমাৰ নাথ উপস্থিত থাকে । জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞা) গৌতম দাসে আঁত ধৰা অনুষ্ঠানটোত ধ্ৰুৱ মহন্তই সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলৰ গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে গ্ৰহণ কৰা প্ৰয়াসৰ বাবে জিলা পৰিবহণ বিষয়া গৌতম দাসৰ শলাগ লয় ।

আনহাতে, সঞ্জীৱ নাৰায়ণে কোনো সংবাদকৰ্মীয়ে ব্যৱসায়িক ভিত্তিত টাটা কোম্পানীৰ বাহন চলাব বিচাৰিলে তেওঁলোকৰ ডিলাৰ্চত কোম্পানীৰ মূল্যত বাহন প্ৰদান কৰিব বুলি ব্যক্ত কৰে ৷ অৱশ্যে ইয়াৰ বাবে গুৱাহাটী প্ৰেছ ক্লাৱৰ পৰা এখন অনুমোদন পত্ৰ সংগ্ৰহ কৰিব লাগিব । আনহাতে প্ৰণয় বৰদলৈ আৰু মনোজ কুমাৰ নাথেও সাংবাদিক-সংবাদকৰ্মীৰ বাবে আগবঢ়োৱা এনে ধৰণৰ সুবিধা গ্ৰহণৰ বাবে সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলক আগবাঢ়ি আহিবলৈ আহ্বান জনায় ।

অনুষ্ঠানত উপস্থিত আবেদনকাৰী সংবাদকর্মীসকলৰ মাজৰ পৰা আজি প্ৰথম দিনটোত পৰীক্ষণৰ অন্তত ১০ জন শিকাৰুক অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয় । অনুষ্ঠানত কামৰূপ(ম) জিলাৰ জিলা পৰিবহণ বিষয়া হিমাংশু দাস আৰু ৰফিকুল ইছলাম, যান-বাহন পৰিদৰ্শক জয়সিং ৰংফাৰ উপস্থিত থাকে ৷ জিলা পৰিবহণ বিষয়া গৌতম দাসে জানিবলৈ দিয়া অনুসৰি, এই পৰ্যন্ত অনলাইনযোগে ৬১ জনতকৈ অধিক সংবাদ কৰ্মীয়ে গাড়ী চালনাৰ শিকাৰুৰ অনুজ্ঞাপত্ৰৰ বাবে আবেদন কৰিছে । পৰৱৰ্তী দিনসমূহত প্ৰতিদিনে ১০ জনক শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ'ব ।

লগতে পঢ়ক: নৱম অসম আৰক্ষী বাহিনীৰ বাছত উদ্ধাৰ আঘাতপ্ৰাপ্ত পহু

ইফালে পৰিবহণ বিভাগৰ চালক-পৰিচালক প্ৰশিক্ষণ বিদ্যালয়ৰ উদ্যোগত তিনি সপ্তাহত গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাৰ ৬০০ জন চালকক প্ৰশিক্ষণ প্ৰদান কৰা হয় । গুৱাহাটীৰ ৰাজহুৱা পৰিবহণ সেৱাৰ লগত জড়িত চালক-পৰিচালকসকলৰ বৃত্তিগত দক্ষতা বৃদ্ধি, যাত্ৰীৰ প্ৰতি ব্যৱহাৰ বা আচৰণ কেনে হোৱা উচিত, পথত গাড়ী সলনিৰ সময়ত মানি চলিবলগীয়া আইন, ট্ৰেফিক সংকেত, পথ সুৰক্ষা আদিৰ সন্দৰ্ভত নুন্যতম সজাগতা অনাৰ উদ্দেশ্যে এই প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

জিলা পৰিবহণ বিষয়া হিমাংশু দাসে চিটিবাছ, মেজিক বা মেট্ৰ’, শ্বেয়াৰ টেক্সি, অ’লা-উবেৰকে ধৰি গুৱাহাটী মহানগৰীৰ ৰাজহুৱা পৰিবহণ সেৱাৰ সৈতে জড়িত প্ৰায় দুই হাজাৰ চালকক সামৰি লৈ ১০ আগষ্টৰ পৰা বছৰযোৰা প্ৰশিক্ষণ কাৰ্যসূচী হাতত লৈছে । প্ৰথমবাৰৰ বাবে প্ৰতি সপ্তাহৰ মঙলবাৰ আৰু শুকুৰবাৰে বিদ্যালয়খনৰ উদ্যোগত বেতকুছিত এদিনীয়াকৈ পৰ্যায়ক্ৰমে চালকসকলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে । ৩১ আগষ্ট পৰ্যন্ত প্ৰায় ৬০০ জন চালকক প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

আনহাতে আজি মাহৰ অন্তিম দিনটোত প্ৰশিক্ষণ কাৰ্যসূচীত জ্যেষ্ঠ সাংবাদিক আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ, কামৰূপ(ম) জিলাৰ জিলা পৰিবহণ বিষয়াদ্বয় গৌতম দাস আৰু ৰফিকুল ইছলাম উপস্থিত থাকি চালকসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায় । এই উপলক্ষে বিদ্যালয়ৰ অধ্যক্ষ আৰু জিলা পৰিবহণ বিষয়া হিমাংশু দাসে পৰিচালনা কৰা সভাখনত প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী-চালকসকলক মানপত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক: দিয়ুংমুখ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব NIA ক অৰ্পন কৰাৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.