ETV Bharat / state

Assam APSC scam updates: ৬ বছৰ ৪ মাহৰ অন্তত মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা ৰাকেশ পালৰ

author img

By

Published : Mar 28, 2023, 3:40 PM IST

৬ বছৰ ৪ মাহৰ অন্তত আজি মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰীৰ মূল অভিযুক্ত তথা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ (Accused of Assam APSC scam Rakesh Paul) ৷ ইতিমধ্যে বিশেষ আদালতত হাজিৰ কৰা হৈছে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক (Former chairman of APSC granted bail)।

Assam APSC scam updates
মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা দুৰ্নীতিৰ সদাগৰ ৰূপে অভিযুক্ত ৰাকেশ পাল

গুৱাহাটী, ২৮ মাৰ্চ : আজি অৰ্থাৎ মঙলবাৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা আছে অসম লোকসেৱা আয়োগৰ বিয়াগোম কেলেংকাৰীৰ মূল অভিযুক্ত তথা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ (APSC scam prime accused Rakesh Paul)। ৬ বছৰৰ ৪ মাহ পাচত মুকলি আকাশৰ তললৈ আহিব ৰাকেশ পাল ৷ ইতিমধ্যে বিশেষ আদালতত হাজিৰ কৰা হৈছে ৰাকেশ পালক । আজি বিয়লি ৬ বজাৰ পূৰ্বে যদি‌ আদালতৰ সকলো কাম সম্পূৰ্ণ হয়, তেন্তে ৰাকেশ পাল মুকলি আকাশৰ তললৈ অহাটো নিশ্চিত হৈ পৰিছে (Former chairman of APSC granted bail) ।

উল্লেখ্য যে, জামিননামা প্ৰস্তুত নোহোৱাৰ বাবেই সোমবাৰে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম নহ’ল দুৰ্নীতিৰ সদাগৰ স্বৰূপ ৰাকেশ পাল । সুদীৰ্ঘ ৬ বছৰ ৪ মাহ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালক শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে যদিও জামিন প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ সক্ষম নহ’ল পালৰ অধিবক্তা ।

লগতে পঢ়ক : APSC Scam: APSC কেলেংকাৰীৰ তদন্ত সন্দৰ্ভত ন্যায়িক আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰা নাই মন্ত্ৰীসভাই

সোমবাৰে ৰাকেশ পালৰ জামিনৰ বাবে অধিবক্তাই প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷ কিন্তু সেয়াও সম্পূৰ্ণ নহ’ল । যাৰ বাবে ৰাকেশ পাল সোমবাৰে কাৰামুক্ত হ’ব নোৱাৰিলে । আজি জামিননামা সম্পূৰ্ণ হ’লে ৬ বছৰ ৪ মাহৰ অন্তত ৰাকেশ পালে মুক্তি পোৱাৰ সম্ভাৱনা আছে (APSC scam prime accused Rakesh Paul granted bail) ।

উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত সৰ্বানন্দ সণোৱালৰ চৰকাৰৰ কাৰ্যকালত ডিব্ৰুগড় আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল ৰাকেশ পাল । ইয়াৰ পিচত ৰাকেশ পালৰ বিৰুদ্ধে এটাৰ পিচত এটাকৈ গোচৰ জাপি দি ৬ বছৰ ৪ মাহ কাৰাগাৰতে বন্দী হৈ থাকিব লগাত পৰিছিল ৰাকেশ পাল ।

জানিব পৰা মতে, ৰাকেশ পালৰ বিৰুদ্ধে ভঙাগড় থানাত ৰুজু হোৱা কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰি গোচৰটোত জামিন মঞ্জুৰ কৰে উচ্চ ন্যায়লয়ে । ১ লাখ টকা বণ্ড, দুজন জামিনদ্বাৰ আৰু পাছপ’ৰ্ট জমা দিয়াৰ চৰ্তত ৰাকেশ পালক জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে ।

লগতে পঢ়ক : Rakesh Paul granted bail: কাৰামুক্ত হ'ব পাৰে এ পি এছ চি কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.