ETV Bharat / state

মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰা ইমৰাণ শ্বাহ আৰক্ষীৰ জালত

মুখ্যমন্ত্ৰীৰ চহী জালৰ মূল অভিযুক্ত পৰিল আৰক্ষীৰ জালত ৷ ৰাজধানী চহৰ দিল্লীৰ পৰা দিছপুৰ আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে অভিযুক্ত শ্বাহক ৷

prime accused chief ministers signature fraud case is arrested
মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰা ইমৰাণ শ্বাহ আৰক্ষীৰ জালতমুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰা ইমৰাণ শ্বাহ আৰক্ষীৰ জালত
author img

By

Published : Sep 12, 2021, 9:37 PM IST

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰীৰ চহী জালিয়াতিৰ মাষ্টাৰমাইণ্ড ইমৰান শ্বাহ আৰক্ষীৰ জালত । দেওবাৰে দিল্লীৰ পৰা দিছপুৰ আৰক্ষীৰ গ্ৰেপ্তাৰ কৰে ইমৰান শ্বাহ নামৰ জালিয়াতিত জড়িত লোকজনক । ইপিনে, ঘটনা সন্দৰ্ভত আন চাৰি জন যুৱক জামিনী মোহন, দ্বীপজ্যোতি দত্ত, পংকজ গগৈ, বিনীত পোড্ডাৰক আৰক্ষীয়ে ইতিমধ্যে যোৱা ৯ ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰিছে ৷

উল্লেখ্য যে, PHE বিভাগৰ ঠিকাৰ কাৰণে ৪ যুৱকে মুখ্যমন্ত্ৰীৰ চহী থকা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ টোকা এটা PHE বিভাগৰ মুখ্য অভিযন্তালৈ পঠিয়াইছিল ৷ পৰৱৰ্তী সময়ত এই বিশেষ টোকাটোৰ ওপৰত অভিযন্তাগৰাকীৰ সন্দেহ হোৱাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত তেওঁ বিষয়টো অৱগত কৰে ৷ ইয়াৰ পিছতে দিছপুৰ আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা যোৱা ৮ ছেপ্টেম্বৰত এখন এজাহাৰ দাখিল কৰা হয় ।

এই এজাহাৰৰ ভিত্তিত ৯ ছেপ্টেম্বৰত আৰক্ষীয়ে অভিযুক্ত যুৱক চাৰিজনক গ্ৰেপ্তাৰ কৰে । ইয়াৰ লগে লগেই পোহৰলৈ আহে যে, ৯ লাখ টকাৰ বিনিময়ত ৱৰ্ক অৰ্ডাৰত মুখ্যমন্ত্ৰীৰ চহী জাল কৰিছিল ইমৰান শ্বাহে ।

এই কথা পোহৰলৈ অহাৰ লগে লগেই অভিযুক্ত ইমৰাণ শ্বাহৰ বিৰুদ্ধে যথেষ্ট তৎপৰ হৈ পৰিছিল দিছপুৰ আৰক্ষী ৷ অৱশেষত, দেওবাৰে ৰাজধানী চহৰ দিল্লীৰ পৰা ইমৰান শ্বাহক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে । ইপিনে, ঘটনা সন্দৰ্ভত আন তিনিজন লোককো সোধপোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে । ইতিমধ্যে, ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত 3298/21 নম্বৰত এটি গোচৰ ৰুজু হৈছে ।

লগতে পঢ়ক : থাওৰাৰ উপ-নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থী হ'ব ধৈৰ্য কোঁৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.