ETV Bharat / state

Primary teachers plan to Bharat Yatra: নতুন পেন্সন নীতি বাতিলৰ দাবীত গুৱাহাটীৰ পৰা আৰম্ভ হ’ব ভাৰত যাত্ৰা - নতুন পেন্সন নীতি

নতুন পেন্সন নীতি বাতিল কৰি পুৰণি পেন্সন নীতি বাহালৰ দাবীত দেশৰ প্ৰাথমিক শিক্ষকে অব্যাহত ৰাখিছে ধাৰাবাহিক প্ৰতিবাদ ৷ ইয়াৰে অংশ হিচাপে এইবাৰ দেশজুৰি মাহজোৰা ভাৰত যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰাৰ সিদ্ধান্ত অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ ৷ অসমৰ গুৱাহাটীৰ পৰা মঙলবাৰে আৰম্ভ হ’ব এই ভাৰত যাত্ৰা কাৰ্যসূচী ৷

Primary teachers plan to Bharat Yatra
নতুন পেন্সন নীতি বাতিলৰ দাবীত গুৱাহাটীৰ পৰা আৰম্ভ হ’ব ভাৰত যাত্ৰা
author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 7:45 PM IST

অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ বিষয়ববীয়া

গুৱাহাটী, ৪ ছেপ্টেম্বৰ: শিক্ষক দিৱসৰ দিনটোতে পুৰণি পেন্সন নীতি বাহালৰ দাবীত দেশৰ প্ৰাথমিক শিক্ষকৰ নেতৃত্বত দেশৰ চাৰিকোণ ক্ৰমে অসম, পাঞ্জাৱৰ বাঘা সীমান্ত, গুজৰাটৰ সোমনাথ আৰু কন্যাকুমাৰীৰ পৰা মাহজোৰা ভাৰত যাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰা হ’ব । অসমৰ গুৱাহাটীৰ পৰা আৰম্ভ হ’ব এই ভাৰত যাত্ৰা কাৰ্যসূচী ৷ অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ সম্পাদক প্ৰধান কমলাকান্ত ত্ৰিপাঠীয়ে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি সদৰী কৰে এই কথা ।

গুৱাহাটীৰ পৰা আৰম্ভ হ’বলগীয়া যাত্ৰা পশ্চিমবংগ, উৰিষ্যা, ঝাৰখণ্ড, বিহাৰ, উত্তৰ প্ৰদেশ হৈ ৫ অক্টোবৰত নতুন দিল্লীত উপস্থিত হ’ব । সেইদিনা দিল্লীত বিশ্বৰ ভালেসংখ্যক দেশৰ শিক্ষক সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকিব বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে । ইফালে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে গুৱাহাটী শিল্পগ্ৰামত এক উদ্বোধনী সভাৰ জৰিয়তে এই ভাৰত যাত্ৰাৰ অংশ অসমৰ যাত্ৰা আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে ।

তেওঁ নতুন দিল্লী অভিমুখী এই মাহজোৰা যাত্ৰা সোণাপুৰ, জাগীৰোড, নগাঁও, কলিয়াবৰ, বোকাখাত হৈ যোৰহাটত উপস্থিত হ’ব ৷ যোৰহাটত নিশাটো আশ্ৰয় লৈ ৬ ছেপ্টেম্বৰত যোৰহাটৰ পৰা শিৱসাগৰহৈ বিশ্বনাথলৈ যাব ভাৰত যাত্ৰাৰ দলটো । যাত্ৰাপথত ডিব্ৰুগড়, ধেমাজি আৰু লক্ষীমপুত আদৰণি সভা অনুষ্ঠিত হ’ব । ইয়াৰ পিচত তেজপুৰ, ওদালগুৰি, মঙলদৈ হৈ ৰঙিয়ালৈ যাব নতুন দিল্লী অভিমুখী দলটো ৷ দলটোৱে নলবাৰীৰ পৰা কোকৰাঝাৰ অভিমুখে আগবাঢ়ি ৯ ছেপ্টেম্বৰত কোকৰাঝাৰত শেষৰখন সভা সম্বোধন কৰি শ্ৰীৰামপুৰ গেটত পশ্চিমবংগ সমিতিৰ হাতত যাত্ৰাৰ ৰথ অৰ্পণ কৰিব বুলি জানিবলৈ দিয়ে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে ।

লগতে পঢ়ক: Press Meet of CPIML : পাম অইলৰ খেতি আৰু শিলসাঁকোৰ উচ্ছেদৰ বিৰুদ্ধে তিনিচুকীয়াত চিপিআই (এমএল)ৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.