ETV Bharat / state

লক্​ ডাউন শিথিল নকৰিলে আৰু বেছি ক্ষতি হ’বঃ তৰুণ গগৈ - প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

সোমবাৰে কৰ’ণা ভাইৰাছ সম্পৰ্কত এক সংবাদমেল সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ কেন্দ্ৰীয় চৰকাৰে লক্​ ডাউন শিথিল নকৰিলে গগৈয়ে ক্ষতিৰ সম্ভাৱনা অধিক বুলি ব্যক্ত কৰে ৷ লগতে ৰেড জ’নবোৰৰ ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰে ৷

Pressmeet of Ex CM Tarun Gogoi guwahati kamrup metro assam etv bharat news
তৰুণ গগৈৰ সংবাদমেল
author img

By

Published : May 11, 2020, 7:17 PM IST

গুৱাহাটী,11মে’: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সোমবাৰে এক সংবাদমেল সম্বোধন কৰে । দিশপুৰৰ বাসভৱনত অনুষ্ঠিত সংবাদমেলখনত গগৈয়ে ভাৰতত ভাইৰাছবিধত আক্ৰান্তৰ অনুপাতে মৃত্যুৰ সংখ্য়া কম বুলি উল্লেখ কৰে ৷ লগতে বহু লোকে আৰোগ্য লাভ কৰা বুলিও জনায় ৷ কিন্তু শেহতীয়া পৰিস্থিতিৰ ফলত দেশৰ অৰ্থনীতি বিধ্বস্ত হৈছে ৷ এই সময়ছোৱাত বহু লোকে কাম হেৰুৱাবলগীয়া হৈছে ৷ গতিকে সকলোৱে জীয়াই থকাৰ লগতে জীৱিকা উপাৰ্জনৰ পথো জীয়াই ৰখাৰ কথা উল্লেখ কৰে প্ৰাক্তন মুখ্য়মন্ত্ৰী গৰাকীয়ে ৷ উপাৰ্জন নাথাকিলে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি হ’ব ৷ গতিকে জীৱিকাৰ বাট জীয়াই ৰাখিব লাগিব । সমগ্ৰ বিশ্বত প্ৰায় ১১ কোটি লোকে কৰ্মসংস্থাপন হেৰুৱাইছে ৷ অসমত এই সংখ্যা বৃদ্ধিৰ হাৰ উদ্বেগজনক ৷

তৰুণ গগৈৰ সংবাদমেল

মূলতঃ কেন্দ্ৰীয় চৰকাৰে লক্​ ডাউন শিথিল নকৰিলে আৰু বেছি ক্ষতি হ’ব ৷ সেয়ে লক্​ ডাউন শিথিল কৰিব লাগে ৷ ৰেড জ’নবোৰৰ ক্ষেত্ৰত অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰে প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈয়ে ৷

লগতে চাওকঃ কৰ'ণা আতংক : বানৰ সময়ত ভয়াৱহ হ'ব নেকি পৰিস্থিতি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.