গুৱাহাটী,12 ফেব্ৰুৱাৰীঃ খিলঞ্জীয়া মুছলমানৰ জৰীপৰ জৰিয়তে মুছলমানসকলক বিভাজন কৰাৰ ষড়যন্ত্ৰ কৰিছে ৰাজ্যৰ বিজেপি চৰকাৰে ৷ এই অভিযোগ উত্থাপন এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ । ৰাজ্য চৰকাৰে গৰিয়া-মৰিয়া,দেশী মুছলমানসকলক চিনাক্তকৰণ কৰিবলৈ লোৱা জৰীপৰ সিদ্ধান্তৰ বিৰোধিতা কৰি এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক গৰাকীয়ে এই অভিযোগ উত্থাপন কৰে ৷ ইছলামে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি কয়,বিজেপিয়ে সদায় বিভাজনৰ ৰাজনীতি কৰে আৰু সেয়ে ভোট বেংকৰ আশাত ৰাজ্যৰ মুছলমানসকলক বিভাজন কৰিবলৈ ওলাইছে । খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্ধাৰণ নোহোৱাকৈ চৰকাৰে কি ভিত্তিত খিলঞ্জীয়া মুছলমানৰ জৰীপ কৰিব ওলাইছে এই বুলিও প্ৰশ্ন কৰে আমিনুল ইছলামে ৷ চৰকাৰে এই জৰীপত বৰাক ভেলীৰ মুছলমানসকলক অন্তৰ্ভুক্ত নকৰাৰ কাৰণ কি বুলিও প্ৰশ্ন উত্থাপন কৰে ইছলামে ।
বিজেপিয়ে বিভাজনৰ ৰাজনীতিৰ ফল দিল্লী নিৰ্বাচনত পাইছে,অসমত বিজেপিয়ে বিভাজনৰ ৰাজনীতি কৰি ২০২১ত চৰকাৰ গঠন কৰিব নোৱাৰে বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ইছলামে ।
লগতে চাওকঃছয়গাঁৱৰ খৰখৰীত পিতা-পুত্ৰক আক্ৰমণৰ চেষ্টা অচিনাক্ত দুৰ্বৃত্তৰ