ETV Bharat / state

কেৱল অভিযোগৰ ভিত্তিত অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰিছে চার্জশ্বীট

author img

By

Published : Jun 3, 2020, 4:37 PM IST

Updated : Jun 3, 2020, 8:09 PM IST

গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত বুধবাৰে NIAই দাখিল কৰা চার্জশ্বীট সম্পৰ্কত সংবাদমেল সম্বোধন কৰে,কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়াই ৷

pressmeet by krishak mukti sangram samiti in gandhibasti guwahati

গুৱাহাটী, 3 জুনঃ বুধবাৰে গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়াই ৷ NIAই দাখিল কৰা চার্জশ্বীট সম্পৰ্কত সংবাদমেল অনুষ্ঠিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ পৰিচয় বিহীন গোপন ৰাজ সাক্ষীৰ বাহিৰে NIAৰ চার্জশ্বীটত কৃষক নেতৃবৃন্দৰ বিৰুদ্ধে সাক্ষ্য প্ৰমাণ নাই বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷ সভাপতি গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি,আদালতত অতিৰিক্ত আৰক্ষী অধীক্ষক ধনৰাম সিঙে 165 দিনত 40 পৃষ্ঠাজোৰা এখন চার্জশ্বীট দাখিল কৰিছে,য'ত তথ্য নহয় কেৱল অভিযোগহে আছে ৷ অখিল গগৈৰ বিৰুদ্ধে NIAৰ প্ৰথম অভিযোগ মতে,মাওবাদীৰ সৈতে অখিল গগৈৰ এসময়ত সম্পৰ্ক আছিল ৷ কৃষক মুক্তিৰ সদস্যক মাওবাদীৰ প্ৰশিক্ষণ দি আনিছিল অখিল গগৈয়ে ৷ দ্বিতীয় গোচৰ অনুসৰি,অখিল গগৈৰ মতাদৰ্শক ধৈৰ্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰে সমৰ্থন কৰে ৷

কেৱল অভিযোগৰ ভিত্তিত অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰিছে চার্জশ্বীট

ইয়াৰোপৰি CAA বিৰোধী আন্দোলনত সংঘটিত হিংসাৰ আঁৰত অখিল গগৈসহ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিজন সদস্য জড়িত আছিল বুলি তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে তৃতীয়টো গোচৰ ৷ সভাপতি গৰাকীয়ে জানিবলৈ দিয়া মতে,কেৱল অভিযোগৰ ভিত্তিত অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰাৰ চার্জশ্বীটৰ ভিত্তিত অখিল গগৈক বন্দী কৰি ৰাখিব নোৱাৰে NIAই ৷ 6 মাহ তদন্তৰ পিচতো অখিল গগৈ আৰু আন তিনিজনৰ বিৰুদ্ধে সঠিক তথ্য,প্ৰমাণ,সাক্ষ্য,দলিল গোটাব নোৱাৰিলে বুলিও উল্লেখ কৰে সংবাদমেল খনত ৷ তেওঁ উল্লেখ কৰা মতে,কেৱল দলিলৰ নামত অখিল গগৈৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত আন্দোলন কৰাৰ বাবে পঞ্জীয়ন হৈ থকা গোচৰ সমূহৰ 64 টা গোচৰ দাখিল কৰিছে ৷ গতিকে কেৱল অভিযোগৰ ভিত্তিত বন্দী কৰি ৰাখিব নোৱাৰিব চৰকাৰে ৷ শীঘ্ৰেই যদি অখিল গগৈ আৰু সতীৰ্থক মুকলি কৰি নিদিয়ে তেন্তে চৰকাৰ ব্যাপক আন্দোলৰ সন্মুখীন হ'ব বুলিও কয় ভাস্কো ডি শইকীয়াই ৷ আনহাতে অখিল গগৈক কাৰাবন্দী কৰাৰ পিচতে সমগ্ৰ অসমতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আন্দোলনৰ অনুমতি নিদি টোলগেট খোলা হৈছে ৷ লগতে অসমত কয়লাৰ অবৈধ খনন,নদী বান্ধ আৰু CAA বিৰোধী আন্দোলন স্তিমিত কৰাৰ প্ৰয়াসেৰে অখিল গগৈক বন্দী কৰি ৰাখিছে চৰকাৰে বুলিও উল্লেখ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি গৰাকীয়ে ৷

NIAৰ তৃতীয় অভিযোগ অনুসৰি CAA বিৰোধী আন্দোলনৰ হিংসাৰ আঁৰত আছিল অখিল গগৈসহ তিনিগৰাকী যুৱক

লগতে পঢ়কঃ এক বজাৰ শীৰ্ষ বাতৰিসমূহ...

Last Updated : Jun 3, 2020, 8:09 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.