গুৱাহাটী,7 মে': দিছপুৰ প্ৰেছ ক্লাবত জমিয়ত উলেমাৰ সম্পাদক ফচদুল কৰিমৰ সংবাদমেল ৷ এবছুৰ সৈতে জমিয়ত উলেমাই নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত নামক লৈ আপত্তি-আবেদন সম্পৰ্কৰ এক বৈঠকত মিলিত হোৱাৰ পাচত সোমবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰে জমিয়ত উলেমাৰ সম্পাদক ফচদুল কৰিমে ।
মৌলানা বদৰুদ্দিন আজমল নেতৃত্বাধীন জমিয়ত উলেমাই নাগৰিক পঞ্জীৰ নাম অন্তৰ্ভুক্তিক লৈ অভিযোগ-আপত্তি -আবেদন সম্পৰ্কত এবছুৰ সৈতে উলুবাৰীৰ এক বৈঠকত মিলিত হয় । বৈঠকত পাৰস্পৰিক সহযোগিতাৰে বিষয়টোৰ সমাধান উলিওৱাৰ ক্ষেত্ৰত দুয়োটা সংগঠন একমতত উপনীত হয় বুলি সংবাদমেলযোগে জানিবলৈ দিয়ে ফচদুল কৰিমে ৷ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাচত অহা নাগৰিকৰ ক্ষেত্ৰত অভিযোগ দাখিল কৰিলে কোনো আপত্তি নাই আৰু এইক্ষেত্ৰত দুয়োটা সংগঠন একমত বুলি উল্লেখ কৰি এখন বিদেশী মুক্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী বিচাৰে বুলি কয় সম্পাদকগৰাকীয়ে ৷
"বিটিএডিত বড়োক বাদ দি যেনেকৈ কোনো ধৰণৰ উন্নয়ন আৰু শান্তি প্ৰতিষ্ঠা সম্ভৱ নহয় ,তেনেদৰে অবড়োক বাদ দিও কোনো উন্নয়ন আৰু শান্তি প্ৰতিষ্ঠা সম্ভৱ নহয় । একাংশ দল-সংগঠনে প্ৰৰোচনামূলকভাৱে জোৰ-জবৰদস্তি কৰি একাংশ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নামত নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত হোৱাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নাগৰিকপঞ্জীৰ কামত বাধা দিয়াৰ চেষ্টা কৰিছে। ই গৰিহণাৰ যোগ্য ।" এইদৰে মন্তব্য কৰি নাগৰিকপঞ্জীৰ কামত বাধা দিয়া যিকোনো ষড়যন্ত্ৰৰ বিৰুদ্ধে জমিয়ত উলেমা সজাগ হৈ থাকিব বুলিও সংবাদমেলত উল্লেখ কৰে সম্পাদকগৰাকীয়ে ।