ETV Bharat / state

দ্যা গ্ৰেট গুৱাহাটী মাৰাথনঃ যান বাহন সম্পৰ্কীয় নিৰ্দেশনা যান-বাহন আৰক্ষীৰ

author img

By

Published : Feb 29, 2020, 9:07 PM IST

দেওবাৰে আয়োজিত দ্যা গ্ৰেট গুৱাহাটী মাৰাথনৰ বাবে 5.30 বজাৰ পৰা সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ব জি.এছ ৰোডৰ পৰা এবিচি পইন্টলৈ যান বাহন চলাচল ৷ মাৰাথনৰ বাবে নিৰ্মাণৰ বাবে বন্ধ কৰি থোৱা জু ৰোডলৈ যোৱা পথৰ উৰণীয়া সেতু পথটো মুকলি কৰি দিয়া হ'ব ৷

যানবাহন আৰক্ষী
যানবাহন আৰক্ষী

গুৱাহাটী, 29 ফেব্ৰুৱাৰীঃ দ্যা গ্ৰেট গুৱাহাটী মাৰাথন অনুষ্ঠানৰ সময়ত যান বাহনৰ নীতি নিৰ্দেশ সন্দৰ্ভত শনিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰে অসম আৰক্ষীয়ে ৷ দেওবাৰে সন্ধিয়া 6.30 বজাৰ পৰা আৰম্ভ হ'ব দ্যা গ্ৰেট গুৱাহাটী মাৰাথন ৷ খানাপাৰা জি.এছ ৰোডৰ পৰা এবিচি পইন্টলৈ হ'বলগীয়া মাৰাথনৰ বাবে এই স্থানত দেওবাৰে বিয়লি 5.30 বজাৰ পৰা সম্পূৰ্ণ বন্ধ কৰি দিয়া হ'ব যান বাহন চলাচল ৷ খানাপাৰা পৰা জি.এছ ৰোডৰ পৰা এবিচিপ পইণ্টলৈ ন' পাৰ্কিং জ'ন ঘোষণা মহানগৰ যান বাহন আৰক্ষীৰ ৷ মাৰাথনৰ সময়ত জি.এছ ৰোডৰ এটা পথৰেহে চলিব যান বাহন ৷ চিটি বাছ সমূহৰ বাবে দেওবাৰে বিয়লি ব্যৱহাৰ কৰিব পাৰিব কছাৰী বস্তি পথ ৷ আনহাতে নিৰ্মাণৰ বাবে বন্ধ কৰি থোৱা জু ৰোডলৈ যোৱা পথৰ উৰণীয়া সেতু পথটো মুকলি কৰি মাৰাথনৰ বাবে ৷

যান বাহন সম্পৰ্কীয় নীতি নিৰ্দেশ যানবাহন আৰক্ষীৰ

উল্লেখ্য যে, দেওবাৰে বিয়লি আয়োজিত মাৰাথানত প্ৰায় ৬ হাজাৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব ৷ দেশ-বিদেশৰ প্ৰায় ৪ হাজাৰ প্ৰতিযোগীয়ে অনলাইন যোগে আবেদন কৰিছে এই মাৰাথনত অংশগ্ৰহণৰ বাবে ৷ এই অনুষ্ঠানত অৰ্জুন ভোগেশ্বৰ বৰুৱাক প্ৰদান কৰা হ'ব জীৱনজোৰা সাধনা বঁটা ৷

লগতে পঢ়কঃ

দ্বিতীয় টেষ্ট : ভাৰতৰ পুনৰ নিৰাশাজনক বেটিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.