ETV Bharat / state

Joint State HAJ Committee: যুটীয়া ৰাজ্যিক হজ কমিটিৰ সংবাদমেল, অতিৰিক্ত বিমান ভাড়া ঘূৰাই দিয়াৰ দাবী

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 8:54 PM IST

যুটীয়া ৰাজ্যিক হজ কমিটিৰ সংবাদমেল ৷ চলিত বৰ্ষত হজ যাত্ৰাত উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰীয়ে সন্মুখীন হোৱা অসুবিধা সন্দৰ্ভত সংবাদমেল সম্বোধন।

Press Meet of Joint State HAJ Committee
যুটীয়া ৰাজ্যিক হজ কমিটি
ৰাজ্যিক হজ কমিটিৰ সংবাদমেল

গুৱাহাটী, 8 নৱেম্বৰ : "এইবাৰ উত্তৰ পূৱৰ পৰা 6,085 গৰাকী হজযাত্ৰী গৈছিল মদিনালৈ ৷ এই বৰ্ষৰ হজ যাত্ৰাত মৃত্যু হৈছিল 10 গৰাকী লোকৰ ৷ পূৰ্বৰ বৰ্ষ সমূহৰ তুলনাত এইবাৰ হজযাত্ৰীৰ সংখ্যা অধিক আছিল ৷ হজ যাত্ৰী সকলক নিবৰ বাবে Go first এয়াৰলাইন্সৰ সৈতে চুক্তি হৈছিল যদিও, হজ যাত্ৰাৰ আগমুহূৰ্তত Go first এয়াৰলাইন্সৰ সৈতে চুক্তি বাতিল হোৱাত হজযাত্ৰী সকল কিছু অসুবিধাৰ সন্মুখীন হৈছিল ৷ কেন্দ্ৰীয় হজ কমিটিয়ে চাৰ্টাৰ্ড ফ্লাইটৰ ভাড়া লৈ পেচেঞ্জাৰ ফ্লাইটত নিছিল যাত্ৰী সকলক ৷" সেয়েহে অতিৰিক্তভাৱে লোৱা বিমান ভাড়া ঘূৰাই দিবলৈ দাবী যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানৰ ৷ দিছপুৰস্থিত যুটীয়া ৰাজ্যিক হজ কমিটিৰ কাৰ্যালয়ত আজি এক সংবাদমেল সম্বোধন কৰি জামানে এই মন্তব্য কৰে ৷

এই সংবাদমেল যোগে উত্তৰ-পূৱৰ হজযাত্ৰী সকলৰ সুবিধাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ আহ্বান জনাই হজ কমিটিৰ অধ্যক্ষ গৰাকীয়ে ৷ লগতে হজ যাত্ৰাৰ সময়ত হজযাত্ৰী সকলে সন্মুখীন হোৱা অসুবিধাসমূহ দূৰ কৰিবৰ বাবে কেন্দ্ৰীয় হজ কমিটিত এগৰাকী অসমৰ পৰা সদস্য দিবলৈ আহ্বান যুটীয়া ৰাজ্যিক হজ কমিটিৰ ৷ হজ যাত্ৰাৰ সময়ত মক্কাত বিল্ডিং নিৰ্বাচনৰ বাবে এগৰাকী বিষয়া দিবলৈও আহ্বান জনায় তেওঁ ৷

তদুপৰি ৰাজ্যত এটা হজ ভৱনৰ বাবে মাটি আবন্টন দিবলৈ আহ্বান জনায় তেওঁ ৷ লগতে যুটীয়া ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে জনায় যে এইবর্ষৰ পৰা হজ যাত্ৰাৰ সময়ত হজযাত্ৰী সকলক কোনো ধৰণৰ উপহাৰ দিয়া নহ’ব ৷ পূৰ্বে হজযাত্ৰী সকলক গামোচা, পাৱাৰ বেংক আদি উপহাৰ হিচাপে দিয়া হৈছিল ৷ কিন্তু এই বৰ্ষৰ পৰা হজযাত্ৰী সকলক কোনো উপহাৰ প্ৰদান নকৰাৰ সিদ্ধান্ত যুটীয়া ৰাজ্যিক হজ কমিটিৰ ৷

লগতে পঢ়ক : ASHA Workers protest at Diphu : ডিফুত মাননি বৃদ্ধিৰ দাবীত আশাকৰ্মীৰ ধৰ্ণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.