ETV Bharat / state

বাস্তৱধৰ্মী হ'ব ২০২২-২৩ বৰ্ষৰ বাজেট: বিত্তমন্ত্রী - suggestionbudgetassam@gmail.com

বাজেটৰ প্ৰস্তুতি সন্দৰ্ভত বিত্তমন্ত্ৰী অজন্তা নেওগৰ সংবাদমেল । ৰাজ্য চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ বাজেটৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰি বিত্ত বিভাগে মুকলি কৰিলে ই-মেইল আই ডি । বাজেটত ধাৰ্য কৰা পুঁজিৰ যাতে সম্পূৰ্ণ ব্যৱহাৰ হয়, তাৰ বাবে গুৰুত্ব প্ৰদান কৰি প্ৰতিটো বিভাগক নিৰ্দেশনা দিয়া হৈছে । এই ক্ষেত্ৰত বিভাগসমূহক পৰিকল্পনা দিবলৈ কোৱা হৈছে ।

press meet of finance minister Ajanta Neog
বিত্তমন্ত্ৰী অজন্তা নেওগৰ সংবাদমেল
author img

By

Published : Feb 8, 2022, 8:18 PM IST

গুৱাহাটী, 8 ফেব্ৰুৱাৰী : অসম চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ বাজেট বাস্তৱধৰ্মী হ'ব । বাজেটত আন্তঃগাঠনি উন্নয়নত বিশেষ গুৰুত্ব দিয়া হ'ব । এই কথা সদৰি কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog on upcoming Budget 2022-23) ।

মঙলবাৰে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে ২০২২-২৩ বৰ্ষৰ বাজেটৰ প্ৰস্তুতি সন্দৰ্ভত উল্লেখ কৰি কয় যে, ১৪ মাৰ্চৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব । বাজেটত সৰ্বসাধাৰণ ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি সদৰি কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্য চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ বাজেটৰ বাবে জনসাধাৰণৰ পৰা দিহা-পৰামৰ্শ বিচাৰি বিত্ত বিভাগে এটা ই-মেইল আই ডি মুকলি কৰিছে ।

সংবাদমেলত বিত্তমন্ত্ৰীগৰাকীয়ে ই-মেইল আই ডিটো মুকলি কৰে ।

‘suggestionbudgetassam@gmail.com' আই ডিৰ যোগেদি জনসাধাৰণে বাজেটৰ ক্ষেত্ৰত নিজৰ দিহা-পৰামৰ্শ আগবঢ়াব পাৰিব । সংবাদমেলত বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰ বাজেট নতুন বহু আঁচনি থাকিব । বিগত বৰ্ষৰ বাজেটৰ বহু ঘোষণা আৰু আঁচনি কাৰ্যকৰী কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে, ক'ভিডৰ বাবে বিদ্যালয়সমূহ বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক ম’বাইল দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নগ'ল ।

তেওঁ কয় যে, শিক্ষা আৰু স্বাস্থ্যৰ বাবে যাতে কোনো বাহিৰলৈ যাব নালাগে তাৰ ওপৰত গুৰুত্ব দি বাজেট প্ৰস্তুত কৰা হ'ব । আনহাতে, বাজেটত ধাৰ্য কৰা পুঁজিৰ যাতে সম্পূৰ্ণ ব্যৱহাৰ হয় তাৰ বাবে গুৰুত্ব প্ৰদান কৰি প্ৰতিটো বিভাগক নিৰ্দেশনা দিয়া হৈছে । এই ক্ষেত্ৰত বিভাগসমূহক পৰিকল্পনা দিবলৈ কোৱা হৈছে ।

ক'ডিড পৰিস্থিতিৰ সময়টো ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ পৰিমাণৰ উৎসাহজনক আছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এইবাৰ ৰাজহৰ পৰিমাণ বৃদ্ধি পাব । তেওঁ লগতে কয় যে, মূলধনী ব্যয় বৃদ্ধিত অধিক গুৰুত্ব দিয়া হৈছে । আনহাতে, এক লাখ চাকৰি দিয়াৰ প্ৰসংগত তেওঁ কয় যে, মে' মাহৰ ভিতৰত যথেষ্টখিনি নিযুক্তি দিয়া হ'ব । নিযুক্তিৰ বাবে দুটা আয়োগ গঠন কৰাৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

লগতে পঢ়ক : ৰাজ্যত ক’ভিড বিধিত আৰু কিছু শিথিলতাৰ ইংগিত স্বাস্থ‍্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.