ETV Bharat / state

এছ আই টিৰ ইচ্ছাকৃত গাফিলতিৰ বাবে নন্দবাবু সিনহাই জামিন পালে : ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন - APSC cash for job scam

APSC cash for job scam : এছ আই টিক লৈ প্ৰশ্ন উত্থাপন ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ৷ এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত সংবাদমেল সংগঠনটোৰ ৷

APSC cash for job scam
এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 5:58 PM IST

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ সংবাদমেল

গুৱাহাটী, 5 জানুৱাৰী : এ পি এছ চি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পালৰ সহায়ক নন্দবাবু সিনহাই জামিন লাভ কৰা কাৰ্যই প্ৰমাণ কৰিছে যে এছ আই টিয়ে ৰাজ্য কঁপাই যোৱা এ পি এছ চি কেলেংকাৰিৰ তদন্ত কিমান গুৰুত্ব সহকাৰে কৰিছে ৷ এই মন্তব্য ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ সম্পাদক ৰিতু ৰঞ্জন দাসৰ ৷ শুকুৰবাৰে বহুচৰ্চিত এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনে ৷

সংবাদমেলত সংগঠনটোৰ সম্পাদকজনে এছ আই টিক লৈ প্ৰশ্ন উত্থাপন কৰে ৷ তেওঁ কয় যে, এছ আই টি আৰু চৰকাৰে সমগ্ৰ কেলেংকাৰীটো সুৰক্ষা দিব বিচাৰিছে আৰু অভিযুক্ত বিষয়া সকলক ৰক্ষণাবেক্ষণ দিছে ৷ নন্দবাবু সিনহা আৰক্ষীৰ জিন্মাত থাকিলে বহুতৰে মুখা খোল খাব ৷ নন্দবাবু সিনহাই জামিন পাবলৈ যাতে সক্ষম হয় তাৰ বাবে ইচ্ছাকৃতভাৱে এছ আই টিয়ে গাফিলতি কৰিছে বুলি কয় তেওঁ ৷ এছ আই টি গঠনৰ মাজেৰে তদন্ত প্ৰক্ৰিয়া ব্যাহত কৰা, ভুল পথে লৈ যোৱা আৰু দোষী সকলক ৰেহাই দিয়াৰ প্ৰক্ৰিয়াহে চলিছে বুলিও কয় তেওঁ ৷

দাসে অভিযোগ কৰি কয় এ পি এছ চি কেলেংকাৰীটোৰ অন্যতম নায়ক হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীয়ে নিজক আৰু টিমক বছাবলৈ এছ আই টি গঠন কৰিছে ৷ তেওঁ লগতে কয় যে, এছ আই টিৰ গাফিলতিৰ বাবে ৰাকেশ পালৰ অন্যতম সহযোগী মুখ্য পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাই জামিন লাভ কৰিলে ৷

ন্যায়ধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন ধোঁৱাচাঙত তুলি অৱশেষত ন্যায়লয়ৰ হেঁচাত এছ আই টি গঠন কৰিও শ্ৰেণী বিভাজনৰ জৰিয়তে এচাম বক্ৰ পথেৰে বাচনিভুক্ত বিষয়াক চৰকাৰে সুৰক্ষা দি আহিছে বুলিও অভিযোগ কৰে তেওঁ ৷ ন্যায়ধীশ বি কে শৰ্মা আয়োগৰ প্ৰতিবেদন অধ্যয়ন কৰি তাৰ পিছত তদন্ত কৰিবলৈ এছ আই টিক দাবী জনায় ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ সম্পাদক ৰিতু ৰঞ্জন দাসে ৷

লগতে পঢ়ক : মটৰ পৰিবহণ সন্থাৰ ৪৮ ঘণ্টীয়া কৰ্মবিৰতি; গুৱাহাটীত যাত্রীৰ মাজত হাহাকাৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.