ETV Bharat / state

2 বছৰ 8 মাহত কি কি কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ?

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 7:39 PM IST

Press Meet of Assam CM : নৱবৰ্ষৰ প্ৰথমটো দিনত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰে বিগত বছৰটোৰ সফলতাৰ কথা ৷ দাঙি ধৰিলে পৰিকল্পনাৰ কথা ৷ বছৰটোৰ ৰাজ্যৰ ঘৰুৱা উৎপাদন 5.65 লাখ কোটি ৷

Press Meet of CM
পহিলা জানুৱাৰীত মুখ্যমন্ত্ৰীৰ নতুন দিনৰ আলাপ
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

গুৱাহাটী, 1 জানুৱাৰী : আজি নতুন বছৰ 2024 ৰ প্ৰথমটো দিন ৷ নতুন বছৰত নতুন চিন্তা, নতুন সংকল্প সকলোৰে ৷ নতুন বছৰ উপলক্ষে পৰম্পৰাগতভাৱে আজি দিছপুৰৰ জনতা ভৱনস্থিত লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আয়োজন কৰে 'নতুন দিনৰ আলাপ' নামৰ এক বিশেষ অনুষ্ঠান ৷ মুখ্যমন্ত্ৰীজনে মত বিনিময় কৰে ৰাজ্যৰ সংবাদ প্ৰতিষ্ঠান সমূহৰ সম্পাদক আৰু জ্যেষ্ঠ সাংবাদিকসকলৰ সৈতে ৷ দাঙি ধৰে বিগত বছৰটোৰ সফলতাৰ কথা ৷ দাঙি ধৰিলে নিজৰ পৰিকল্পনাৰ কথা ৷

2 বছৰ 8 মাহ পাৰ কৰা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে বিগত সময়ছোৱাত 112 খন কেবিনেট অনুষ্ঠিত কৰিছে ৷ এই কেবিনেট সমূহত 1,513 টা সিদ্ধান্ত গ্ৰহণ হৈছে ৷ তাৰে 1,370 টা সিদ্ধান্ত কাৰ্যকৰী কৰা হৈছে বুলি প্ৰথম জানুৱাৰীৰ দিনা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে এইখন চৰকাৰে 13 খন কেবিনেট দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰে ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰী কৰে যে 2021ৰ পৰা 2023 লৈ 261খন মিটিং অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী পৰ্যায়ত ৷ গ্ৰহণ কৰা হৈছে 3,289 টা সিদ্ধান্ত ৷ আনহাতে বছৰটোত ৰাজ্যৰ বিজেপি চৰকাৰখনে ৰাইজৰ কাষ চাপিবলৈ কৰা চেষ্টাত প্ৰায় সফল হৈছে বুলি দাবী মুখ্যমন্ত্ৰীৰ ৷

হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ মন্ত্ৰী সকলৰ প্ৰত্যেকেই 80 শতংশ জিলা ভ্ৰমণ কৰাৰ চেষ্টা কৰিছে আৰু নিজৰ বিভাগৰ কামৰ বুজ ল’বলৈ সক্ষম হৈছে বুলি সদৰী কৰে তেওঁ ৷ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ উপৰিও ৰাজ্যখনত যোৱা বছৰটোত কেন্দ্ৰীয় মন্ত্ৰীৰ সোঁত বৈছিল সেয়া বতৰা দিবলৈয়ো চেষ্টা কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ বিগত বছৰটোত নীতিন গাডকাৰী 2 বাৰ আহিছে অসমলৈ ৷ অসমলৈ লোকসভাৰ অধ্যক্ষ এবাৰ আহিছে ৷ দেশৰ বিত্তমন্ত্ৰী আহিছে এবাৰ ৷ 2023 ত 83 বাৰ অসমলৈ সচিব পৰ্যায়ৰ ভ্ৰমণ হৈছে ৷

এপ্ৰিলৰ বিহুৰ বিশ্ব অভিলেখৰ পৰা শেহতীয়া খেল মহাৰণত 27 লাখ লোকে অংশগ্ৰহণ কৰালৈকে বছৰটোৰ উল্লেখযোগ্য পৰিঘটনাবোৰো দাঙি ধৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ পহিলা জানুৱাৰীৰ দিনা মুখ্যমন্ত্ৰীৰ দাবী যে আজিৰ দিনত পৰেশ বৰুৱা গোটৰ বাদে আন কোনো সক্ৰিয় উগ্ৰপন্থী সংগঠন নাই ৰাজ্যত ৷ ৰাজ্যত 11 খন শান্তি চুক্তি স্বাক্ষৰিত হৈছে ৷ 3,842 গৰাকী লোক মূল সুঁতিলৈ ঘূৰি আহিছে বছৰটোত ৷ আনহাতে মুখ্যমন্ত্ৰীৰ মতে বিগত বছৰটোত উন্নয়নে অভূত পূৰ্ব নিৰ্দশন দেখুৱাইছে ৷

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰামতে এই পৰ্যন্ত বছৰটোৰ ৰাজ্যৰ ঘৰুৱা উৎপাদন 5.65 লাখ কোটি ৷ যিটো বৃদ্ধিৰ হাৰ 14.7 শতাংশ ৷ আনহাতে এই উৎপাদন 2024-25ত গৈ 6.38 লাখ কোটি টকা হ’বগৈ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ নিৰ্ধাৰিত বছৰটোৰ শেষত এই উৎপাদন বৃদ্ধিৰ হাৰ 18 শতাংশ হ’বগৈ বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ যোৱা বছৰটো অসমৰ ঔদ্যোগিক ক্ষেত্ৰখনত প্ৰভূত পৰিমাণৰ বিনিয়োগ হোৱা বুলি দাবী মুখ্যমন্ত্ৰীৰ ৷ সেই অনুসৰি যোৱা 3 বছৰত ৰাজ্যখনত 58 হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কাম কৰা হৈছে বুলি উল্লেখ মুখ্যমন্ত্ৰীৰ ৷

আনহাতে, 2023 ত প্ৰায় 5 হাজাৰ হেক্টৰ বনভূমি সন্দেহযুক্ত লোকৰ কবলৰ পৰা মুক্ত হৈছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ 2023 চনত ক্ৰাইম ফিগাৰ কমি 63 হাজাৰ হৈছে বুলিও কয় তেওঁ ৷ এতিয়াও অমামাংসিত গোচৰৰ সংখ্যা 26 হাজাৰহে আছে বুলি মন্তব্য ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু আলফাৰে শান্তি চুক্তি প্ৰসংগৰে খিলঞ্জীয়াৰ সুৰক্ষা দিয়াটো বছৰটোৰ অন্যতম সফলতা বুলি মুখ্যমন্ত্ৰীৰ দাবী ৷ মুখ্যমন্ত্ৰী গৰাকীৰ দাবী যে সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াক সুৰক্ষা দিছে ৷ আলফাৰ চুক্তিয়ে পৰৱৰ্তী সময়ত এটা সমষ্টিৰ পৰা আন এটা সমষ্টিত কোনো ভোটাৰ হ’ব নোৱাৰিব ৷ এয়া আলফাৰ বাবেই সম্ভৱপৰ হ’ল বুলি উল্লেখ কৰে তেওঁ ৷ সেয়েহে মুখ্যমন্ত্ৰীয়ে আলফা নেতৃত্বক আন্তৰিক ধন্যবাদ দিয়ে ৷

আলোচনাপন্থী আলফাক প্ৰশংসাৰে উপচাই দি মুখ্যমন্ত্ৰীয়ে ক’লে- তেঁওলোকে ভাবিব নোৱাৰা সুৰক্ষাৰ কৱচ দিলে ৷ লগতে আলফাৰে আলোচনা প্ৰসংগত প্ৰধানমন্ত্ৰীক ধন্যবাদ দি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “স্তিমিত হৈ যোৱা বস্তু এটা উজ্জিৱীত কৰি জাতিটোক সুৰক্ষা দিছে ৷” ইফালে আগন্তুক সময়ত কেতবোৰ আইকনিক কামৰে ৰাজ্যৰ ৰেহ-ৰূপ সলনি কৰি পেলাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷ গুৱাহাটী মেডিকেল কলেজত 3,000 কোটি টকাৰে নতুন সৰ্ব সুবিধা সম্পন্ন অত্যাধুনিক বিল্ডিং নিৰ্মাণৰ প্ৰকল্প ৷ নতুন ৰূপত নেহৰু ষ্টেডিয়াম, গহপুৰৰ কনকলতা বিশ্ববিদ্যালয়, আলফা চুক্তিত প্ৰস্তাৱিত শিৱসাগৰত চুকাফা বিশ্ববিদ্যালয়ৰ উপৰিও কাজিৰঙাৰ বন্যপ্ৰাণী জড়িত প্ৰতিষ্ঠান, ৰাজ্যিক চিৰিয়াখানা, দীপৰ বিলৰ পাৰৰ উন্নয়ন প্ৰসংগত এলানি পৰিকাঠামোৰ পৰিকল্পনা দাঙি ধৰে মুখ্যমন্ত্ৰীয়ে ৷ আগন্তুক বিত্তীয় বছৰৰ বাজেটত এই বিষয়সমূহ থাকিব বুলি মন্তব্য কৰে তেওঁ ৷

লগতে পঢ়ক : পৰেশ বৰুৱাৰ ৰাস্তা ভুল হ’ব পাৰে, কিন্তু অসমক ভাল পাইহে গৈছিল : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.