ETV Bharat / state

CAA বিৰোধী প্ৰতিবাদ কৰা বাবেই শিল্পীৰ ওপৰত 18% জি এছ টি লগোৱা হৈছে ! - অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱন

শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ CAA বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰা শিল্পী সকলক চৰকাৰে 18% জি এছ টি লগোৱা কার্যকো তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে ৷

apurba kumar bhattacharya
অপূৰ্ব কুমাৰ ভট্টাচাৰ্য
author img

By

Published : Jan 11, 2020, 3:58 PM IST

গুৱাহাটী, 11 জানুৱাৰীঃ "কেন্দ্ৰৰ বিজেপি চৰকাৰে নিশাটোৰ ভিতৰতে একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰি CAA বলৱৎ কৰিছে ৷ কেন্দ্ৰৰ এই সিদ্ধান্তক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো ৷ CAAৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব" ৷ শনিবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই এক সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য প্ৰকাশ কৰে ৷

ইপিনে উচ্চতম ন্যায়ালয়ে উক্ত আইনখনৰ সম্পৰ্কত এক সঠিক ৰায় দিব বুলিও আশাবাদী কংগ্ৰেছৰ মুখপাত্ৰ গৰাকী ৷ তেওঁ কয় যে CAA বিৰোধী শক্তিক দমন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কৌশল আয়ত্ব কৰি কংগ্ৰেছক পোনপটীয়া আক্ৰমণৰ লক্ষ্য কৰিছে ৷ তদুপৰি তেওঁ উল্লেখ কৰে যে CAA বিৰোধী প্ৰতিবাদী সংগ্ৰামত কংগ্ৰেছে পোনপটীয়াকৈ জড়িত থকাৰ বাবে বিজেপি চৰকাৰে কংগ্ৰেছ দলৰ কৰ্মীসকলক নিৰ্দিষ্টকৈ লক্ষ্য কৰি লৈছে আৰু কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ৷ বিজেপিৰ শাসন কালত ৰাজ্য পুনৰ গুপ্ত হত্যাৰ দিশে আগবাঢ়িছে বুলিও কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে অভিযোগ কৰে ৷

কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ সংবাদমেল

আনহাতে শুকুৰবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী ধ্ৰুৱ গগৈক এচাম অচিনাক্ত লোকে আৰক্ষী বুলি চিনাকি দি তেওঁক নিজ বাসগৃহৰ পৰা চোঁচৰাই নি লুকুৱাই ৰখা বুলিও কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে অভিযোগ কৰে ৷ এই সম্পৰ্কে আৰক্ষীয়ে ধ্ৰুৱ গগৈৰ পৰিয়ালৰ লোককো খবৰ দিয়া নাই বুলি তেওঁ অভিযোগ কৰে ৷ ইয়াৰোপৰিও তেওঁ উল্লেখ কৰে যে চ'ছিয়েল মিডিয়াত CAA বিৰোধী প্ৰতিবাদ কৰাৰ বাবে কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে ৷ তেনেহ'লে সংঘাটৰ হৈ উচতনি দিয়া বিধায়ক মৃনাল শইকীয়াক আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰা নাই বুলিও ভট্টাচাৰ্যই প্ৰশ্ন কৰে৷ লগতে উক্ত সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ভট্টাচাৰ্যই কয় যে আজমলৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে মন্ত্ৰী শৰ্মাই ভুৱা প্ৰচাৰ চলাইছে । ইপিনে CAA বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰা শিল্পী সকলক চৰকাৰে 18% জি এছ টি লগোৱা কার্যকো তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ মুখপাত্ৰ গৰাকীয়ে ৷

লগতে পঢ়ক - সমগ্ৰ দেশতে বলৱৎ হ’ল ‘‘CAA’’

Intro:কা বিৰোধী প্ৰতিবাদ কৰা বাবেই শিল্পীৰ ওপৰত 18% জি এছ টি লগোৱা হৈছে -- অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

Body:অসম প্ৰদেশ কংগ্ৰেছৰ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত কংগ্ৰেছৰ মুখ্যপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই শনিবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি কয় 'কেন্দ্ৰৰ বিজেপি চৰকাৰে নিশাটোৰ ভিতৰতে একপক্ষীয় সিদ্ধান্ত গ্ৰহণ কৰি এই আইনখন বলৱৎ কৰিছে। কেন্দ্ৰৰ এই সিদ্ধান্তক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো। কা ৰ বিৰূদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। উচ্চতম ন্যায়ালয়ে এই আইনখনৰ সম্পৰ্কত এক সঠিক ৰায় দিব বুলি আমি আশাবাদী। কা বিৰোধী শক্তিক দমন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কৌশল আয়ত্ব কৰি কংনগ্ৰছক পোনপতিয়া আক্ৰমণৰ লক্ষ্য কৰিছে। কা বিৰোধী প্ৰতিবাদী সংগ্ৰামত কংগ্ৰেছ পোনপটীয়াকৈ জড়িত কংগ্ৰেছ দলৰ কৰ্মী সকলক নিৰ্দিষ্টকৈ লক্ষ্য কৰি লৈছে আৰু কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে'।

বিজেপি শাসন কালত ৰাজ্যত পুনৰ গুপ্ত হত্যাৰ দিশে আগবাঢ়িছে। শুকুৰবাৰে ধ্ৰুৱ গগৈক নিজ বাসগৃহৰ পৰা চোচৰাই নি লুকুৱাই ৰাখিছে। এই সম্পৰ্কে ধ্ৰুৱ গগৈৰ পৰিয়ালৰ লোককো খবৰ দিয়া নাই আৰক্ষীয়ে। ছচিয়েল মিডিয়াত কা বিৰোধী প্ৰতিবাদ কৰাৰ বাবে কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। তেনেহলে সংঘাতৰ হৈ উচতনি দিয়া বিধায়ক মৃনাল শইকীয়াক কিয় গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে বুলিও প্ৰশ্ন কৰে ভট্টাচাৰ্যই।

Conclusion:লগতে উক্ত সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ভট্টাচাৰ্য কয় যে আজমলৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে মন্ত্ৰী শৰ্মাই ভুৱা প্ৰচাৰ চলাইছে। কোনোকালে আজমল অসমৰ মুখ্যমন্ত্ৰী হব নোৱাৰে।

কা বিৰোধী প্ৰতিবাদত অংশগ্ৰহণ কৰা শিল্পী সকলক চৰকাৰে 18% জি এছ টি লগোৱা কার্যকো তীব্ৰ ভাষাৰে সমালোচনা কৰে। কা বিৰোধী প্ৰতিবাদত বিজেপি জড়িত। কংগ্ৰেছক সদায় আক্ৰমণ কৰি লোৱা হৈছে।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.