ETV Bharat / state

ৰাজ্যৰ নিযুক্তি সন্দৰ্ভত অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল - press meet

শাসনাধীন চৰকাৰৰ বিৰুদ্ধে বহুতো গুৰুতৰ অভিযোগ উত্থাপন কৰি বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে অসম সংগ্ৰামী মঞ্চই ৷

অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল
অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল
author img

By

Published : Sep 2, 2020, 8:29 PM IST

গুৱাহাটী, 2 চেপ্তেম্বৰ: বুধবাৰে এখন সংবাদমেল সম্বোধন কৰে অসম সংগ্ৰামী মঞ্চই ৷ সংবাদমেলত শাসনাধীন চৰকাৰৰ বিৰুদ্ধে বহুতো গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ৷ ৰাজ্য চৰকাৰে নিযুক্তিৰ বয়সৰ সীমা ৪ বছৰ হ্ৰাস কৰিলে, ৰাজ্যৰ যুৱ-প্ৰজন্মৰ ভৱিষ্যতক লৈ চৰকাৰৰ কাৰ্যসূচী নাই ৷ সংস্থাপনৰ ক্ষেত্ৰত নিবনুৱা যুৱক-যুৱতীক আভুৱা চেষ্টা কৰিছে চৰকাৰখনে ৷ এনে ধৰণৰ কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে সভাপতি গৰাকীয়ে ৷

ৰাজ্যৰ নিযুক্তি সন্দৰ্ভত অসম সংগ্ৰামী মঞ্চৰ সংবাদমেল

বুধবাৰে সংগঠনটোৰ ৰাজগড়স্থিত কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিভাগত কেইবাহাজাৰ পদ খালী হৈ আছে বুলি উল্লেখ কৰে অদীপ কুমাৰ ফুকনে ৷ কিন্তু আজি পৰ্যন্ত সেই সমূহ পূৰণ কৰা নাই বুলি অভিযোগ কৰে তেওঁ ৷ চৰকাৰে পদ সংকোচনৰ নীতিক লৈ এইদৰে পদসমূহ বিলুপ্ত কৰিব বিচাৰে বুলিও তেওঁ উল্লেখ কৰে ৷ ইয়াৰোপৰি বিশেষভাৱে সক্ষম লোক সকলৰ বাবে আনণ্টিত 4 শহস্ৰাধিক পদ আজিও কিয় পূৰণ কৰিব পৰা নাই তেওঁ চৰকাৰক উদ্দেশ্যি প্ৰশ্ন উত্থাপন কৰে ৷ লগতে প্ৰতিটো বিভাগত হৈ যোৱা সাক্ষাৎকাৰৰ বিপৰীতে কিয় আজি পৰ্যন্ত নিযুক্তি নহ'ল বুলিও প্ৰশ্ন কৰে সংগঠনটোৰ কাৰ্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে ৷

লগতে পঢ়ক: বিজেপি চৰকাৰক তুলাধূনা তিনি কংগ্ৰেছ বিধায়কৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.