গুৱাহাটী,১৭ জুন: কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সেনা বাহিনীত চুক্তিভিত্তিত চাকৰিত মকৰল কৰাৰ বাবে গ্ৰহণ কৰা ‘অগ্নিপথ প্ৰকল্প'ক কেন্দ্ৰ কৰি কেইবাখনো ৰাজ্যত অব্যাহত আছে বিক্ষোভ-প্ৰতিবাদী কাৰ্যসূচী (Agneepath Protest) । আগ্নিপথৰ জৰিয়তে সেনা বাহিনীয়ে নিযুক্তি দিবলগীয়া অগ্নিবীৰক লৈ সৃষ্টি হোৱা আইন শৃংখলা পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভাৰতীয় সেনা বাহিনীৰ মেজৰ জেনেৰেল বিকাশ ছাইনিয়ে (Press Conference of Maj Gen Vikas Saini on Agneepath Project ) ।
শুকুৰবাৰে সাতগাঁওস্থিত নাৰেংগী সামৰিক শিবিৰত এক সংবাদ মেল সম্বোধন কৰি সেনা বিষয়াগৰাকীয়ে কয়, আগ্নিপথ প্ৰকল্পৰ বিষয়ে জনতাই ভালকৈ নজনাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে । এই প্ৰকল্পৰ বিষয়ে ভালদৰে জানিলে আজি এনে প্ৰতিবাদ নহ’লহেঁতেন ।
তেওঁ লগতে কয়, কেন্দ্ৰীয় চৰকাৰে অগ্নিপথ প্ৰকল্পৰ জৰিয়তে নিযুক্তি দিবলগীয়া অগ্নিবীৰ হৈছে এটা অভিলাসী প্ৰকল্প (Indian army start Mission Agneepath) । এই প্ৰকল্পৰ জৰিয়তে চাকৰিৰ বাবে হাহাকাৰ কৰি থকা দেশৰ যুৱ প্ৰজন্ম উপকৃত হোৱাৰ লগতে এই আচঁনিৰ জৰিয়তে অৰ্থনৈতিকভাৱেও সচল হ’ব পাৰিব (Govt announces Agneepath recruitment scheme for armed forces) ।
ইয়াৰ লগতে সাধাৰণ সেনা জোৱান আৰু আগ্নিবীৰ সকলৰ মাজত বিশেষ পাৰ্থক্য নাই বুলি উল্লেখ কৰি ভাৰতীয় সেনা বাহিনীৰ মেজৰ জেনেৰেল গৰাকীয়ে চাকৰিৰ কাৰ্যকালত পোৱা প্ৰশিক্ষণে জীৱন গঢ়াত সহায় কৰিব বুলি ব্যক্ত কৰে । অগ্নিবীৰৰ জৰিয়তে এজন সুস্থ, দেশ প্ৰেমিক আৰু শৃংখলাবদ্ধ জীৱন শৈলীৰ মানৱ সম্পদ গঢ় দিব বুলি আশা প্ৰকাশ কৰে মেজৰ জেনেৰেল গৰাকীয়ে ।
কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা অগ্নিপথ প্ৰকল্পৰ ইতিবাচক দিশ সমূহৰ কথা উল্লেখ কৰি সেনা বিষয়াগৰাকীয়ে পুনৰ কয়, ৯০ দিনৰ ভিতৰত এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব আৰু চলিত বৰ্ষৰ ভিতৰত ৪৬ হাজাৰ অগ্নিবীৰক নিযুক্তি দিয়া হ’ব । এই আচঁনিৰ সুবিধা দশম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে গ্ৰহণ কৰিব পাৰিব বুলি সদৰি কৰি চাৰি বছৰীয়া চাকৰিৰ কাৰ্যকাল শেষ হোৱাৰ পাছতো অগ্নীবীৰসকলে লাভ কৰিব পাৰিব আন সেনাৰ দৰে মৃত্যু বা পক্ষাঘাটৰ আন আন সা-সুবিধা ৷
তাৰোপৰি, অগ্নিবীৰসকলৰ চাকৰিৰ কাৰ্যকাল শেষ হোৱাৰ পিছতো দক্ষতাৰ উপৰত ভিত্তি কৰি চাকৰি অব্যাহত ৰাখিব পাৰিব । তাৰোপৰি চাকৰিৰ অন্তত তেওঁলোকে অন্য যিকোনো চাকৰিৰ ক্ষেত্ৰত বিশেষ সুবিধা লাভ কৰিব বুলি জানিবলৈ দিয়ে সেনা বিষয়া গৰাকীয়ে ।
লগতে পঢ়ক: লোহিত এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড