গুৱাহাটী, ১৪ অক্টোবৰ : দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে অসমত উপস্থিত হৈছিল ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (Droupadi Murmu in Assam)৷ বৃহস্পতিবাৰৰ পৰা কেবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ আজি অৰ্থাৎ শুকুৰবাৰে ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে (President Droupadi Murmu at Kalakshetra) ৷
এই অনুষ্ঠানৰ পৰাই ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেলী কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, ৰে'ল মন্ত্ৰালয় আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগ আৰু অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ ৯ টা প্ৰকল্পৰ শুভ উদ্বোধন কৰে । অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে কয় যে, অসম এদিন উন্নত ৰাজ্যলৈ উন্নীত হ’ব । এটা সময় নিশ্চয় আহিব যেতিয়া উন্নত ৰাজ্য হিচাপে দেশ তথা বিশ্বই অসমৰ উদাহৰণ ল’ব ।
উল্লেখ্য যে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰে’ল বিভাগে নিৰ্মাণ কৰিবলীয়া আগিয়াঠুৰীত মডাৰ্ন কাৰ্গো-কাম-কোচিং টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে । লগতে চাহ বাগিচা অঞ্চলত ১০০ খন আদৰ্শ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে । ৩০০০ খন মডেল অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলাও স্থাপন কৰে তেওঁ । ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰ্চুৱেলী চাৰিলেনযুক্ত গহপুৰ-হোলেংগী পথ আৰু দুইলেনযুক্ত শিলচৰ-বদৰপুৰ পথো মুকলি কৰে ।
তদুপৰি তেওঁ ডিব্ৰুগড়-লিডু ৰোড (পেকেজ এক আৰু দুই)ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে শিলচৰত পেট্ৰ’ল মজুত কৰা ভাণ্ডাৰ, নাগালেণ্ডৰ চৌখভিৰ পৰা মেঘালয়ৰ মেন্দী পথাৰলৈকে চলিবলগীয়া এখন ৰে'লৰো শুভ আৰম্ভণি কৰে । সভাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শ্ৰীমন্ত শকংৰদেৱৰ মহান অৱদানৰ কথা সুৱৰি কয় যে, অসমৰ উন্নয়নে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক বিকাশৰ ইঞ্জিন হ’ব পাৰে ।
লগতে পঢ়ক : Draupadi Murmu visited Kamakhya : মা কামাখ্যাৰ আশীষ ল’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুর্মুৱে
তেওঁ কয় যে, অসমৰ পথ পৰিবহণৰ নতুন সংযোগ আৰু উন্নয়নে অসমৰ পৰ্যটন ক্ষেত্ৰখনক নতুন মাত্ৰা দিব । তেওঁ আৰু কয় যে, আন্তঃগাঁথনিৰ উন্নয়ন হ'ল বিকাশৰ মূল আধাৰ । তেওঁৰ মতে শিক্ষা ব্যৱস্থাক শক্তিশালী কৰিবলৈ হ'লে তৃণমূল পৰ্যায়ৰ পৰা শিক্ষা শক্তিশালী কৰিব লাগিব ।
এই অনুষ্ঠানতে ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্যৰ চাহ বাগিচাত বিদ্যালয় নিৰ্মাণৰ বাবে ২৩৪ কোটি টকা খৰচ কৰিছে । তেওঁ কয়, BJP চৰকাৰৰ সময়ত ৰাজ্যৰ চাহ বাগিচাত ৯৭ খন হাইস্কুল নিৰ্মাণ কৰা হৈছে । আকৌ ২২ খন নতুন হাইস্কুল নিৰ্মাণৰ কাম চলি আছে । অহা ২০২৬ চনৰ ভিতৰত ৰাজ্যৰ ১৫ খন চাহ বাগিচাৰ মাজত এখনকৈ কলেজ নিৰ্মাণ কৰা হ’ব ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, অনাগত দিনত অসমত নতুন ৭০০০ টা অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰা হ’ব । অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল জগদীশ মুখীয়ে কয়, আজিৰ দিনটো অসমৰ বাবে এক ঐতিহাসিক দিন । এই দিনটো অসমবাসীয়ে সদায় মনত ৰাখিব ।
ইপিনে অনুষ্ঠানত কেন্দ্ৰীয় পেট্ৰ’লিয়াম ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী কয় যে, শিলচৰত পেট্ৰ’ল মজুত কৰা ভাণ্ডাৰৰ নিৰ্মাণৰ বাবে ৫০২ কোটি টকা খৰচ কৰা হৈছে । ৫৫ একৰ ভূমিত এই ভাণ্ডাৰৰ নিৰ্মাণ কৰা হৈছে । সভাত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বড়া আৰু মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ লগতে আন একাধিক গণ্যমান্য ব্যক্তি উপস্থিত আছিল ।
অনুষ্ঠানৰ পিছতে দুদিনীয়া অসম ভ্ৰমণসূচী সমাপ্ত কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বিয়লি বিশেষ বিমানেৰে দিল্লীলৈ উভতি যায় ৷
লগতে পঢ়ক : Droupadi Murmu in Assam : IIT গুৱাহাটী দেশৰ বাবে গৌৰৱ: দ্ৰৌপদী মুর্মু