ETV Bharat / state

হেল্থ চিটি হাস্পতালত প্ৰাক ভোগালী উৎসৱ

author img

By

Published : Jan 11, 2021, 4:05 PM IST

Updated : Jan 11, 2021, 4:42 PM IST

হেল্থ চিটি হাস্পতালত সোমবাৰে উদযাপন কৰা হয় প্ৰাক ভোগালী উৎসৱ ৷ চিকিৎসাধীন ৰোগী সকলৰ মাজত পিঠা,লাড়ু আদি বিতৰণ কৰি বিহুৰ এক পৰিৱেশ দিয়াৰ উদ্দেশ্যেৰে হাস্পতাল কৰ্তৃপক্ষ আৰু ডা৹ ভৱদাস ফাউণ্ডেচনৰ উদ্যোগত উদযাপন কৰে প্ৰাক ভোগালী উৎসৱ ৷

হেল্থ চিটি হাস্পতালত প্ৰাক ভোগালী উৎসৱ
হেল্থ চিটি হাস্পতালত প্ৰাক ভোগালী উৎসৱ

গুৱাহাটী,11 জানুৱাৰী: মহানগৰীৰ আগশাৰীৰ হাস্পতাল হেল্থ চিটি হাস্পতালত উদযাপন কৰা হয় প্ৰাক ভোগালী উৎসৱ ৷ সোমবাৰে হাস্পতাল কৰ্তৃপক্ষ আৰু ডা৹ ভৱদাস ফাউণ্ডেচনৰ উদ্যোগত চিকিৎসাধীন ৰোগী সকলৰ মাজত উদযাপন কৰে প্ৰাক ভোগালী উৎসৱ ৷ ঘৰৰ পৰা আতৰত হাস্পতালত থকা ৰোগী সকলৰ মাজত পিঠা,লাড়ু আদি বিতৰণ কৰি বিহুৰ এক পৰিৱেশ দিয়াৰ উদ্দেশ্যেৰে এই অনুষ্ঠানৰ আয়োজন কৰে হেল্থ চিটি কৰ্তৃপক্ষই ৷

হেল্থ চিটি হাস্পতালত প্ৰাক ভোগালী উৎসৱ

উল্লেখ্য যে,প্ৰাক ভোগালী উৎসৱত অভিনেত্ৰী মাধুৰীমা চৌধুৰী,কণ্ঠশিল্পী সুৱাসনা দত্ত,ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ সত্যজিত দাস,ওজা সোমনাথ বৰাকে আদি কৰি বহু লোক উপস্থিত থাকে ৷ ইয়াৰ লগতে ৰোগী তথা আত্মীয় সকলক আনন্দ দিয়াৰ বাবে বিহু নৃত্য-গীত আদিও পৰিবেশন কৰে সোমনাথ বৰাই ৷ উল্লেখ্য যে,হাস্পতালখনত চিকিৎসাধীন হৈ থকা দূৰ দূৰণিৰ ৰোগীসকলে যাতে ভোগালীৰ আনন্দ লাভ কৰাৰ লগতে অকলশৰীয়া অনুভৱ নকৰে তাৰবাবে হাস্পতাল কৰ্তৃপক্ষই প্ৰাক ভোগালীৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে হাস্পতালখনৰ ফেচেলিটি মেনেজাৰ পৰাগজ্যোতি দত্তই ৷

লগতে পঢ়ক: স্বৰ্ণ কন্যা হিমা দাসৰ বাসগৃহত সুহাসিনী শেখাৱত

Last Updated : Jan 11, 2021, 4:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.