ETV Bharat / state

Pragjyotishpur Literary Festival : ঐতিহ্য-পৰম্পৰাৰ অন্বেষণৰ লক্ষ্যৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 9:17 PM IST

অহা ২৯ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ আৰু সাহিত্য সভা ভৱনত আয়োজন কৰা হৈছে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ ।

Pragjyotishpur Literary Festival
ঐতিহ্য-পৰম্পৰাৰ অন্বেষণৰ লক্ষ্যৰে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত অহা ২৯ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ আৰু সাহিত্য সভা ভৱনত আয়োজন কৰা হৈছে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ । মূল বক্তৃতা, পেনেল আলোচনা, সৃষ্টিশীল লেখাৰ ওপৰত কৰ্মশালা, প্ৰাইজ মানি কুইজ, বহুভাষিক কবিতা অধিবেশন, কিতাপ উন্মোচনৰ দৰে বিভিন্ন কাৰ্যসূচীৰ সমাহাৰ ঘটিবলগীয়া এই সাহিত্য উৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাজনো আগশাৰীৰ লেখক একত্ৰিত হ'ব।

সাহিত্য উৎসৱত সাহিত্যৰ জৰিয়তে পৰম্পৰাৰ অন্বেষণ, আঞ্চলিক ভাৰতীয় সাহিত্য আৰু অনুবাদ, সমসাময়িক প্ৰকৃতি সাহিত্য, চিনেমাৰ লেন্সত অসম ইত্যাদি বিষয়ত আলোচনা হ'ব। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ লেখকসকলে পেনেলিষ্ট হিচাপে এইবোৰৰ বিষয়ে আলোচনা কৰিব। পেনেল আলোচনাৰ উপৰিও ড৹ পংকজ চতুৰ্বেদীৰ দৰে প্ৰখ্যাত কবি, সাহিত্যিকৰ সৈতে অন্তৰংগ আলোচনাও অনুষ্ঠিত হ'ব।নেচনেল বুক ট্ৰাষ্টৰ অধ্যক্ষ, তথা বিশিষ্ট সাহিত্যিক-সমালোচক মিলিন্দ সুধাকৰ মাৰাথে উদ্বোধনী অধিবেশনত মুখ্য অতিথি হিচাপে আৰু পদ্মশ্ৰী সন্মানেৰে বিভূষিত, সাহিত্যিক লিল বাহাদুৰ চেত্ৰী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। উদ্বোধনী অনুষ্ঠানৰ অন্যতম প্ৰধান আকৰ্ষণ হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্পষ্টবাদী সাংবাদিক ৰুবিকা লিয়াকট।

ওড়িশাৰ সুভাস চন্দ্ৰ সতপথী আৰু গোৱাৰ ড৹ ভূষণ ভাৱেৰ দৰে বঁটা বিজয়ী লেখক আৰু সমালোচকে প্ৰাসংগিক বিষয় আৰু আলোচনাৰ ওপৰত বিভিন্ন অধিবেশনত বক্তব্য আগবঢ়াব। তদুপৰি অসমৰ সাহিত্যিক, সংবাদ মাধ্যম আৰু চলচ্চিত্ৰ জগতৰ ব্যক্তিসকলেও মডাৰেটৰ আৰু বক্তা হিচাপে বিভিন্ন অনুষ্ঠানত অংশ ল’ব। এই সাহিত্য উৎসৱত ভাৰতৰ ইতিহাস আৰু সংস্কৃতিৰ ওপৰত একাদশ শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰাইজ মানি কুইজৰো আয়োজন কৰা হৈছে। বিশিষ্ট লেখক তথা বক্তা অতনু ভট্টাচাৰ্যই স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সৃষ্টিশীল লেখাৰ ওপৰত এক কৰ্মশালাও পৰিচালনা কৰিব।

লগতে এই অনুষ্ঠানত বিভিন্ন ধাৰাৰ কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হ’ব। আন এক আকৰ্ষণীয় অনুষ্ঠান হ’ব বহুভাষিক কবিতা অধিবেশন য’ত অসমৰ বিভিন্ন ভাষাৰ কবিসকলে স্বৰচিত কবিতা আবৃত্তি কৰি শ্ৰোতাক আপ্লুত কৰিব। প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ ফালৰ পৰা দুগৰাকী বিশিষ্ট সাহিত্যিকক দুটাকৈ বঁটা প্ৰদানৰ কথাও ঘোষণা কৰা হৈছে।

এই বঁটা দুটা শিতানত প্ৰদান কৰা হ’ব- এটা চল্লিশ বছৰ বয়ষৰ উৰ্ধ্বৰ জ্যেষ্ঠ সাহিত্যিকৰ বাবে আৰু আনটো চল্লিশ বছৰ বয়ষৰ অনুৰ্ধ্বৰ উদীয়মান সাহিত্যিকৰ বাবে। এইবাৰৰ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ মূল বিষয়বস্তু হৈছে- "শিপাৰ সন্ধান"।

অৰ্থাৎ ভাৰতৰ পুৰাতন সাহিত্য, সংস্কৃতি আৰু পৰম্পৰাৰ যি ঐতিহ্য, আমাৰ সেই শক্তিশালী শিপাৰ প্ৰতি নতুন প্ৰজন্মৰ আনুগত্য বৃদ্ধি কৰা । আমাৰ ঐতিহ্যৰ গুৰুত্ব যাতে নৱ প্ৰজন্মই বুজি পায়। সাহিত্য উৎসৱৰ লক্ষ্য হৈছে, আলোচনা আৰু চিন্তা-ধাৰণাৰ বিনিময়ৰ মাধ্যমেৰে এক পৰিৱেশ সৃষ্টি কৰা য'ত ভাৰতৰ বৈচিত্ৰ্য আৰু ঐক্যৰ ধাৰাবাহিক আলোচনা, অন্তৰংগ কথোপকথন, নতুন ধাৰণাৰ বিনিময়, সাহিত্য পাঠ, আবৃত্তি আৰু প্ৰতিযোগিতাৰ জৰিয়তে এই অনন্য মহোৎসৱে যুৱ লেখক-পাঠকসকলক সাহিত্যৰ জৰিয়তে নিজৰ সভ্যতাৰ শিপাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সংগঠিত কৰিব বুলি আশা কৰা হৈছে।

প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ আয়োজক সমিতিৰ সভাপতি অসমৰ বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু বিশিষ্ট পৰিবেশবিদ, প্ৰকৃতি সাহিত্যিক সৌম্যদীপ দত্ত সমিতিৰ কাৰ্যকৰী সভাপতি। উপদেষ্টা হিচাপে থকা বিশিষ্ট ব্যক্তিসকল ক্ৰমে ধীৰেণ শৰ্মা, অধ্যাপক স্মৃতি কৃষ্ণ সিনহা, মঞ্জু বৰা, ড৹ জগদীন্দ্ৰ ৰায় চৌধুৰী, সুশীল কুৰ্মি, নিৰঞ্জন কলিতা, পৰমেশ দত্ত, ড৹ জয়ন্ত শৰ্মা, ভৱানী প্ৰসাদ অধিকাৰী, অনুৰাধা শৰ্মা পূজাৰী আৰু ৰুক্ম গোহাঁই।

ইফালে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়, হনুমানবাক্স সুৰজমল কানৈ মহাবিদ্যালয়, ডিব্ৰুগড়, ধেমাজি বালিকা মহাবিদ্যালয়, ধেমাজি, উত্তৰ লখিমপুৰ মহাবিদ্যালয় আদিত সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি এলানি প্ৰাৰম্ভিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে য'ত সাহিত্য আৰু এনে উৎসৱৰ গুৰুত্বৰ ওপৰত এক সুস্থ আলোচনা কৰা হয়। ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলে আবৃত্তি, বক্তৃতা, কিতাপ পঢ়া আদি কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে।

আগ্ৰহী জনসাধাৰণৰ বাবে অধিবেশনৰ সকলো কাৰ্যসূচীত অংশগ্ৰহণ বিনামূলীয়া। কুইজ আৰু কৰ্মশালাৰ বাবে বিনামূলীয়া অনলাইন পঞ্জীয়ন মুকলি কৰা হৈছে। প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ সবিশেষ ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবৰ দৰে ছ’চিয়েল নেটৱৰ্কিং চাইটতো উপলব্ধ।

লগতে পঢ়ক: 575th Birth anniversary of Sankardev: বেলতলাত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৰ্বিভাৱ মহোৎসৱ উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.