ETV Bharat / state

Municipal election 2022: কংগ্ৰেছৰ প্ৰাৰ্থীক ভাবুকি দিয়াৰ অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ - পৌৰ নিৰ্বাচন 2022

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ ভয়-ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে পৌৰসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী (BJP threatening Congress candidates) ৷ এই ক্ষেত্ৰত আৰক্ষীৰ কাষ চাপিলেও গ্ৰহণ কৰা নাই ব্যৱস্থা ৷ এনে বহু অভিযোগ উত্থাপন কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷

Municipal election 2022
কংগ্ৰেছৰ প্ৰাৰ্থীক ভাবুকি দিয়াৰ অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ
author img

By

Published : Feb 24, 2022, 5:13 PM IST

গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী: পৌৰ নিৰ্বাচন(Municipal election 2022)ত কংগ্ৰেছে সক্ৰিয়ভাৱে অংশ গ্ৰহণ কৰিছে । ঠায়ে ঠায়ে স্থানীয় পৰ্যায়ত মনে মিলা দলৰ লগত মিত্ৰতা কৰা হৈছে । বিশেষকৈ অসম জাতীয় পৰিষদৰ লগত মিত্ৰতা কৰা হৈছে । এই মন্তব্য কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ।

বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদগৰকীয়ে কয় যে, পৌৰ নিৰ্বাচনত কংগ্ৰেছৰ তৰফৰ পৰা প্ৰাৰ্থী দিয়া হৈছে । পৌৰ নিৰ্বাচনত ভাল ফল দেখুৱাবৰ বাবে কাম কৰি থকা হৈছে ৷ লগতে তেওঁ কয় যে, ঠায়ে ঠায়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলে শাসকীয় দলৰ ভয়-ভাবুকিৰ সন্মুখীন হ'বলগীয়া হৈছে (BJP threatening Congress candidates)।

কংগ্ৰেছৰ প্ৰাৰ্থীক ভাবুকি দিয়াৰ অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ

লামডিঙৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে, লামডিঙত মিশ্ৰ উপাধিৰ এজন লোকৰ নেতৃত্বত ডেৰশ-দুশজনীয়া এটা গুণ্ডাবাহিনীৰ দলে কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ঘৰত প্ৰৱেশ কৰি ভাবুকি দিছে । এই সন্দৰ্ভত এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ তেওঁ কয় যে, মিশ্ৰ নামৰ লোকজন ৰে'লৱেৰ সকলো অবৈধ কাম কৰাৰ লগতে ডিজেল চুৰি আৰু জুৱা খেল চলায় । সাংসদগৰাকীয়ে লগতে কয় যে, কংগ্ৰেছৰ মহিলা প্ৰাৰ্থীসকলক বিশেষভাৱে ভয়-ভাবুকি প্ৰদান কৰা হৈছে আৰু যাৰবাবে দুই-এক প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰিবলগীয়া হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে ভয়-ভাবুকিৰে সন্ত্ৰাস চলোৱা হৈছে যদিও কংগ্ৰেছে যুঁজ দি যাব বুলি তেওঁ কয় ।

লগতে পঢ়ক: কংগ্ৰেছ এতিয়া ফুটবলৰ কীপাৰবিহীন গ'লপোষ্ট !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.