গুৱাহাটী, 20 জানুৱাৰী : বুধবাৰে নিজৰ জন্মদিন উপলক্ষে অসম ৰাজ্যিক চিৰিয়াখানত উপস্থিত হৈ গছপুলি ৰোপণ কৰিলে আবকাৰী, পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ গছপুলি ৰোপণৰ অন্তত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ অসমৰ ৰাজ্যিক পক্ষী দেওহাঁহ লাহে লাহে হ্ৰাস পাইছে ৷ সেয়ে পুনৰ দেওহাঁহ অসমত বৃদ্ধি কৰিবৰ বাবে চেক গণৰাজ্যৰ পৰা দুটাকৈ দেওহাঁহ অনা হ‘ব ৷ আগন্তুক ২৪ ফেব্ৰুৱাৰীত দেওহাঁহ দুটা ভাৰত পাবহি বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক: তিনিবছৰলৈ বাহাল থাকিব অগপৰ নৱগঠিত সমিতিৰ কাৰ্যকাল