ETV Bharat / state

Pollution in Assam: প্ৰতিকূল বতৰৰ বাবে দীপাৱলীত হ্ৰাস পালে প্ৰদূষণ

author img

By

Published : Oct 27, 2022, 7:47 PM IST

নেৰানেপেৰা বৰষুণৰ বাবে (Heavy rain in Assam) এইবাৰ ৰাজ্যবাসীয়ে ফটকা-আতচবাজীৰে ভালদৰে দীপাৱলী উপভোগ কৰিব নোৱাৰিলে। প্রতিকূল বতৰৰ বাবে এইবাৰৰ দীপাৱলীত তুলনামূলকভাৱে হ্রাস পালে শব্দ প্ৰদূষণৰ মাত্ৰা। গুৱাহাটীৰ তিনিটা কেন্দ্ৰৰ জৰিয়তে চলোৱা জৰীপত চানমাৰি, গনেশগুৰি, উলুবাৰী আৰু পানবজাৰত ধৰা পৰে কিছু শব্দ প্ৰদূষণ ।

Pollution in Assam
প্ৰতিকূল বতৰৰ বাবে দীপাৱলীত হ্ৰাস পালে শব্দ প্ৰদূষণ

গুৱাহাটী,২৭ অক্টোবৰ: প্ৰতিকূল বতৰৰ বাবে এইবাৰ ম্লান পৰিল পোহৰৰ উৎসৱ দীপাৱলী (Diwali 2022 in Assam)। অৱশ্যে বেয়া বতৰৰ বাবে এইবাৰ প্ৰকৃতিয়ে কিছু সকাহ পালে । তুলনামূলকভাৱে এইবাৰ দীপাৱলীত প্ৰদূষণৰ মাত্রা কিছু হ্ৰাস হ'ল (Reduction of pollution levels in Assam) । নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যবাসীয়ে এইবাৰৰ দেৱালী ফটকা-আতচবাজীৰে ভালদৰে উপভোগৰ পৰা বঞ্চিত হ’ল ।

ৰাজ্যবাসীয়ে দীপাৱলীৰ আনন্দ উপভোগৰ পৰা বঞ্চিত হ’লেও কাল ধুমুহা চিত্ৰাঙে (Chitrang Storm) যেন জলবায়ু তথা পৰিৱেশৰ প্ৰতি আশাৰ বতৰা কঢ়িয়াই আনিলে । চিত্রাঙৰ ফলত প্রতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ দীপাৱলীত তুলনামূলকভাৱে হ্রাস পালে শব্দ প্ৰদূষণৰ (Reduction of Noise pollution in Assam) মাত্ৰা । বৰষুণৰ বাবে ফটকা ,আতচবাজী ব্যৱহাৰ কম হোৱাৰ বাবেই শব্দ তথা বায়ু প্ৰদূষণ হ্রাস পোৱা দেখা গ'ল ।

অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ (Assam State Pollution Control Board) কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি দীপাৱলীৰ প্ৰথম দিনটো অৰ্থাৎ সোমবাৰে প্ৰতিকূল বতৰৰ বাবে শব্দ প্ৰদূষণৰ কোনো পৰীক্ষা কৰিব পৰা নগ'ল । অৱশ্যে মঙলবাৰে বতৰ কিছু ফৰকাল হোৱাত গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাইজে কিছু ফটকা-আতচবাজী ব্যৱহাৰ কৰা পৰিলক্ষিত হয় । অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বিশেষকৈ গুৱাহাটীৰ তিনিটা কেন্দ্ৰৰ জৰিয়তে চলোৱা জৰীপত চানমাৰি, গনেশগুৰি, উলুবাৰী আৰু পানবজাৰত কিছু শব্দ প্ৰদূষণৰ মাত্ৰা ধৰা পেলায় ।

নীৰৱ জ’ন (Silent Zone) হিচাপে চিহ্নিত পানবজাৰত পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ সচৰাচৰ শব্দৰ সর্বোচ্চ প্ৰাৱল্য হ’ব লাগে ৫০ ডেচিবেল । কিন্তু মঙলবাৰে নিশা ৮-৯ বজাৰ ভিতৰত পানবজাৰত শব্দৰ প্রাৱল্যই স্পৰ্শ কৰিছিল ৮১.৩ ডেচিবেল । অথচ দীপাৱলীৰ পূৰ্বে পানবজাৰৰ নিয়মীয়া শব্দৰ প্রাৱল্য আছিল ৬০.৯ ডেচিবেল । একেদৰে বাণিজ্যিক জ’ন গণেশগুৰিত নিৰ্ধাৰিত শব্দৰ প্রাবল্য হ’ব লাগে সর্বাধিক ৬৫ ডেচিবেল । কিন্তু এইবাৰ দীপাৱলীত গণেশগুৰিতো শব্দৰ প্রাবল্য ৭৭.৮ ডেচিবেললৈ বৃদ্ধি পায় ।

Pollution in Assam
প্ৰতিকূল বতৰৰ বাবে দীপাৱলীত হ্ৰাস পালে শব্দ প্ৰদূষণপ্ৰতিকূল বতৰৰ বাবে দীপাৱলীত হ্ৰাস পালে শব্দ প্ৰদূষণ

আনহাতে, আৱাসিক অঞ্চলত শব্দৰ প্রাবল্য ৫৫ ডেচিবেল হ’ব লাগে যদিও গুৱাহাটীৰ অন্যতম আৱাসিক অঞ্চল উলুবাৰীত শব্দৰ প্রাবল্যই ৭৭.৩ ডেচিবেল স্পর্শ কৰে । অৱশ্যে পূৰ্বৰ তুলনাত এইবাৰ দীপাৱলীত শব্দ প্ৰদূষণৰ মাত্রা কিছু হ্ৰাস পাইছে । ইফালে, উদ্বেগজনক কথাটো হৈছে প্ৰতিকূল বতৰৰ পাছতো দীপাৱলীত বায়ু প্ৰদূষণৰ মাত্রা বিশেষ (AIr pollution not decreased) হ্রাস পোৱা দেখা নগ'ল । প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ তথ্য মতে, মহানগৰীৰ বামুণীমৈদামত এয়াৰ কোৱালিটী ইনডেক্স অর্থাৎ বায়ুৰ মান সূচক ‘অতি নিম্ন’ হিচাপে চিহ্নিত কৰে । কিন্তু বামুণীমৈদামৰ বিপৰীতে আই আই টি গুৱাহাটীত (IIT Guwahati) দীপাৱলীয়ে বায়ু প্ৰদূষণত বিশেষ কোনো প্রভাৱ পেলোৱা দেখা নগ'ল ।

কেৱল গুৱাহাটীয়েই নহয় ৰাজ্যৰ আন আন চহৰসমূহৰ লগতে দেশৰ কেইবাখনো ৰাজ্যত তুলনামূলকভাৱে এইবাৰ দীপাৱলীত প্ৰদূষণৰ মাত্রা হ্রাস পাইছে । চাইক্লন চিত্রাঙৰ বাবে তুলনামূলকভাৱে গুৱাহাটীৰ লগতে ৰাজ্যত এইবাৰ শব্দ তথা বায়ু প্ৰদূষণৰ মাত্রা হ্রাস পালেও ৰাইজক প্ৰদূষণৰ প্ৰতি সজাগ হ’বলৈ আহ্বান জনাইছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ বিজ্ঞানীসকলে ।

পৰিৱেশ বিজ্ঞানীসকলৰ মতে (Environmental scientists), বৰ্তমান সময়ত মানুহেই এতিয়া মানৱজাতিৰ প্ৰধান শত্ৰু হৈ পৰিছে । প্ৰদূষণৰ ফলত হোৱা জলবায়ু পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিততে সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাইছে । ফলত সাগৰ পৃষ্ঠৰ উপৰিভাগত থকা বতাহে নিম্ন চাপৰ সৃষ্টি কৰি ঘূর্ণীবতাহলৈ পৰিৱৰ্তন হৈছে । এক কথাত প্ৰদূষণৰ বাবেই ৰুষ্ট হৈ পৰিছে প্রকৃতি । পূৰ্বতে ৪-৫ বছৰৰ মূৰত ঘূর্ণীবতাহ হৈছিল যদিও এতিয়া প্ৰদূষণৰ বাবে এটা বছৰতে ৪-৫ বাৰকৈ ঘূর্ণীবতাহৰ প্ৰকোপ সহ্য কৰিবলগীয়া হৈছে । এটা কথা ঠিক যে মানুহ নিজে সজাগ নহলে পৰিৱেশৰ প্ৰতি ভাবুকি আহিলে মানুহো সাৰি যাব নোৱাৰিব ।

লগতে পঢ়ক:Lakhipur College students union election : লক্ষীপুৰ মহাবিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰিক উত্তেজনা, আৰক্ষীৰ প্ৰহাৰত আহত ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.