গুৱাহাটী, 19 মার্চ : অসম বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ সম্প্ৰতি ব্যাপক প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৰাজনৈতিক দলসমূহে ৷ অসমৰ আকাশত উৰিবলৈ ধৰিছে ইখনৰ পাছত সিখনকৈ হেলিকপ্টাৰ ৷ দিশপুৰৰ গাদী দখলৰ বাবে প্রতিটো ৰাজনৈতিক দলেই এইবাৰ হেলিকপ্টাৰেৰে চমক সৃষ্টি কৰি প্ৰচাৰৰ নামত বৃহৎ অংকৰ ধন ব্যয় কৰা পৰিলক্ষিত হৈছে ৷ মহানগৰীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰলৈ গ'লেই তাৰ প্ৰমাণ পোৱা যায় ৷
কি বিজেপি, কি কংগ্ৰেছ, প্ৰতিটো ৰাজনৈতিক দলেই ব্যয়বহুল হেলিকপ্টাৰেৰে ব্যাপক প্ৰচাৰ অভিযান চলোৱা দেখা গৈছে ৷ হেলিকপ্টাৰেৰে চমক সৃষ্টি কৰাৰ প্ৰতিযোগিতাত পিছ হুহুকি ৰোৱা নাই কিছুদিন পূৰ্বে গঠন হোৱা তথা ৰাইজৰ সাহাৰ্যত পুঁজি গঠন কৰা অসম জাতীয় পৰিষদ ৷ অৱশ্যে আন ৰাজনৈতিক দলৰ তুলনাত হেলিকপ্টাৰ লৈ প্ৰচাৰ চলােৱাৰ ক্ষেত্ৰত শীৰ্ষত আছে বিজেপি ।
সৰ্বমুঠ 10 খন হেলিকপ্টাৰৰ ভিতৰত শাসকীয় বিজেপি আৰু অগপ মিত্রজোঁটে মুঠ পাঁচ খন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ, এআইইউডিএফ, বিপিএফৰ মহাজোঁটে ব্যৱহাৰ কৰিছে আন পাঁচখন হেলিকপ্টাৰ ৷ বিজেপিয়ে চাৰিখন হেলিকপ্টাৰ আৰু মিত্র দল অগপই এখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে ৷
বিজেপিয়ে ব্যৱহাৰ কৰা হেলিকপ্টাৰৰ এখন মুখ্যমন্ত্রী সর্বানন্দ সােণােৱাল, এখন মন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা, এখন ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ বাবে আৰু এখন অসমৰ নির্বাচনী পর্যবেক্ষক নৰেন্দ্র সিং টোমৰ আৰু ৰাজ্যৰ পর্যবেক্ষকৰ দায়িত্বত থকা বৈজয়ন্ত পাণ্ডাৰ ৷ আনহাতে, বিৰােধী মহাজোঁটে ব্যৱহাৰ কৰা পাঁচখন হেলিকপ্টাৰৰ ভিতৰত তিনিখন হেলিকপ্টাৰ ব্যৱহাৰ কৰিব প্রধান বিৰােধী দল কংগ্ৰেছে আৰু বাকী দুখন মহাজোঁটৰ অংশীদাৰী দল এআইডিইউএফ আৰু বিপিএফে ৷
নিৰ্বাচনী প্ৰচাৰৰ নামত 10 খনকৈ হেলিকপ্টাৰে অসমৰ আকাশ-বতাহ কঁপাই তোলা প্রতিখন ছিংগল ইঞ্জিনৰ হেলিকপ্টাৰৰ ভাৰা প্রতি ঘণ্টাত 1.5 লাখৰ পৰা 2 লাখ পৰ্যন্ত আৰু ডাবল ইঞ্জিনৰ হেলিকপ্টাৰৰ ভাৰা প্রতি ঘণ্টাত 2.5 লাখৰ পৰা 3 লাখ টকা। পিছে লাখ লাখ টকা ব্যয় কৰি নিৰ্বাচনী প্ৰচাৰে কাক কিমান লাভান্বিত কৰিব সেয়া 2 মে'ৰ ফলাফলেহে ক'ব ৷
লগত পঢ়ক: ২০১৬ ৰ পুনৰাবৃত্তি ঘটিব পাৰে সংখ্যালঘু অধ্যুষিত কেইবাটাও সমষ্টিত